কৃষ্ণ জন্মাষ্টমীৰ দিনটোত হিন্দু-মুছলমানৰ সম্প্ৰীতিৰে জিলিকি উঠিল অগ্নিগৰ্ভা কাশ্মীৰ

সোমবাৰে সমগ্ৰ দেশতে ধুমধামেৰে উদযাপন কৰা হ’ল শ্ৰী কৃষ্ণৰ জন্মোৎসৱ। জম্মু আৰু কাশ্মীৰৰ জনতাইয়ো উলহ মালহেৰে পালন কৰিলে জন্মাষ্টমী। কিন্তু আকৰ্ষণীয় কথাটো হ’ল যে ৩২ বছৰৰ পিছত আজি এসময়ত সন্ত্ৰাসবাদৰ দুৰ্গ হিচাপে গণ্য কৰা উত্তৰ কাশ্মীৰৰ হান্দৱাৰাত উদযাপন কৰা হয় জন্মাষ্টমী উৎসৱ।
জন্মাষ্টমীৰ দিনটোত বহু সংখ্যক কাশ্মীৰী পণ্ডিতক ৰঙা আৰু গেৰুৱা পতাকা উৰুৱাই থকা দেখা গৈছিল। কাশ্মীৰী পণ্ডিতসকলে জন্মাষ্টমী উদযাপন কৰিবলৈ হান্দৱাৰা চহৰৰ পৰা যাত্ৰা কৰিছিল। কেৱল সেয়াই নহয় প্ৰথমবাৰৰ বাবে জন্মাষ্টমী উপলক্ষে হিন্দু-মুছলমান ভাতৃত্ববোধৰ এখন বিশেষ প্ৰতিচ্ছবিও দেখা গৈছিল কাশ্মীৰৰ ৰাজপথত। পণ্ডিতসকলে চহৰখনত এটা শোভাযাত্ৰা উলিয়াইছিল য’ত মুছলমান আৰু হিন্দু উভয়ে একেলগে অংশগ্ৰহণ কৰিছিল।

kashmirthecrosscurrent
Comments (0)
Add Comment