RBI ৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰাম ৰাজন হ’ল ৰাহুল গান্ধীৰ সংগী ।’ভাৰত জোড়ো’ত সংগ দিলে ৰঘুৰাম ৰাজনে।
ৰাজস্থানৰ চাৱাই মধুপুৰত বুধবাৰে ‘ভাৰত জোড়ো’ যাত্ৰাৰ সামৰণি পৰিব।’ভাৰত জোড়ো যাত্ৰা’ত বুধবাৰে অংশ ল’লে ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰাম ৰাজনে ।’ভাৰত জোড়ো যাত্ৰা’ত ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰাম ৰাজনে আজি সংগ দিয়ে ৰাহুল গান্ধীক।দেশক ঐক্যবদ্ধ কৰিবলৈ লগতে ঘৃণাৰ ৰাজনীতি নিঃশেষ কৰিবলৈ এই ভাৰত জোড়ো যাত্ৰাত সকলোৱেই অংশীদাৰ হ’ব বিচাৰিছে’- এনেদৰে টুইট কৰে কংগ্ৰেছ।ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ ৰঘুৰাম ৰাজনে ৰাহুল গান্ধীক সংগ দিয়া সম্পৰ্কত বিজেপিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।বিজেপিৰ মতে ৰঘুৰাম ৰাজনে নিজকে দ্বিতীয় মনমোহন সিং বুলি ভাৱে৷তেওঁ ভাৰতীয় অৰ্থনীতি সম্পৰ্কত যি মন্তব্য কৰে তাতেই তেওঁৰ ‘সুবিধাবাদী’ চৰিত্ৰ প্ৰকাশ পায়।“ ৰঘুৰাম ৰাজন আছিল ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ৷ কংগ্ৰেছে নিযুক্তি দিছিল ৰঘুৰাম ৰাজনক৷গতিকে ৰাজনে সংগ দিয়াটোত কোনো আচৰিত হ’বলগীয়া নাই৷তেওঁ নিজকে দ্বিতীয় মনমোহন সিং বুলি ভাৱে৷ভাৰতীয় অৰ্থনীতি সম্পৰ্কত তেওঁ কৰা মন্তব্যবোৰত সদায় তেওঁৰ সুবিধাবাদী চৰিত্ৰৰ প্ৰতিফলন হয়”- এনেদৰে কয় বিজেপি নেতা অমিত মালব্যই।’ভাৰত জোড়ো যাত্ৰা’ ২০২৩ বৰ্ষৰ গণতন্ত্ৰ দিৱসৰ দিনা কাশ্মীৰত অন্ত পৰিব।এই ‘ভাৰত জোড়ো’ যাত্ৰাত দেশৰ বিভিন্ন প্ৰান্তৰ লোকৰ ওপৰিও আধ্যাত্মিক গুৰু নামদেৱ দাস ত্যাগী,অভিনেতা স্বাৰা ভাস্কৰ,বক্সাৰ বিজেন্দাৰ সিঙৰ ওপৰিও বলিউডৰ কেইবাগৰাকীও অভিনেতা-অভিনেত্ৰীয়ে অংশগ্ৰহণ কৰে।