আগন্তুক বিধানসভা উপ নিৰ্বাচনত ভৱানীপুৰত আকৰ্ষণীয় হ’ব তিনি অধিবক্তাৰ যুঁজ! বিধানসভাৰ উপ নির্বাচন হ’লেও ভৱানীপুৰ সমষ্টিৰ ওপৰত দেশৰ সংবাদ মাধ্যমৰ দৃষ্টি নিবদ্ধ হৈ পৰিছে৷ আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ এই সমষ্টিটোত মুখ্যমন্ত্রী মমতা বেনার্জীৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতাত নামিব বিজেপিৰ প্রার্থী প্রিয়ংকা টিবৰিৱাল৷ ইয়াৰ উপৰি চিপিআই(এম)ৰ শ্রীজীৱ বিশ্বাসে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে এই গুৰুত্বপূর্ণ সমষ্টিটোত৷ লক্ষণীয়ভাৱে তিনিওগৰাকী প্রার্থীয়েই হৈছে আইনজীৱী৷
মমতা বেনার্জীয়ে আদালতত ব্যস্ততাৰ বাবে পেছাগতভাৱে মনোনিৱেশ কৰা নাই৷ কিন্তু প্রিয়ংকা আৰু শ্রীজীৱ হৈছে পেছাগতভাৱে অধিবক্তা৷ গতিকে সমষ্টিটোৰ নিৰ্বাচনী যুঁজ এইবাৰ অধিবক্তাৰ যুঁজ হিচাপে চিহ্ণিত হৈছে৷
উল্লেখযোগ্য যে ১৯৮২ চনত আইনৰ ডিগ্রী লাভ কৰিছিল মমতা বেনার্জীয়ে৷ পূৰ্বে দুই-তিনিবাৰ ক’লা কোট পৰিধান কৰি আদালতত যুক্তি তর্কত লিপ্ত হোৱাও দেখা গৈছিল মমতাক৷
ইফালে চাৰি অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া উপ নির্বাচনৰ বাবে মমতা বেনার্জীয়ে শুকুৰবাৰে মনোনয়ন পত্র দাখিল কৰিছে৷ ভৱানীপুৰ সমষ্টিত প্রতিদ্বন্দ্বিতাত নমা বিজেপিৰ প্রার্থী প্রিয়ংকাই কম দিনৰ ভিতৰতে জনপ্রিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ অৱশ্যে প্রার্থী প্রিয়ংকা হ’লেও মমতাৰ বিৰুদ্ধে নির্বাচনী যুঁজখনত বিশেষ ভূমিকা পালন কৰিব বিজেপি নেতা ৰুদ্রনীল ঘোষে৷ ঘোষেই প্রথমতে বিজেপিৰ প্রার্থী হোৱাৰ কথা আছিল যদিও অন্তিম সময়ত এই চিন্তা পৰিহাৰ কৰে নেতাজনে৷