ভাৰতবৰ্ষৰ সাংস্কৃতিক মন্ত্ৰালয়ে চলিত ছেপ্টেম্বৰ মাহৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীয়ে লাভ কৰা উপহাৰ আৰু স্মৰণিকা সমূহৰ ই-নিলামৰ ব্যৱস্থা কৰিছে। টকিঅ’ অলিম্পিক আৰু পেৰালিম্পিক খেলুৱৈ সকলৰ হাত মোজা, ৰেকেটকে ধৰি অন্যান্য সামগ্ৰী সমূহো সামৰি লোৱা হৈছে এই নিলামৰ অধীনত। অসম গৌৰৱ লভলিনা বৰগোহাঁইৰ বক্সিং গ্ল’ভছৰ নিবিদা ১ কোটি ৯০ লাখ পৰ্যন্ত অতিক্ৰম কৰিছে। আনহাতে জেভলিন থ্রোত সোণৰ পদক লাভ কৰা নীৰজ চোপ্ৰাৰ জেভলিনৰ নিবিদা ১ কোটি ৫০ লাখ হৈছে। আনহাতে পেৰালিম্পিকত জেভলিনত স্বৰ্ণ পদক লাভ কৰা সুমিত এন্তিলৰ জেভলিনতো প্ৰায় ১ কোটি টকাৰ আধাৰত মূল্য নিৰ্ধাৰণ কৰা হৈছে। খেলুৱৈ সকলৰ অটোগ্ৰাফ ফ্ৰেমৰ বাবেও নিবিদা ১ কোটি টকা পৰ্যন্ত অতিক্ৰম কৰিছে। উল্লেখ্য যে ই-নিলামৰ পৰা আহৰণ কৰা এই ধনৰাশি নমামি গঙ্গা মিছণক প্ৰদান কৰা হব।