পুনৰ ৭ ট বৃহৎ জব গেৰাণ্টিক লৈ চৰ্চাৰ শীৰ্ষত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল।কেজৰিৱালে ক’লে মই যি কওঁ, সেয়া কৰো। গোৱাত আম আদমি পাৰ্টিৰ চৰকাৰ আহিলেই ল’ব লগীয়া বিশেষ কিছু প্ৰতিশ্ৰুতি প্ৰদান কৰে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। প্ৰতিটো পৰিয়ালে একোটাকৈ চাকৰি লাভ কৰিব আৰু চাকৰি নোপোৱা পৰ্যন্ত মাহে ৩ হাজাৰকৈ টকা প্ৰদান কৰিব আম আদমী পাৰ্টিয়ে। কোনো ধৰণৰ স্বজন টোষণ নোহোৱাকৈ চৰকাৰী চাকৰি প্ৰদান কৰিব বুলি কয় দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। লগতে তেওঁ কয় যে ব্যক্তিগত খণ্ডৰ ৮০ শতাংশ চাকৰি স্থানীয় লোকৰ বাবে সংৰক্ষিত হৈ থাকিব। এখন বিশেষ স্কিল ইউনিভাৰ্চিটি স্থাপন কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে অৰবিন্দ কেজৰিৱলে। প্ৰত্যেকটো ক্ষতিগ্ৰস্ত পৰিয়াললৈ চৰকাৰে মাহে ৫ হজাৰকৈ টকা প্ৰদান কৰাৰ কথাও সদৰি কৰে মুখ্যমন্ত্ৰী কেজৰিৱালে।