লক্ষ্য ৬ লাখ কৌটি : ক’ৰ পৰা কিমান উপাৰ্জন কৰিব মোদী চৰকাৰে ?

ক’ভিডক কেন্দ্ৰ কৰি বিগত দুটা বছৰ ধৰি দেশত দেখা দিছে অৰ্থনৈতিক মন্দাৱস্থাই। দীঘলীয়া তলাবন্ধই বিধ্বস্ত কৰিছে অৰ্থনৈতিক পৰিকাঠামো। আৰ্থিক অৱস্থাই জুৰুলা কৰিছে সাধাৰণ জনতাক। কিন্তু ইয়াৰ মাজতে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিছে যে এতিয়াৰে পৰা চৰকাৰে চৰকাৰী মালিকীস্বত্ব হস্তান্তৰ নকৰাকৈ ৰাজহুৱা সম্পত্তি ব্যক্তিগত খণ্ডক ব্যৱহাৰৰ অনুমতি দিয়াৰ বাবে অভিনৱ উপায় অৱলম্বন কৰিব। কেন্দ্ৰীয় চৰকাৰে প্ৰায় ৬ লাখ কোটি টকা মূল্যৰ এটা নেচনেল মনিটাইজেশ্ব্যন পাইপলাইন(NMP) মালিকীস্বত্ব হস্তান্তৰ নকৰাকৈ ব্যক্তিগত খণ্ডক ব্যৱহাৰৰ বাবে মুকলি কৰি দিছে। ৰাস্তা, ৰে’লৱে আৰু শক্তি খণ্ডৰ পৰা মুঠ ব্যক্তিগত খণ্ডৰ হাতলৈ হস্তান্তৰ কৰিবলগীয়া সম্পদৰ ভিতৰত সৰ্বাধিক ৬৬% ধন উপাৰ্জনৰ যো-জা চলাইছে চৰকাৰে।
ৰাজহুৱা সম্পদৰ মুদ্ৰাকৰণ সম্পৰ্কে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে মুদ্ৰাকৰণে দেশত আন্তঃগাঁথনি তৈয়াৰ কৰাৰ বাবে অধিক মূলধন সৃষ্টি কৰিব আৰু চৰকাৰী মালিকীস্বত্ব হস্তান্তৰ নকৰাকৈ ৰাজহুৱা খণ্ডত ব্যক্তিগত অংশগ্ৰহণৰ অভিনৱ উপায় মুকলি কৰিব। লগতে তেওঁ উল্লেখ কৰে যে সম্পত্তিবোৰৰ মালিকীস্বত্ব চৰকাৰৰ ওচৰত আছে আৰু সম্পত্তি উভতাই দিয়াটো বাধ্যতামূলক।
দেশৰ প্ৰায় ২৫টা বিমানবন্দৰ প্ৰাধিকৰণ(AAI)ৰ লগতে প্ৰায় ৪০টা ৰেল ষ্টেচন, ৯০খন যাত্ৰীবাহী ৰেল, ১৫খন ৰেলৱে ষ্টেডিয়াম, ৭৪১ কিলোমিটাৰ কোঙ্কন ৰেলৱে আৰু ১৫খন ৰেলষ্টেডিয়াম আৰু কলনী
আনুমানিক ১.২ লাখ কোটি টকাৰ বিনিময়ত মুদ্ৰাকৰণ কৰাৰ পৰিকল্পনা কৰিছে কেন্দ্ৰীয় চৰকাৰে। ২৬৭০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু নতুন পথৰ ব্যক্তিগত খণ্ডৰ হাতত তুলি দিলে ১.৬ লাখ কোটি আয় হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও ২৮৬০৮ কিলোমিটাৰ বিদ্যুৎ পৰিবাহী তাঁৰ মুদ্ৰাকৰণ কৰিলে বা ব্যক্তিগত খণ্ডক পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰিলে ই আনুমানিক ৪৫২০০ কোটি টকালৈ ৰূপান্তৰিত হব পাৰে। আনহাতে ৬ গিগাৱাট বিদ্যুৎ উৎপাদক যন্ত্ৰৰ পৰা ৩৯৮৩২ কোটি টকা উপাৰ্জন হোৱাৰ পথ প্ৰশস্ত হৈছে। টেলিকম খণ্ডৰ BSNL আৰু MTNLৰ ২.৮৬ লাখ কিলোমিটাৰ ভাৰতনেট ফাইবাৰ আৰু ১৯১৭টা চিগনেল টাৱাৰ মুদ্ৰাকৰণে প্ৰায় ৩৫১০০ কোটি টকা আয় হ’ব বুলি নিৰ্ণয় কৰা হৈছে। গুদাম আৰু কয়লা খনি মুদ্ৰাকৰণৰ পৰা আনুমানিক ২৯০০০ কোটি টকাৰ উপাৰ্জনৰ পৰিকল্পনা কৰা হৈছে। ৮.১৫৪ কিলোমিটাৰ প্ৰাকৃতিক গেছৰ পাইপলাইন মুদ্ৰাকৰণৰ পৰা
আনুমানিক ২৪৪৬২ কোটি টকা আৰু আন ৩৯৩০ কিলোমিটাৰ পাইপলাইনৰ পৰা ২২৫০৪ কোটি টকা উপাৰ্জন কৰিব চৰকাৰে। বিমানবন্দৰৰ মুদ্ৰাকৰণৰ পৰা ২০৭৮২ কোটি টকা আৰু বন্দৰ মুদ্ৰাকৰণৰ পৰা ১২৮২৮ কোটি টকা উপাৰ্জন হ’ব বুলি ধাৰ্য্য কৰা হৈছে। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়াম সহ দুখন ৰাষ্ট্ৰীয় ষ্টেডিয়াম আৰু বেংগালুৰু তথা জিৰাকপুৰৰ আঞ্চলিক কেন্দ্ৰ ব্যক্তিগত খণ্ডৰ হাতত তুলি দি চৰকাৰে ১১৪৫০ কোটি টকা লাভ কৰিব বুলি অনুমান কৰা হৈছে।
সাতটা আৱাসিক কলনিৰ পুনৰ্নিমাণ আৰু দিল্লী, সৰোজিনী নগৰ তথা নৌৰোজী নগৰৰ লগতে ঘিতোৰ্ণীৰ ২৪০ একৰ আৱাসিক/বাণিজ্যিক এলেকাৰ পৰাও প্ৰায় ১৫০০০ কোটিৰ বাজেট নিৰ্ণয় কৰা হৈছে।
আপাত দৃষ্টিত ৰাজহুৱা সম্পত্তিৰ উপযুক্ত ব্যৱহাৰৰ দ্বাৰা চৰকাৰে ৰাজহ সংগ্ৰহ কৰাৰ উদ্দেশ্য সম্পূৰ্ণ সফল হৈছে যেনেই লাগে, কিন্তু ৰাইজৰ সম্পদৰ পৰা আহৰণ কৰা ৰাজহ পৰৱৰ্তী সময়ত ৰাইজৰ স্বাৰ্থত বিনিয়োগ কৰে নে নকৰে সেয়াহে হব লক্ষণীয়।

moneytizationNIRMALASITHARAMANnitiayogthecrosscurrent
Comments (0)
Add Comment