মুণ্ডন কৰি, যজ্ঞ পাতি বিজেপি ত্যাগ কৰিলে এজন বিধায়কে

নিৰ্বাচনৰ পূৰ্বে ত্ৰিপুৰা বিজেপিত মোক্ষম আঘাত। গভীৰ অনুশোচনাত দল ত্যাগ কৰে বিজেপিৰ এজন বিধায়কে আৰু লগতে তেওঁ ৰাজহুৱা ভাৱে মুণ্ডন কৰি যজ্ঞ পাতি বিজেপিলৈ যোৱাৰ প্ৰায়শ্চিত্তও কৰে। মুণ্ডন কৰাৰ পাছত আশিস দাসে কয়-বিজেপিলৈ যোৱাটোৱেই আছিল মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল৷ গেৰুৱা দলৰ হৈ সেৱা আগবঢ়োৱাটো মোৰ জীৱনৰ অন্যতম ডাঙৰ ভুল বুলি গণ্য কৰি কলকাতাৰ কালীঘাট মন্দিৰত মূৰৰ চুলি ক্ষুৰাই যজ্ঞ কৰিলোঁ। এনেকুৱা কৰি নিজকে মই শুদ্ধি কৰিলোঁ৷ বিজেপি শাসিত ত্ৰিপুৰাত ৰাজনৈতিক অৰাজকতা আৰু বিশৃংখলতা বিৰাজ কৰিছে- যাক লৈ জনসাধাৰণ অসন্তুষ্ট৷’’

BJPindiathecrosscurrent
Comments (0)
Add Comment