বিজেপি নেতাই কিমান মিছা কথা কয়? বিজেপি নেতাই কিমান মনে সজা কথা কয়? বিজেপি নেতা মানেই ,নাকটো চুলেই বুধি!
কথাই প্ৰতি ফাঁকি দি ধৰা পৰিলেও লাজ নাপায় বিজেপি নেতাই।খাল খান্দি ঘৰিয়াল পুহি বাৰে বাৰে বিপদত পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী।সেয়া লাগিলে প্ৰধানমন্ত্ৰী মোডীয়েই হওক অথবা বিজেপিৰ কেন্দ্ৰীয় সভাপতি জে পি নাড্ডাই হওক,কথাই প্ৰতি ফাঁকি দিয়াটো তেওঁলোকৰ অভ্যাস ! ফাঁকি আৰু ধাপ্পাবাজি বিজেপিৰ ধৰ্ম !এইকথা আমি কোৱা নাই। সভাপতি নাড্ডাই বিশাল জনসভাত দাবী কৰিছে যে মোডীজীৰ ইমানেই ক্ষমতা যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলনেস্কিলৈ ফোন কৰি তেওঁ যুদ্ধ বন্ধ কৰি দিছিল ।প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় ছাত্ৰছাত্ৰীক ইউক্ৰেইনৰ পৰা উদ্ধাৰ কৰাৰ বাবে ৬ ঘণ্টাৰ বাবে যুদ্ধ বন্ধ কৰা বুলি দাবী কৰি আহিছে বিজেপিয়ে। আনহাতে, বিদেশ মন্ত্ৰালয়ৰ বিষয়াৰ মন্তব্যত প্ৰকাশ পাইছে প্ৰকৃত তথ্য। বিদেশ মন্ত্ৰালয়ৰ বিষয়াই কৈছে ৬ ঘণ্টা যুদ্ধ বন্ধ কৰা বুলি ওলোৱা দাবীটো সত্য নহয়। বিজেপিৰ নেতাই ভাবে তেওঁলোকে যি কয় তাকেই জনতাই সঁচা বুলি ভাবে !কিন্তু খাল খান্দি নিজেই ঘৰিয়াল পুহিছে প্ৰধানমন্ত্ৰী মোডীয়ে। ডিজিটেল ইণ্ডিয়াৰ কথা কৈ গাঁৱেভূঞে বিজেপিৰ আইটি শ্বেলৰ হতুৱাই বিজেপি আৰু তেওঁৰ কৰ্মৰাজিৰ বিষয়ে ঢোল পিতাই থাকিলেও সেই একে ডিজিটেল ইণ্ডিয়াই খুলি দিয়ে বিজেপিৰ মুখা !