দেশত ত্ৰাস সৃষ্টি কৰা কি এই ভাইৰেল জ্বৰ? আক্ৰান্ত হ’ব পাৰে নেকি আপোনাৰ সন্তান?

দেশত ক্ৰমাৎ বৃদ্ধি পাইছে ভাইৰেল জ্বৰত আক্ৰান্ত ৰোগীৰ সংখ্যা। বিগত
কেইদিনমানত উত্তৰ প্ৰদেশ-বিহাৰ আৰু মধ্য প্ৰদেশত ডেংগু আৰু ভাইৰেল জ্বৰৰ ঘটনা ভয়ানক ভাৱে বৃদ্ধি পাবলৈ ধৰিছে। চিন্তাৰ বিষয় এইটোৱেই ৰোগীসকলৰ ভিতৰত অধিক সংখ্যকেই হৈছে শিশু। উত্তৰ প্ৰদেশ, বিহাৰ আৰু মধ্য প্ৰদেশত ভাইৰেল জ্বৰত আক্ৰান্ত শ শ লোক প্ৰতিদিনে চিকিৎসালয়লৈ আহি আছে। চিকিৎসালয়লৈ অহা বেছিভাগ ৰোগীৰ ডেংগু আৰু ভাইৰেল জ্বৰ স্ক্ৰাব টাইফাছ আৰু লেপ্টোস্পাইৰোচিছৰ লক্ষণ দেখা গৈছে। প্ৰাপ্ত খবৰ অনুসৰি এই জ্বৰ বেক্টেৰিয়া আৰু ভাইৰাছৰ ফলত বিয়পি আছে।
স্নায়ুবিজ্ঞানৰ অধ্যাপক তথা বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ চিকিৎসা অধীক্ষক ডাঃ বিজয় নাথ মিশ্ৰৰ মন্তব্য অনুসৰি অভিভাৱক সকল সচেতন হোৱাৰ সময় সমাগত। কাৰণ এই জ্বৰ তীব্ৰ গতিত দেশৰ ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ বিয়পিবলৈ আৰম্ভ কৰিছে আৰু ই শিশু সকলক বিশেষভাৱে আক্ৰমণ কৰিছে।

#UP_bihar_madhyapradesh#viralfeverthecrosscurrent
Comments (0)
Add Comment