ভেটি তচনচ,তথাপিও ল’লে মুখ্যমন্ত্ৰীৰ নাম

সমাগত গুজৰাট নিৰ্বাচনক লৈ বিজেপিৰ দৈনিক বৃদ্ধি পাইছে দুঃশ্চিন্তা।কাৰ নামত ভোট বিচাৰিব,তাকে লৈ পাৰ নোপোৱা হৈছে বিজেপি।আপৰ আগ্ৰাসী নিৰ্বাচনী ৰণ কৌশলে শংকিত কৰিছে বিজেপিক।আপে জনতাৰ মতামত লৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে,কিন্তু বিজেপিৰ ওৰ পৰা নাই চিন্তাৰ।আহমেদবাদত এটা ব্যক্তিগত টেলিভিছন চেনেলত দিয়া সাক্ষাৎকাৰত অমিত শ্বাহে ল’লে বিজেপিৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থীৰ নাম।“যদি বিজেপি পুনৰ ক্ষমতালৈ আহে,তেন্তে ভূপেন্দ্ৰ পেটেল হ’ব গুজৰাটৰ নতুন মুখ্যমন্ত্ৰী ”- এনেদৰে ক’লে গৃহমন্ত্ৰী গৰাকীয়ে।ঘাটোলিয়া সমষ্টিৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ভূপেন্দ্ৰ পেটেল বৰ্তমান গুজৰাটৰ মুখ্যমন্ত্ৰী।২০২১ চনৰ ছেপ্তেম্বৰ মাহত মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল ভূপেন্দ্ৰ পেটেল।প্ৰধানমন্ত্ৰী মোডীৰ একান্ত অনুগত পেটেলক মোডীয়ে ৰাবাৰ ষ্টাম্প হিচাপেহে ৰাখিছে বুলি প্ৰায়ে সমালোচিত হয় মোডী আৰু পেটেল।ইজনৰ পিছত সিজনকৈ নেতাই বিজেপি এৰা,আপৰ নিত্য নতুন কৌশলে তচনচ কৰিছে বিজেপিৰ সপ্তমবাৰৰ বাবে নিৰ্বাচনী যুঁজত জয়ী হোৱাৰ সপোন !

Comments (0)
Add Comment