ত্ৰিপুৰাত বিজেপিৰ বৃহৎ জয়ঃ আনন্দিত হিমন্ত বিশ্ব শৰ্মা

ত্ৰিপুৰা পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি দলে মুঠ ২২২ খন আসনৰ ভিতৰত ২১৭ খন আসন লাভ কৰি নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰিছে। এই ক্ষেত্ৰত সমুখৰ পৰা দল টোক নেতৃত্ব দিয়া বিপ্লৱ কুমাৰ দেৱক অভিনন্দন জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শৰ্মাই লিখিছে যে এইয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বৰ প্ৰতি জনসমৰ্থনৰ আন এক প্ৰমাণ।

biplabdevthecrosscurrent
Comments (0)
Add Comment