বিজেপিত এলাগী,ভজন গাই সময় কটাইছে জ্যেষ্ঠ নেতাই !

কৈলাস বিজয়ভাৰ্গিয়ক মনত আছেনে?গৃহমন্ত্ৰী অমিত শ্বাহৰ ঘনিষ্ঠ কৈলাস ভাৰ্গিয় এতিয়া ক’ত?
কিয় নিঃসঙ্গ হৈ পৰিল বিজয়ভাৰ্গিয়?হয়,পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ দায়িত্বত আছিল কৈলাস বিজয়ভাৰ্গিয়।মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছক হৰুৱাবলৈকে বিজেপিয়ে এসময়ত নিয়োগ কৰিছিল বিজয়ভাৰ্গিয়ক।কিন্তু সেই জ্যেষ্ঠ সক্ৰিয় নেতাজন দলত এতিয়া এলাগী।নিজৰ ৰাজ্য মধ্য প্ৰদেশত ভজন গাই,বাৰ্থডে খাই সময় পাৰ কৰিছে বিজয়ভাৰ্গিয়ই।হাৰ্ডা জিলাৰ বিভিন্ন ভজনৰ অনুষ্ঠানত,জ্যেষ্ঠ নেতাৰ সম্বৰ্ধনা অনুষ্ঠানত,ক্ৰিকেট খেলুৱৈক সম্বৰ্ধনা জনোৱা অনুষ্ঠানত আৰু দলৰ জ্যেষ্ঠ নেতাৰ বাৰ্থডে পাৰ্টিত প্ৰায়ে দেখা যায় বিজয়ভাৰ্গিয়ক।এসময়ত এই বিজয়ভাৰ্গিয় আছিল গৃহমন্ত্ৰী অমিত শ্বাহৰ অত্যন্ত ঘনিষ্ঠ৷বিজেপিৰ অন্যতম শক্তিশালী নেতা আছিল বিজয়ভাৰ্গিয়।
বিগত বৰ্ষত পশ্চিম বংগ বিধানসভাৰ নিৰ্বাচনত বিজেপি দলে মুখথেকেঁচা খোৱাৰ পাছৰ পৰাই দলটোত এলাগী হৈ পৰিছে বিজয়ভাৰ্গিয়।যোৱা সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশ লোৱা এক সভাত দিল্লীত দেখা গৈছিল তেওঁক।দলটোৰ মুঠ ৯ গৰাকী সাধাৰণ সম্পাদকৰ ভিতৰত ৮ গৰাকীকেই বিভিন্ন ৰাজ্যৰ ইনচাৰ্জ হিচাপে দায়িত্ব দিয়া হৈছিল যদিও কিন্তু কৈলাস বিজয়ভাৰ্গিয়ক তেনে কোনো দায়িত্ব দিয়া হোৱা নাছিল।সাংবাদিকে এই বিষয়ে প্ৰশ্ন কৰাত বিজয়ভাৰ্গিয়ই কয় “ মই বৰ্তমান মধ্য প্ৰদেশত সক্ৰিয়ভাৱে কাম কৰি আছোঁ৷মই মধ্য প্ৰদেশৰ বিধানসভা নিৰ্বাচন আৰু আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে দলীয় সদস্য সকলক সজাগ আৰু ঐক্যবদ্ধ কৰি আছোঁ।”উল্লেখ্য যে পশ্চিম বংগত বিগত বিধানসভা নিৰ্বাচনত তুলনামূলকভাৱে আগতকৈ ভাল ফলাফল দেখুওৱাৰ বাবে কৈলাস বিজয়ভাৰ্গিয়ক বিজেপিয়ে কৃতিত্ব দিছিল কিন্তু ৰাজ্যখনৰ বিজেপি নেতা তথা ত্ৰিপুৰা আৰু মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল তথাগত ৰয়ে বিজয়ভাৰ্গিয়ৰ বাবেই নিৰ্বাচনত পৰাজিত হোৱা বুলি বাৰে বাৰে উল্লেখ কৰিছিল।ইতিমধ্যে বিজয়ভাৰ্গিয়ৰ স্থানত সুনীল বাঞ্চাল আৰু মংগল পাণ্ডেক পশ্চিম বংগ বিজেপিৰ দায়িত্ব দিয়া হৈছে।

Comments (0)
Add Comment