কিয় ভাঙিল গুজৰাটৰ দলংখন?

কোনে কৰিছিল অত্যাচাৰ? পঢ়ক,এই কাহিনী !

আহমেদাবাদ নিবাসী বিজয় গোস্বামী তেওঁৰ পৰিয়ালক লৈ দেওবাৰে গৈছিল ম’ৰবী দলঙলৈ।সেয়া আছিল দুপৰীয়াৰ কথা।দলংখনৰ মাজলৈকে গৈ তেওঁ তেওঁৰ পৰিয়ালক লৈ উভতি আহিছিল।কাৰণ তেওঁলোক যেতিয়া দলঙৰ মাজ পাইছিলগৈ সেই সময়তে কিছু যুৱকে ওলমা দলংখন জোকাৰি দিছিল।ভয়ত বিতত পৰিয়ালটো তাৰ পৰা আধাতেই নামি আহিছিল ।কেইঘণ্টামানৰ পিছত তেওঁলোকে ভৱাটোৱে হ’ল। সন্ধিয়া ৬-৩০ বজাত সংঘটিত হ’ল সেই ভয়ংকৰ ঘটনাটো। এতিয়ালৈকে ১৫০ ৰৰো অধিক লোকে প্ৰাণ হেৰুৱাইছে।“আমি যেতিয়া দলঙৰ মাজ পাইছিলোগৈ তেতিয়া বিৰ দি বাট নোপোৱা ভিৰ আছিল দলংখনত। আমাৰ পৰিয়াল দলঙৰ মাজ পাওঁতে কিছু উদণ্ড ল’ৰাই এনেকৈ দলংখন জোকাৰিছিল যে আমি তাত ঠিয় হৈ থাকিব পৰা নাছিলোঁ। মোৰ তেতিয়া এনে লাগিছিল যে যিকোনো মুৰ্হুততে হয়তো ভয়ংকৰ বিপদ হ’ব পাৰে।সেয়ে আমি উভতি আহিছিলোঁ”-এনেদৰে কয় গোস্বামীয়ে।“আনকি সেই স্থান এৰাৰ আগে আগে মই কৰ্তব্যত নিয়োজিত লোকসকলক সাম্ভাৱ্য বিপদৰ বিষয়ে সকীয়াইছিলোঁ।কিন্তু তেওঁলোকে কেৱল টিকেট বিক্ৰীতহে গুৰুত্ব দি আছিল আৰু কৈছিল যে তেওঁলোকৰ হাতত সমবেত লোকক নিয়ন্ত্ৰণ কৰাৰ কোনো উপায় নাই । তাৰ কেইঘণ্টামানৰ পিছতে দুৰ্ভাগ্যজনক ঘটনাটো ঘটিল”- এনেদৰে কয় গোস্বামীয়ে। ঘটনাটোত পিতৃমাতৃ সন্ধানহীন হোৱা এজন ১০ বছৰীয়া ল’ৰাই কয় “ দলংখন ভগাৰ সময়ত বহুত মানুহ আছিল দলংখনৰ ওপৰত। মই এডাল ওলমি থকা ৰছীত উঠি নিজকে ৰক্ষা কৰিলোঁ কিন্তু এতিয়াও মোৰ মা-দেউতাৰ সন্ধান নাই।”
এগৰাকী স্থানীয় বাসিন্দাই কয় “ তাত সেই সময়ত প্ৰায় ৩০০লোক আছিল।দেৱালীৰ বন্ধ উপভোগ কৰিবলৈ অহা সময়তে এই ঘটনাটো সংঘটিত হয়।সেয়ে উক্ত ঘটনাটোত ছাত্ৰছাত্ৰী অধিক আক্ৰান্ত হৈছে।স্থানীয় লোকসকল ঘটনাটো সংঘটিত হোৱাৰ পিছতে তাত উপস্থিত হৈ উদ্ধাৰকাৰ্যত জড়িত হৈছে।”কালিৰ এই ঘটনাই ১৯৭৯ চনৰ চনত ম’ৰবী উপকূলত হোৱা ভয়ংকৰ বানৰ ঘটনাক সোঁৱৰাই দিছে।উক্ত বানত প্ৰায় কেইবাহাজৰ লোকে মৃত্যুক সাৱটিছিল।

#bridgegujrat
Comments (0)
Add Comment