পুৰুষৰ হাই জাম্প (টি৬৪) ফাইনেলত ৰূপৰ পদক লাভ কৰিলে ভাৰতৰ প্ৰবীণ কুমাৰে। শুক্ৰবাৰে ২.০৭ মিটাৰ জাম্পৰ সৈতে নতুন এছিয়ান অভিলেখ গঢ়ি প্ৰবীণ কুমাৰৰ পেৰালিম্পিকত ভাৰতৰ পদকৰ সংখ্যা ১১ টালৈ বৃদ্ধি কৰিলে।
১৮ বছৰীয়া কুমাৰে প্ৰথমবাৰৰ বাবে পেৰালিম্পিকত প্ৰতিদ্বন্দিতা কৰি ২.০৭ মিটাৰ জাম্পেৰে নতুন এছিয়ান অভিলেখ গঢ়ি গ্ৰেট ব্ৰিটেইনৰ জনাথন ব্ৰুম-এডৱাৰ্ডছৰ পিছতে নিজৰ স্থান সুনিশ্চিত কৰে। প্ৰবীণৰ দুৰ্বলতা জন্মগত । প্ৰবীণৰ কঁকালক বাওঁ ভৰিৰ সৈতে সংযোগ কৰা হাড়বোৰত গুৰুতৰ সমস্যা আছে।