ৰাম মন্দিৰৰ ভূমিপূজনত কিয় উপস্থিত নাছিল বাবৰি মছজিদ ধ্বংসৰ কাণ্ডাৰী কল্যাণ সিং?

সেয়া আছিল ১৯৯৭ চনৰ কথা। নিৰ্বাচনক কেন্দ্ৰ কৰি উত্তপ্ত হৈ আছিল উত্তৰ প্ৰদেশৰ ৰাজনীতি। বিজেপি আৰু বিএছপি প্ৰতিটো দলেই উত্তৰ প্ৰদেশত গাইপতি ৬ মাহকৈ চৰকাৰ চলোৱাৰ নতুন ফৰ্মূলা তৈয়াৰ কৰিছিল। মায়াৱতীয়ে বাজপেয়ী আৰু কাঞ্চীৰামৰ মাজত হোৱা চুক্তিৰ বিনিময়ত প্ৰথম ছয় মাহৰ বাবে মুখ্যমন্ত্ৰী হোৱাৰ সুযোগ পাইছিল। কিন্তু ছয় মাহৰ পিছত যেতিয়া কল্যাণ সিঙৰ মুখ্যমন্ত্ৰী হোৱাৰ পাল আহিছিল বিএছপিয়ে তেতিয়া নিজৰ সমৰ্থন প্ৰত্যাহাৰ কৰিছিল।

ইয়াৰ পিছত পিছত কি ঘটিছিল সেয়া সকলোৱে জানে! কেনেকৈ কল্যাণ সিঙে কংগ্ৰেছ আৰু বিএছপি ভাঙি তেওঁৰ চৰকাৰক ৰক্ষা কৰিছিল আৰু সেই সম্পৰ্কে ৰাজনৈতিকভাৱে সচেতন প্ৰতিগৰাকী ব্যক্তিয়েই জ্ঞাত।

কল্যাণ সিঙৰ পৰিৱৰ্তে জগদম্বিকা পালক মুখ্যমন্ত্ৰী পতাৰ সিদ্ধান্তৰ বিৰুদ্ধে বাজপেয়ী আমৰণ অনশনত বহিছিল। বিজেপি দল আদালতৰো দ্বাৰস্থ হৈছিল। ইয়াৰ ফলস্বৰূপে কল্যাণ সিঙক পুনৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত কৰা হৈছিল। তাৰ পিছত ১৯৯৮ চনত বাজপেয়ীয়ে ১৩ মাহৰ  চৰকাৰ গঠন কৰিছিল যদিও আস্থা ভোটত পৰাজিত হোৱাৰ ফলত চৰকাৰ ভাঙিবলৈ বাধ্য হৈছিল বিজেপি। প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ একালৰ আটাইতকৈ বিশ্বাসী বন্ধু জৰ্জ ফাৰ্ণাণ্ডেজে কৈছিল যে ৰাজনীতিত সফলতাৰ বাবে ধৈৰ্য্যৰ প্ৰয়োজন। যদি কল্যাণ সিঙে ধৈৰ্য্য দেখুৱালেহেঁতেন তেন্তে বাজপেয়ীৰ পিছত বিজেপিৰ অধিনায়ক কল্যাণ সিঙেই হ’লহেঁতেন।

এবাৰ লক্ষ্ণৌত এখন সংবাদমেলত সাংবাদিকে কল্যাণ সিঙৰ আগত ”বাজপেয়ী পুনৰ এবাৰ প্ৰধানমন্ত্ৰী হ’বলৈ সক্ষম হ’ব বুলি আপুনি বিশ্বাসী নে” বুলি প্ৰশ্ন উত্থাপন কৰিছিল। ইয়াৰ উত্তৰত কল্যাণ সিঙে কৈছিল যে মই বাজপেয়ীক প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰো, কিন্তু PM(প্ৰধানমন্ত্ৰী) হোৱাৰ আগতে MP(সাংসদ) হোৱাৰ দৰকাৰ।

১৯৯৮ চনৰ নিৰ্বাচনত বিজেপিয়ে উত্তৰ প্ৰদেশত ৫৮ খন আসন লাভ কৰিছিল কিন্তু ১৯৯৯ চনত  আধা(২৯ খন) আসন হেৰুৱাইছিল।অৱশ্যে বাজপেয়ী কেৱল মাত্ৰ লক্ষ্ণৌৰ পৰাই জয়ী হোৱাই নহয় NDA- মিত্ৰশক্তিৰ সহায়ত প্ৰধানমন্ত্ৰীও হৈছিল।

ইয়াৰ পিছতে কল্যাণ সিঙৰ অপসাৰণৰ দাবী উত্থাপিত হৈছিল আৰু কল্যাণ সিঙে ১৯৯৯ চনৰ ১২ নৱেম্বৰত পদত্যাগ কৰিছিল। এই ঘটনাৰ পিছত ৰামপ্ৰকাশ গুপ্তাক মুখ্যমন্ত্ৰী পতা হৈছিল। কল্যাণ সিঙে এটা নতুন দল গঠন কৰিছিল আৰু এই দলটোৱে ২০০২ চনৰ নিৰ্বাচনত মাত্ৰ চাৰিখন আসন লাভ কৰিছিল। কল্যাণ সিঙৰ দলে ২০০৩ চনৰ আগষ্টত উত্তৰ প্ৰদেশত মুলায়ম সিং যাদৱ চৰকাৰত যোগদান কৰিছিল।

কৰসেৱকৰ ওপৰত গুলীচালনা কৰা আৰু কৰসেৱকসকলৰ বাবে চকী হেৰুওৱা দুয়োজন নেতাৰ বৈঠক ৰাইজে হজম কৰিব পৰা নাছিল। ২০০৪ চনৰ নিৰ্বাচনত কল্যাণ সিঙৰ নেতৃত্বত বিজেপিয়ে প্ৰতিদ্বন্দিতা কৰিছিল যদিও দলটো তৃতীয় স্থানতে সন্তুষ্ট থাকিবলৈ বাধ্য হৈছিল।

কল্যাণ সিঙে ২০০৯ চনৰ লোকসভা নিৰ্বাচনত এছপিৰ সমৰ্থনত প্ৰতিদ্বন্দিতা কৰি জয়লাভ কৰিছিল। কিন্তু মুলায়ম সিঙৰ লগত মতানৈক্যৰ ফলস্বৰূপে দুয়ো গৰাকী নেতাৰ মাজত বন্ধুত্বৰ অৱসান ঘটিছিল। কল্যাণ সিঙে পুনৰ তেওঁৰ দল শক্তিশালী কৰাৰ উদ্দেশ্যে ২০১২ চনত উত্তৰ প্ৰদেশত বিজেপিৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিছিল যদিও বিজেপি আৰু তেওঁৰ দল দুয়োটাই পৰাজিত হৈছিল।

১৯৯০ চনত ভি পি সিঙে দেৱী লালক বাটৰ পৰা আঁতৰাবলৈ মণ্ডল-কমণ্ডল ৰাজনীতি আৰম্ভ কৰাৰ সময়তহে বিজেপিয়ে ৰাম মন্দিৰ নিৰ্মাণ আন্দোলন ৰাজনৈতিকভাৱে আৰম্ভ কৰিছিল। দেশৰ ৰাজনীতি দুটা ভাগত বিভক্ত হৈ পৰিছিল। এফালে মণ্ডলৰ ৰাজনীতি আৰু আনফালে মন্দিৰৰ ৰাজনীতি। কিন্তু আশ্চৰ্যজনক ভাৱে কল্যাণ সিং দেশৰ একমাত্ৰ ৰাজনীতিবিদ হ’ব যিয়ে দুয়োটা ৰাজনৈতিক পাশা খেল একেলগে খেলিছিল।

কল্যাণ সিং আঠবাৰকৈ বিধায়ক পদত অধিষ্ঠিত হৈছিল। উত্তৰ প্ৰদেশৰ দুবাৰৰ মুখ্যমন্ত্ৰী, একালৰ লোকসভাৰ সাংসদ আৰু তাৰ পিছত ৰাজস্থানৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল কল্যাণ সিঙে।

১৯৯২ চনত বিজেপিয়ে উত্তৰ প্ৰদেশৰ ৪২৫ খন আসনৰ ভিতৰত ২২১ খন আসন লাভ কৰিছিল। মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ শপত গ্ৰহণ কৰাৰ পিছত নিজ মন্ত্ৰীসভাৰ সৈতে অযোধ্যাত উপস্থিত হৈছিল কল্যাণ সিং। অযোধ্যাত উপস্থিত হৈ তেওঁলোকে ৰামৰ শপত খাই অযোধ্যাতেই ৰাম মন্দিৰ নিৰ্মাণৰ বাবে প্ৰতিজ্ঞাবদ্ধ হৈছিল। কৰসেৱকসকলে বাবৰি মছজিদ ধ্বংস কৰিছিল আৰু যেতিয়া তাত মছজিদ ভাঙি ভূমি সমতল কৰা হৈছিল তেতিয়া কল্যাণ সিঙে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল।

দিল্লীত দিনযোৰা গোপন বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰী নৰসিংহ ৰাৱে সন্ধিয়া  চৰকাৰখনকেই বৰ্খাস্ত কৰিছিল। তাৰ পিছত ১৯৯৩ চনত যেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিল তেতিয়া বিজেপিৰ আসন হ্ৰাস হৈছিল যদিও ভোট যথেষ্ট পৰিমাণে বৃদ্ধি পাইছিল। অৱশ্যে বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰিলে। ১৯৯৫ চনত বিজেপি আৰু বিএছপিয়ে একেলগে চৰকাৰ গঠন কৰিছিল কিন্তু কল্যাণ সিং মুখ্যমন্ত্ৰী হ’ব নোৱাৰিলে। বিজেপিয়ে পিছত সমৰ্থন প্ৰত্যাহাৰ কৰি চৰকাৰৰ পতন ঘটাইছিল।

যেতিয়া ১৯৯৬ চনৰ ১৭ অক্টোবৰত উত্তৰ প্ৰদেশত ত্ৰয়োদশ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল তেতিয়া কোনো এটা দলেই সংখ্যাগৰিষ্ঠতা লাভ কৰা নাছিল। অৱশ্যে বিজেপি সৰ্ববৃহৎ দলত পৰিগণিত হৈছিল। কিন্তু বিজেপিয়ে ১৭৩ খন আসনহে লাভ কৰিও সেইবাবে চৰকাৰ গঠন কৰিব নোৱাৰিলে। এই নিৰ্বাচনটোত সমাজবাদী পাৰ্টীয়ে ১০৮খন, বিএছপিয়ে ৬৬খন আৰু কংগ্ৰেছে ৩৩খন আসন লাভ কৰিছিল। ৰাজ্যপাল ৰমেশ ভাণ্ডাৰীয়ে তেতিয়া ৰাজ্যখনত ৰাষ্ট্ৰপতি শাসন আৰু ছয় মাহৰ বাবে বৃদ্ধি কৰাৰ পৰামৰ্শ দিছিল। সেই সময়ত এবছৰ আগৰে পৰাই ৰাষ্ট্ৰপতি শাসন চলি আছিল।

তেনে সময়তে উচ্চতম ন্যায়ালয়ে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্ত স্থগিত ৰখাৰ নিৰ্দেশ দিছিল আৰু ৰাষ্ট্ৰপতি শাসন বঢ়োৱাৰ ক্ষেত্ৰত কেন্দ্ৰৰ সিদ্ধান্তত অনুমোদন জনাইছিল। কিন্তু ১৯৯৭ চনত ভাৰতীয় ৰাজনীতিত এটা নতুন পৰীক্ষা আৰম্ভ হৈছিল আৰু ৬ মাহৰ বাবে চৰকাৰ গঠনৰ নতুন ফৰ্মূলা ব্যৱহাৰ হবলৈ লৈছিল।

কল্যাণ সিঙক ৰাজ্যপাল হিচাপে নিযুক্তি দি ৰাজস্থানলৈও প্ৰেৰণ কৰা হৈছিল। ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পিছত তেওঁ পুনৰ উত্তৰ প্ৰদেশৰ ৰাজনীতিত সক্ৰিয় হৈ পৰিছিল। বাবৰি মছজিদ ধ্বংস কৰাৰ সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈ আছিল কল্যাণ সিং। তেওঁ কেৱল কৰসেৱক সকলক নুগুলীয়াবলৈ  নিৰ্দেশ দিয়াই নহয়, তেওঁ কৰসেৱক সকলৰ সম্পূৰ্ণ  দায়িত্বও গ্ৰহণ কৰিছিল। ইয়াৰ বাবে উচ্চতম ন্যায়ালয়ৰ শাস্তিৰ সন্মুখীন হৈ কল্যাণ সিং তিহাৰ জেলতো বন্দী হৈ আছিল।

কিন্তু ২০২০ চনৰ আগষ্ট মাহত মন্দিৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰোতে কোনেও মনত নেপেলালে কল্যাণ সিঙক। দেওবাৰে ভাৰতৰ ৰাজনীতিৰ এইগৰাকী চৰ্চিত ব্যক্তিয়ে নীৰৱে চিৰবিদায় মাগিলে ৷

klyansingthecrosscurrentup
Comments (0)
Add Comment