মাছ চাইহে জাল গুঁঠে নেকি প্ৰধানমন্ত্ৰীয়ে ?প্ৰধানমন্ত্ৰীয়ে হিমাচলী পোচাক পিন্ধিলে কিয়?হিমাচলীক লক্ষ্য কিয় নৰেন্দ্ৰ মোডীৰ? মাছ চাই জাল গুঁঠাৰ ক্ষেত্ৰত অলপো কৃপণালি নকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।শুকুৰবাৰে কেদাৰনাথ দৰ্শনলৈ যোৱা প্ৰধানমন্ত্ৰীৰ লক্ষ্য কেৱল আগন্তুক নিৰ্বাচন।অহা ১২নবেম্বৰত অনুষ্ঠিত হ’ব হিমাচল প্ৰদেশৰ নিৰ্বাচন। হিমাচলৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই শুকুৰবাৰে প্ৰধানমন্ত্ৰীয়ে মন্দিৰ দৰ্শনৰ সময়ত পৰিধান কৰে হিমাচলী পোচাক।উত্তৰাখণ্ডৰ কেদাৰনাথ ধামলৈ যোৱাৰ সময়তো প্ৰতিৱেশী ৰাজ্য হিমাচলৰ সাজ পিন্ধি হিমাচল প্ৰীতিৰ প্ৰমাণ দিলে প্ৰধানমন্ত্ৰীয়ে। হিমাচলৰ জনতাক আকৰ্ষণ কৰিবলৈ তেওঁ আনকি হিমাচলৰ ‘চোলা দৰা’ নামৰ টুপীটোও পৰিধান কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোডীয়ে শুকুৰবাৰে কেদাৰনৰথৰ পূজাচৰণত অংশ লোৱাৰ ওপৰিও কেইবাটাও প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে ।বিগত বৰ্ষৰ নবেম্বৰত উত্তৰাখণ্ডৰ নিৰ্বাচনৰ আগত প্ৰধানমন্ত্ৰীয়ে আদি শংকৰাচাৰ্যৰ প্ৰতিমূৰ্তি স্থাপন কৰিছিল ৰাজ্যখনত। আনকি ক’ভিড ভেকচিন ল’বৰ সময়ত প্ৰধানমন্ত্ৰীয়ে সেই সময়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যৰ নাৰ্চৰ হতুৱাইহে ভেকচিন লোৱা বুলি চৰ্চিত হৈছিল।