‘পাকিস্তান জিন্দাবাদ ‘ ৰ’ব,নিচিঞৰিব ! এই ধ্বনি দিয়েই গ্ৰেপ্তাৰ হ’ল ৩ জন ।বহিস্কৃত হ’ল কলেজৰ পৰা সেয়ে কৈছোঁ,নিচিঞৰিব ! ডাঙৰকৈ নক’বও এই দুটা শব্দ। ধেমালিতেও উচ্চাৰণ নকৰিব ! ধেমালিতে পাকিস্তান জিন্দাবাদ ধ্বনি দি জে’লত সোমাল ৩ জন।অভিভাৱককো মাতি আনি দিয়া হ’ল অভিযোগ ! কিন্তু ঘটনাটো ঘটিছে ক’ত?ঘটনাৰ স্থান বাংগালোৰ ! বাংগালোৰৰ নিউ হৰাইজন কলেজ অব ইঞ্জিনীয়াৰিঙৰ ঘটনা এয়া। ২৫-২৬নৱেম্বৰত কলেজখনত আছিল ইণ্টাৰ কলেজ ফেষ্টিভেল৷ সকলো ছাত্ৰই ব্যস্ত আছিল ইয়াৰ প্ৰস্তুতিত।ছাত্ৰবোৰে আইপিএলৰ প্ৰিয় দলবোৰৰ নাম কোৱাকুই কৰি আছিল।তাৰ মাজৰে আৰিয়ান,দিনাকৰ আৰু ৰিয়াই তাত ‘পাকিস্তান জিন্দাবাদ ‘ ধ্বনি দিছিল।
তেওঁলোকৰ মাজৰে কোনোবা এজনে সেই ভিডিঅ’টো ভাইৰেল কৰিছিল ।লগে লগে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল ভিডিঅ’টো। কলেজ কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হ’ল ভিডিঅ’টো। মাৰাথাল্লী আৰক্ষী থানাত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ল।হোৱাইটফিল্ডৰ আৰক্ষী অধীক্ষকগৰাকীয়ে কয় “ তেওঁলোকৰ নিজৰে এজন ঘনিষ্ঠ বন্ধুৱে এই ভিডিঅ’টো ৰেকৰ্ড কৰিছিল।কলেজ কৰ্তৃপক্ষই এক গোচৰ ৰুজু কৰিছিল আৰু কলেজৰ পৰা তেওঁলোকক বহিস্কাৰ কৰিছিল৷আমি প্ৰথমতে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছিলোঁ ।অৱশ্যে তেওঁলোকৰ ওপৰত লগোৱা ধাৰাবোৰ আছিল জামিনযোগ্য। তেওঁলোকক ইতিমধ্যে জামিনত মুক্তি দিয়া হৈছে৷তেওঁলোকে এই ধ্বনি ধেমালিতেহে দিছিল।”