কেনে আছে উত্তৰ প্ৰদেশৰ হাথৰাছৰ জঘন্য দলবদ্ধ ধৰ্ষণ কাণ্ডৰ ভুক্তভোগী কিশোৰী গৰাকীৰ পৰিয়াল?

উত্তৰ প্ৰদেশৰ হাথৰাছৰ জঘন্য দলবদ্ধ ধৰ্ষণ কাণ্ডই অতিক্ৰম কৰিলে এটা বছৰ। ন্যায় বিচাৰি এতিয়াও হাবাথুৰি খাইছে ভুক্তভোগী দুৰ্ভগীয়া কিশোৰী গৰাকীৰ পৰিয়াল। কিন্তু কেনে আছে সমাজৰ প্ৰতিবন্ধকতা আৰু শোষণ-নিষ্পেষণে জুৰুলা কৰা হাথৰাছৰ সেই বিশেষ পৰিয়ালটো? উত্তৰ প্ৰদেশত সমাগত বিধানসভা নিৰ্বাচন কিন্তু পৰিয়ালটোৰ খবৰ ল’বলৈ আহৰি আছেনে চৰকাৰ কিম্বা প্ৰশাসনৰ?
জঘন্য দলবদ্ধ ধৰ্ষণ কাণ্ডই এটা বছৰ অতিক্ৰম কৰাৰ পিছতো এতিয়াও দুৰ্বিসহ জীৱন কটাইছে সেই বিশেষ পৰিয়ালটোৱে। জানি আচৰিত হ’ব যে পৰিয়ালটোৰ হাতত এতিয়া আয়ৰ কোনো পথ নাই। ধৰ্ষণ কাণ্ডটোৰ বাবেই সংস্থাপনহীন হৈ পৰিছে দুৰ্ভগীয়া পৰিয়ালটো। গাওঁখনত কোনেও এতিয়া পৰিয়ালটোৰ সৈতে কথা নাপাতে। ভয়-শংকাত দিন কটাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে। পৰিয়ালটোৱে অভিযোগ কৰিছে যে যেতিয়া তেওঁলোকে আদালতত হাজিৰ হয় তেতিয়াই তেওঁলোকক খেদি পঠোৱা হয়। চিচিটিভি কেমেৰাই সকলো সময়তে পৰিয়ালটোৰ ওপৰত চকু ৰাখে। প্ৰায় ৩৫ জন চিআৰপিএফ জোৱানে অহৰহ চকু ৰাখে গাঁওখনৰ ওপৰত। ইয়াৰ মাজতে পৰিয়ালটোৱে মন্তব্য প্ৰকাশ কৰিছে যে ন্যায় নোপোৱালৈকে তেওঁলোকে তেওঁলোকৰ ভুক্তভোগী সন্তানৰ ভস্ম সৎকাৰ নকৰে।
উল্লেখযোগ্য যে বিগত বছৰৰ ১৪ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশৰ হাথৰাছত ১৯ বছৰীয়া কিশোৰী গৰাকীক দলবদ্ধ ধৰ্ষণ কৰি নৃশংসভাৱে জিভা কাটি দিয়া হৈছিল। অৱশেষত ১১ দিনৰ পিছত দিল্লীৰ এখন চিকিৎসালয়ত মৃত্যু হৈছিল দুৰ্ভগীয়া কিশোৰী গৰাকীৰ। অতি আচৰিত বাৱে পৰিয়ালৰ সদস্যৰ অনুপস্থিতিত ৰাতিটোৰ ভিতৰতে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিছিল আৰক্ষীয়ে। অন্ততঃ শেষবাৰৰ বাবে মুখখন চোৱাৰ পূৰণ হোৱা নাছিল পৰিয়ালটোৰ। এই ঘটনাৰ পিছতে পিছত সমগ্ৰ দেশতে তীব্ৰ অভিযান চলাইছিল উত্তৰ প্ৰদেশ আৰক্ষীয়ে।
আৰক্ষীৰ আগত দাখিল কৰা গোচৰটোত পৰিয়ালটোৱে কেইবাটাও অভিযোগ উত্থাপন কৰিছিল। দলবদ্ধ ধৰ্ষণৰ প্ৰতিবেদন দাখিল কৰাৰ পৰা চিকিৎসা প্ৰাপ্ত কৰালৈকে সকলো অভিযোগ উত্থাপন কৰিছিল পৰিয়ালটোৱে। তেতিয়াৰ পৰাই অভিযোগ উত্থাপিত হৈছে যে পৰিয়ালটোৰ ওপৰত কোনো ক্ষমতাশালী চক্ৰই অহৰহ হেঁচা প্ৰয়োগ কৰাৰ চেষ্টা কৰি আছে। এই গোটেই ঘটনাটোত উচ্চ জাতিৰ ৪ জন লোকক অভিযুক্ত কৰা হৈছিল। অভিযুক্তৰ পৰিয়ালে ভুক্তভোগীৰ পৰিয়ালৰ বিৰুদ্ধে হত্যাৰ অভিযোগ উত্থাপন কৰিছিল। কিন্তু চিবিআইয়ে পিছত অভিযোগপত্ৰখনত স্পষ্ট কৰি দিছিল যে ভুক্তভোগীগৰাকীক হাথৰাছত দলবদ্ধ ধৰ্ষণ আৰু হত্যা কৰা হৈছিল। চাৰিজন অভিযুক্ত সন্দীপ, তেওঁৰ খুৰাক ৰবি আৰু তেওঁলোকৰ বন্ধু ৰামু আৰু লাভকুশকো চিবিআইয়ে অভিযুক্ত কৰিছিল।
কিন্তু জঘন্য ধৰ্ষণ কাণ্ডৰ এবছৰৰ পাছতো ভুক্তভোগীৰ পৰিয়ালে এতিয়াও কটাইছে দুৰ্বিসহ দিন। ইণ্ডিয়ান এক্সপ্ৰেছৰ আগত মন্তব্য প্ৰকাশ কৰি ভুক্তভোগীৰ জেষ্ঠ ভাতৃয়ে কয় যে-আমি এতিয়াও ভালদৰে উশাহ লব পৰা নাই। কোনেও আমাৰ সৈতে কথা নাপাতে। গাঁওবাসীয়ে আমাক অপৰাধীৰ দৰে ব্যৱহাৰ কৰে। মই জানো যে চিআৰপিএফ যোৱাৰ পিছত তেওঁলোকে (গাওঁবাসীয়ে) আমাক আক্ৰমণ কৰিব। মোৰ তিনিজনী সৰু ছোৱালী আছে আৰু মই তেওঁলোকৰ নিৰাপত্তাক চিন্তিত। ঘটনাটোৰ লগে লগে মই চাকৰি হেৰুৱাইছিলো।
এক বিশেষ প্ৰতিবেদন অনুসৰি ভুক্তভোগীৰ পিতৃয়ে কয় যে-এই ঠাই এৰি যোৱাটো সহজ নহয়। আমি বিচাৰো যে মানুহে আমাক গ্ৰহণ কৰক। আমি কি ভুল কৰিছো? আমি মন্দিৰলৈ যাব নোৱাৰো বা বজাৰলৈ যাব নোৱাৰো। আমি সকলো সময়তে ঘৰতে থাকো আৰু প্ৰাৰ্থনা কৰোঁ যাতে আদালতৰ সিদ্ধান্ত সোনকালে আহে।
ঘটনাটোৰ প্ৰায় এপষেক পিছত ২ অক্টোবৰত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠে চৰকাৰ আৰু প্ৰশাসনিক কৰ্তৃপক্ষক এক আচৰিত ৰায় প্ৰদান কৰিছিল। আদালতে তেতিয়া সুধিছিল যে অৰ্থনৈতিক-সামাজিক স্থিতিৰ বাবে ভুক্তভোগীৰ পৰিয়ালটোৰ অধিকাৰ খৰ্ব কৰা হৈছে নেকি? ইয়াৰ বাবেই তেওঁলোকক অত্যাচাৰ কৰা হৈছিল নেকি? কিয় মৰ্য্যাদা সম্পন্ন অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিব নোৱাৰিলে উত্তৰ প্ৰদেশ আৰক্ষীয়ে?
আদালতৰ বিচাৰপীঠে তেতিয়া মন্তব্য কৰি কৈছিল যে ৰাজ্যিক কৰ্তৃপক্ষই মৃতকৰ পৰিয়ালৰ অৰ্থনৈতিক আৰু সামাজিক স্থিতিৰ সুযোগ লৈ তেওঁলোকৰ সাংবিধানিক অধিকাৰ অস্বীকাৰ কৰি হাৰাশাস্তি কৰিছে নেকি সেয়া ন্যায়ালয়ে পৰীক্ষা কৰিব বিচাৰে। আদালতৰ মন্তব্য যথেষ্ট গুৰুত্বপূৰ্ণ কাৰণ ভুক্তভোগীৰ পৰিয়াল দলিত সম্প্ৰদায়ৰ। ইয়াৰ উপৰিও অভিযুক্তৰ পৰিয়ালে ভুক্তভোগীৰ পৰিয়ালক হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে। সেইবাবেই ঘটনাটোৰ পিছত বিভিন্ন মনেসজা কাহিনী প্ৰস্তুত কৰা হৈছিল। আৰক্ষীৰ নিজা স্থিতি আছিল আৰু এই কোলাহলৰ মাজত ভুক্তভোগী পৰিয়ালটোৰ মৰ্ম বেদনা লুকুৱাই ৰখা হৈছিল! ঘটনাটোৰ বিভিন্ন ধৰণে উপস্থাপন কৰাৰ চেষ্টা কৰা হৈছিল কিন্তু এটা সত্য অনস্বীকাৰ্য্য আছিল আৰু সেইটো হ’ল ভুক্তভোগী কিশোৰী গৰাকীক হত্যা কৰা হৈছিল।
এই সত্যৰ আধাৰতেই চিবিআইয়ে ঘটনাটোৰ বিভিন্ন সংস্কৰণ আৰু প্ৰমাণ বিশ্লেষণ কৰি কৈছিল যে ভুক্তভোগীগৰাকীক দলবদ্ধ ধৰ্ষণ আৰু হত্যা কৰা হৈছিল। কিন্তু কিমান দিনলৈ মম জ্বলাই আত্মাৰ সৎগতি কামনা কৰিব দেশৰ জনসাধাৰণে? হাথৰাছৰ দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় পাব কেতিয়া?

#thecrosscurrethathras_rape_caseuttarpradesh
Comments (0)
Add Comment