বিদ্যাছিং লেকথেৰ মৃত্যু নে পৰিকল্পিত হত্যাকাণ্ড?

বিদ্যাছিং লেকথেৰ মৃত্যু সন্দৰ্ভত বিস্ফোৰক তথ্য ফাদিল হৈছে গৃহৰক্ষী বাহিনীৰ সংবাদমেলত। চৰকাৰ-প্ৰশাসনৰ হেমাহিৰ বাবেই মৃত্যু নেকি বিদ্যাসিং লেকথেৰ ? মৃত্যুৰ কিছুদিন পূৰ্বে এক সংবাদমেল সম্বোধন কৰিছিল গৃহৰক্ষী বাহিনীৰ জোৱানে। স্থানীয় কাৰ্বি পৰ্টেলসমূহ উপস্থিত আছিল সংবাদমেলখনত। সংবাদমেলত সাংবাদিকক সম্বোধন কৰি বিদ্যাছিং লেকথেই দিয়া অভিযোগবোৰ শুনিলেই গা শিয়ঁৰি উঠিব আপোনাৰ। কাৰ্বি ভাষাত কৈ যোৱা কথাবোৰৰ অনুবাদ শুনিলে আপুনিও হ’ব হতবাক ।চৰকাৰ-প্ৰশাসনে সকলো জানিও কৰিছিল নেকি আওকাণ-এনে প্ৰশ্নই দোলা দিব আপোনাৰ মনত? প্ৰায়ে হেনো সীমান্তৰ খাচী লোকে প্ৰাণে মৰাৰ ভাবুকি দিছিল বনকৰ্মীক !
‘মুক্র’ অঞ্চলত চলিছিল চোৰাং ম’হ আৰু কাঠৰ ব্যৱসায়’

‘অসমৰ বনাঞ্চলক খাচীলোক সকলে হেনো দাবী কৰি আহিছে মেঘালয়ৰ বুলি। বিদ্যাছিং লেকথেই কৈছিল ‘কেতিয়াবা দা’ লগাই দিয়ে আমাৰ ডিঙিত ৷ফৰেষ্ট কেম্পৰ কাষত থকা কুঁৱাত বিহ মিহলাই দিয়ে ,চৰকাৰীভাৱে আমাক কোনো সুবিধা দিয়া হোৱা নাই।ডিউটিৰ বাবে যাবলৈ নাই গাড়ী, কেম্পত নাই লাইট। খেৰণী কাৰ্যালয়ত খবৰ দিবলৈকো নাই কোনো উপায়৷’ ইমানবোৰ অভিযোগ থকাৰ পাছতো চৰকাৰে কিয় নল’লে কোনো আগতীয়া ব্যৱস্থা। মৃত্যুৰ দুৱাৰদলিত এৰি দিয়া হৈছিল নেকি জিৰিকিন্দিঙত নিয়োজিত বন কৰ্মী, গৃহৰক্ষী জোৱানসকলক? মৃত্যুৰ পূৰ্বে ককায়েকলৈ ফোন কৰিছিল বিদ্যাছিং লেকথেই। জনাইছিল আসন্ন বিপদৰ কথা। সংবাদ মেলত বনকৰ্মী বিদ্যাছিং লেকথেই মুক্ৰ বন কাৰ্য্যালয়টো বহু সমস্যাৰে ভাৰাক্ৰান্ত হৈ থকাৰ কথা কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক সমগ্ৰ বিষয় সন্দৰ্ভত অৱগত কৰিছিল। “বহু সমস্যাৰে ভাৰাক্ৰান্ত আছিল মুক্ৰ বন কাৰ্য্যালয় । ৰাতি বৰষুণ পৰিলে থাকিবলৈ শুৱলৈ ঠাই নাইকীয়া হয়।শুৱ নোৱাৰোঁ। ইয়াত অবৈধ গৰু-মʼহৰ গাড়ী যায়, কাঠ চোৰাং ব্যৱসায়ীৰ দৌৰাত্ম, কাৰোবাক খবৰ দিবলৈকো মʼবাইল চাৰ্জ কৰাৰ সুবিধা নাই, বিদ্যুৎ নাই, তেনেই তাকৰ বনকৰ্মীহে আছোঁ। আমাৰ কৰ্তব্য পালনত বহু অসুবিধা কৰে মেঘাল‌য়ৰ দুৰ্বৃত্তই। কাঠৰ গাড়ী ধৰিবলৈ গ’লে ডিঙিত দা লগাই আক্ৰমণ কৰে। খোৱা পানীৰ নামত জুৰিৰ পানী খাব লগা হয়।তাতো খাছীয়াই(মেঘাল‌য়ৰ দুৰ্বৃত্তই) বিষাক্ত দ্ৰৱ্য মিহলাই দিয়ে। কেৱল সমস্যা। যেন আমি কলিয়াপানীত হে আছোঁ।”

মঙ্গলবাৰে অসম মেঘালয় সীমান্তৰ মুক্ৰত সংঘটিত হোৱা ঘটনাত নিহত বিদ্যাছিং লেকথেৰ মৃতদেহ আজি সম্পূৰ্ণ সামৰিক মৰ্যাদা আৰু কাৰ্বি পৰম্পৰাগত নিয়মেৰে শেষকৃত্য সম্পন্ন কৰা হয় । পশ্চিম কাৰ্বি আংলং জিলা প্ৰশাসন, আৰক্ষী বিভাগ,বন বিভাগ এই শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকে । প্ৰথমতে মৃত জোৱানজনৰ বাসগৃহত তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই সামৰিক মৰ্যাদা প্ৰদান কৰি তিনি জাঁই গুলি ফুটায় ।এই অনুষ্ঠানত জিলা উপায়ুক্ত কৃষ্ণা বৰুৱা, আৰক্ষী অধীক্ষক ইন্দ্ৰানীল বৰুৱা উপস্থিত থাকে। কিন্তু প্ৰশ্ন হৈছে ইমানবোৰ অসুবিধাৰ মাজত থকা বনকৰ্মী সকলৰ কিয় বুজ ল’বলৈ চেষ্টা কৰা নাছিল? কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক বাৰম্বাৰ জনোৱাৰ পাছতো কিয় লোৱা হোৱা নাছিল কোনো ব্যৱস্থা। কিয় কলীয়াপানী সদৃশ পৰিৱেশত ৰখা হৈছিল সীমান্তৰ বন কৰ্মী তথা গৃহৰক্ষী জোৱানক? নে আসন্ন মৃত্যুৰ কথা জানিও তিলতিলকৈ ঠেলি দিয়া হৈছিল সীমান্তৰ দুৰ্বৃত্তৰ হাতত বিদ্যাছিং লেকথেৰ জীৱন?

Comments (0)
Add Comment