মৃতদেহ লুকুৱাইছে আত্মীয়ই কিন্তু কিয়?

বিহাৰত শতকৰ ঘৰ অতিক্ৰম কৰিলে মদাহীৰ মৃত্যুৰ সংখ্যাই।আৰক্ষীৰ ভয়ত মনে মনে জ্বলাইছে মৃতদেহ ।
সুৰা নিষিদ্ধ বিহাৰত কেনেকৈ সম্ভৱ এনে মৃত্যু ?বিহাৰত বিষাক্ত সুৰা সেৱন কৰি মৃত্যুক সাৱটিলে শতাধিক লোকে।বিহাৰ বিজেপিৰ সভাপতি সুশীল মোডীয়ে কয় “বিহাৰ চৰকাৰে মৃতকৰ প্ৰকৃত তথ্য দিয়া নাই।আৰক্ষীৰ ভয়ত মৃত লোকৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ পৰা বিৰত আছে পৰিয়ালৰ লোক।”বিগত সপ্তাহত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে বিষাক্ত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকক ক্ষতিপূৰণ বা সাহাৰ্য দিয়া নহয় বুলি কৰা ঘোষণাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে বিজেপিৰ সভাপতি সুশীল মোডীয়ে৷সুশীল মোডীয়ে আনকি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক খাজুৰবণী অঞ্চলত সুৰা সেৱন কৰি মৃত্যু হোৱা লোকক ৪ লাখকৈ সাহাৰ্য আগবঢ়োৱাৰ কথাও মনত পেলাই দিয়ে৷খাজুৰবণীত যদি সাহাৰ্য দিব পাৰে,তেন্তে চাৰণত কিয় দিয়া নহ’ব বুলিও তেওঁ প্ৰশ্ন কৰে।বিজেপি সভাপতি সুশীল মোডীয়ে সংবাদ প্ৰতিষ্ঠান এএনআইৰ উদ্ধৃতি দি কয় “ ২০১৮ চনত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কৈছিল যে যদি বিষাক্ত সুৰা সেৱন মৃত্যুৰ কাৰণ বুলি প্ৰমাণ পোৱা যায় তেন্তে তেওঁ ভুক্তভোগীৰ পৰিয়ালক ৪ লাখ টকাকৈ সাহাৰ্য আগবঢ়োৱা হ’ব বুলি ঘোষণা কৰিছিল।”২০১৬ চনৰ এপ্ৰিলতেই বিহাৰক সুৰামুক্ত ৰাজ্য ঘোষণা কৰা হৈছিল ।সংবাদ প্ৰতিষ্ঠানৰ এক বিশেষ সূত্ৰত প্ৰকাশ যে চাৰণ জিলাত বিগত ১৪ ডিচেম্বৰৰ পৰা এতিয়ালৈকে সুৰা সেৱন কৰি প্ৰায় ৬৫ জন লোকে প্ৰাণ হেৰুৱালে আৰু আনহাতে ৭০ জন লোকে প্ৰাণ হেৰুৱাইছে চাপ্ৰা জিলাত।

Comments (0)
Add Comment