৩ সন্ত্ৰাসবাদী নিহত

জম্মুত বুধবাৰে পুৱা আৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত এক সংঘৰ্ষত অতি কমেও ৩ টা সন্ত্ৰাসবাদী নিহত হৈছে।জম্মুৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান মুকেশ সিঙে কয়”এখন ট্ৰাক সন্দেহজনকভাৱে অহাযোৱা কৰি থকাটো আমাৰ চকুত পৰিছিল।তালাচী চকীত আৰক্ষীয়ে ট্ৰাকখন ৰখাইছিল।নিৰাপত্তাৰক্ষীৰ দলটোৱে তালাচী অভিযান চলাই থকাৰ সময়ত ট্ৰাকখনত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদী কেইটাই নিৰাপত্তাৰক্ষীক উদ্দেশ্যি যধেমধে গুলীওৱা আৰম্ভ কৰে৷অৱশ্যে নিৰাপত্তাৰক্ষীয়ে সন্ত্ৰাসবাদী কেইটাৰ ওপৰত চলোৱা গুলীবৰ্ষণত থিতাতে নিহত হয় সন্ত্ৰাসবাদী কেইটা ”অৱশ্যে সন্ত্ৰাসবাদী কেইটা নিহত হ’ল যদিও ট্ৰাকচালক জনে ঘটনাস্থলীৰ পৰা পলাবলৈ সক্ষম হয়।বৰ্তমান ট্ৰাকচালকক বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Comments (0)
Add Comment