ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান,মুক্ত হ’ল ‘অপৰাধী’

মাওবাদী বুলি অভিযুক্ত অধ্যাপকক মুক্তি | ন্যায়ালয়ৰ ৰায়দান সঠিক নাছিল ?

উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে শুকুৰবাৰে অধ্যাপক জি.এন চাইবাবাক অপৰাধমুক্ত বুলি ঘোষণা কৰি কাৰাগাৰৰ পৰা মুক্তি দিয়াৰ নিৰ্দেশ দিয়ে ৷ উল্লেখ্য যে ন্যায়াধীশ ৰোহিত ৰাও,অনিল পাঞ্চাৰেৰ বিচাৰপীঠে অধ্যাপক চাইবাবাই ২০১৭ চনৰ আদালতৰ এটা গোচৰক প্ৰত্যাহ্বান জনাই বম্বে উচ্চ ন্যায়ালয়ত কৰা আৱেদনৰ ভিত্তিত এই নিৰ্দেশ প্ৰদান কৰে ৷ ইয়াৰ আগতে আদালতে অধ্যাপকগৰাকীক মাওবাদীৰ লগত জড়িত থকাৰ অভিযোগত যাবজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল ৷ চাইবাবা দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক আছিল৷শাৰীৰিকভাৱে অক্ষম জি এন ৰাও বৰ্তমান নাগপুৰ কাৰাগাৰত বন্দী ৷একেখন বিচাৰপীঠেই আন ৫ গৰাকী অভিযুক্তৰ প্ৰত্যাহ্বান গ্ৰহণ কৰি তেওঁলোককো দোষমুক্ত ঘোষণা কৰে৷

Comments (0)
Add Comment