মই মমতাৰ লগত আছো -বিজেপি নেতা সুব্ৰমনিয়াম স্বামীয়ে কিয় ক’লে এইদৰে ?

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী সম্প্ৰতি নতুন দিল্লীত আছে ৷ মমতাৰ উপস্থিতিত তৃণমূল কংগ্ৰেছত যোগ দিছে জেডি(ইউ)ৰ জ্যেষ্ঠ নেতা পৱন বাৰ্মা , প্ৰাক্তন বিজেপি সাংসদ কীৰ্তি আজাদে ৷ বুধবাৰে দিল্লীৰ ৰাজনৈতিক চৰ্চাক নতুন মাত্ৰা দি মমতা বেনাৰ্জীৰে আলোচনাত মিলিত হ’ল বিজেপি নেতা সুব্ৰমনিয়াম স্বামী ৷ তৃণমূল কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ বাসগৃহত মমতা বেনাৰ্জীক সাক্ষাৎ কৰে বিজেপি নেতাগৰাকীয়ে ৷ বিজেপিত যোগদান কৰিব নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত স্বামীয়ে কয় – ‘মই মমতাৰ লগতে আছো ৷ গতিকে মই দলত যোগদান কৰাৰ প্ৰয়োজন নাই ৷’সুব্ৰমনিয়াম স্বামীৰ এই বক্তব্যই এতিয়া বিজেপিকো অস্বস্তিত পেলাইছে ৷

#mamatabenarjeethecrosscurrent
Comments (0)
Add Comment