সমৰ্থন হেৰুওৱা বিজেপিৰ সাৰথি CBI আৰু ED

সমৰ্থন হেৰুওৱা বিজেপিৰ সাৰথি CBI আৰু ED

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দুৰ্নীতিৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ শূণ্য সহনশীলতাৰ বিৰুদ্ধে চৰকাৰৰ কঠোৰ স্থিতিৰ কথা ঘোষণা কৰিছে। তদন্তকাৰী সংস্থাক তেওঁলোকৰ দায়িত্ববোৰ সুচাৰুৰূপে পালন কৰিবলৈ আহ্বান জনাইছে প্ৰধানমন্ত্ৰীয়ে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই সদায় বিৰোধীৰ বিৰুদ্ধেহে অভিযান চলাই আহিছে বুলি প্ৰায়ে অভিযোগ উত্থাপন হয়। কংগ্ৰেছ,জনতা দল (ইউ),চিপিএম,আপ,তৃণমূল কংগ্ৰেছ আদি সকলো দলেই কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই ভুৱা গোচৰেৰে বিৰোধীক ব্যতিব্যস্ত কৰা বুলি অভিযোগ তুলি আহিছে।নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কোনো দুৰ্নীতিগ্ৰস্ত লোকেই ৰাজনৈতিক বা সামাজিক নিৰাপত্তা পোৱা অনুচিত বুলি মন্তব্য কৰে। “দুৰ্নীতি এনেকুৱা এটা বস্তু যাৰ পৰা আমি আটায়ে দূৰত থকা উচিত। যিকোনো মূল্যৰ বিনিময়ত আমি দুৰ্নীতিৰ পৰা আঁতৰি থকা উচিত”- এনেদৰে কয় প্ৰধানমন্ত্ৰী মোডীয়ে।
“বহু সময়ত দেখা যায় যে কাৰাগাৰৰ পৰা মুক্ত হৈ অহা দুৰ্নীতিগ্ৰস্ত লোকক ভাল মানুহ সজোৱা হয়।এইটো      ভাৰতীয় সমাজৰ বাবে একেবাৰে গ্ৰহণীয় নহয়। এতিয়াও বহু দুৰ্নীতিগ্ৰস্থ লোকৰ হৈ বহুতে ওকালতি কৰে”-এনেদৰে মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। দুৰ্নীতিগ্ৰস্ত লোকৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ল’বলৈ যাওঁতে কোনো ক্ষেত্ৰতে পিছুৱাই নাহিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে।প্ৰধানমন্ত্ৰী মোডীয়ে যিমানেই দুৰ্নীতিৰ বিৰুদ্ধে তেওঁৰ অসহিষ্ণুতাৰ কথা নকওক কিয়,প্ৰকৃতাৰ্থত কিন্তু তদন্তকাৰী সংস্থাৰ লক্ষ্য সদায় বিৰোধী দলৰ সদস্যই হয়।যিবোৰ ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা থাকে সেইবোৰৰ বিৰোধী দলৰ নেতাক লক্ষ্য কৰি লয় তদন্তকাৰী সংস্থাই ।

মহাৰাষ্ট্ৰ,পশ্চিমবংগ,দিল্লী,তেলেংগানা,ঝাৰখাণ্ড আদি ৰাজ্যত তদন্তকাৰী সংস্থাই নিৰ্বাচনৰ আগতেই অভিযান চলাই বিৰোধীৰ ওপৰত এক হেঁচাৰ সৃষ্টি কৰিছিল।শেহতীয়া ঝাৰখাণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ ঘটনাটো এক উৎকৃষ্ট উদাহৰণ।ইডিয়ে তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ আনিছে৷বৃহস্পতিবাৰে তেওঁক ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ দিছিল সংস্থাটোৱে।মুখ্যমন্ত্ৰী হেমন্ত চোৰেণ আৰু তেওঁৰ দল ঝাৰখাণ্ড মুক্তি মৰ্চাৰ চৰকাৰ ভঙাৰ বাবে এই সিন্ধান্ত লৈছে কেন্দ্ৰীয় চৰকাৰে বুলি অভিযোগ কৰিছে মুখ্যমন্ত্ৰী হেমন্ত চোৰেণ আৰু তেওঁৰ দলে।চিবিআইয়ে ২০১৭ চনত প্ৰাক্তন ৰে’ল মন্ত্ৰী লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধেও তদন্ত চলাইছিল৷লালু প্ৰসাদ যাদৱ কেন্দ্ৰীয় মন্ত্ৰী হৈ থাকোতে তেওঁ তেওঁৰ দুজন ঘনিষ্ঠ সহযোগীক তেওঁ দুখন চৰকাৰী হোটেল চলোৱাৰ দায়িত্ব দিছিল৷লালু প্ৰসাদ যাদৱৰ ওপৰিও তেওঁৰ পত্নী ৰাৱৰী দেৱী আৰু পুত্ৰ তেজস্বী যাদৱৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছিল চিবিআয়ে।বিজেপি শাসনলৈ অহাৰ পিছতে আম আদমি পাৰ্টিৰ চৰকাৰকো লক্ষ্য হিচাপে লৈছে চিবিআই আৰু দিল্লী আৰক্ষীয়ে৷ইতিমধ্যে দিল্লী চৰকাৰৰ সুৰা নীতিৰ বিৰুদ্ধে অভিযান চলাই উপমুখ্যমন্ত্ৰী মণীষ ছিচ’দিয়াক জেৰা কৰিছিল চিবিআয়ে৷ তদুপৰি দিল্লী জলবৰ্ড,দিল্লী ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ বিৰুদ্ধেও দিল্লী চৰকাৰৰ দুৰ্নীতিৰ অভিযোগ আনিছে চিবিআয়ে৷ইতিমধ্যে আপৰ এগৰাকী মন্ত্ৰী সত্যেন্দ্ৰ জৈন দুৰ্নীতি আৰু উৎকোচ লোৱাৰ অপৰাধত কাৰাগাৰত বন্দী হৈ আছে৷আনকি অৰবিন্দ কেজৰিৱালৰ বাসগৃহতো তদন্তকাৰী সংস্থাই চলাইছিল তালাচী।২০১৯ চনৰ উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ আগতে অখিলেশ যাদৱ আৰু মায়াৱতীৰ দলৰ মাজত মিত্ৰতাৰ বিষয় আলোচনা চলি থাকোতেই অখিলেশ যাদৱৰ ওপৰত চিবিআয়ে গোচৰ ৰুজু কৰি ১৪ টা স্থানত তালাচী চলাইছিল চিটিআয়ে। চৰকাৰী চেনীকলৰ আৱণ্টন,আয়তকৈ অধিক সম্পত্তিৰ গোচৰ আদি লগোৱা হৈছিল মায়াৱতীৰ বিৰুদ্ধে৷তাৰ পিছৰ পৰাই এসময়ত বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰা মায়াৱতীৰ মুখ বন্ধ হৈ পৰিল আৰু অখিলেশ যাদৱেও বিজেপিৰ বিৰুদ্ধে কোনো সৱল স্থিতি গ্ৰহণ নকৰা হ’ল। ২০১৯ চনতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিদাম্বৰমক আইএনএক্স মেডিয়া গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল৷চিদাম্বৰমৰ বিৰুদ্ধে অভিযোগ আছিল যে তেওঁ বিত্ত মন্ত্ৰী থকাৰ সময়ত আইএনএক্সত ব নীতিবিৰুদ্ধভাৱে বিদেশী কোম্পানীক বিনিয়োগ কৰাৰ অনুমতি দিছিল৷চিদাম্বৰম মুঠ ১০৬ দিনত কাৰাগাৰত আছিল।কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধী তথা কংগ্ৰেছ নেতা ৰাহুল গান্ধীকো নেশ্যনেল হেৰাল্ড গোচৰত ইডিয়ে জেৰা কৰিছে৷ আশ্চৰ্যজনকভাৱে ইডিয়ে আজিলৈকে ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীৰ পৰা কি তথ্য পালে ৰাজহুৱা কৰা নাই।তদুপৰি ইডিয়ে ইয়াৰ আগতে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুডা,জ্যেষ্ঠ কংগ্ৰেছ নেতা মতিলাল ভোৰাৰ বিৰুদ্ধেও গোচৰ ৰুজু কৰিছিল।২০১৯ চনৰ ছেপ্তেম্বৰত কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰক ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল৷তেওঁৰ বিৰুদ্ধে প্ৰায় ৭ কোটি টকা বেআইনীভাৱে বিদেশলৈ পঠিওৱাৰ অভিযোগ উত্থাপন কৰিচিল ইডিয়ে।২০১৪ চনত নিৰ্বাচনী প্ৰচাৰৰ সময়ত বিজেপিয়ে প্ৰায়ে কৈছিল যে তেওঁলোকে ৰবাৰ্ট বাদ্ৰাক কাৰাগাৰলৈ পঠিয়াব। বিজেপি চৰকাৰ অহা ৮ বছৰ হ’ল কিন্তু এতিয়ালৈকে ৰবাৰ্ট বাদ্ৰা কাৰাগাৰলৈ যোৱা নাই। আয়কৰ বিভাগে ৰবাৰ্ট বাদ্ৰাক কেইবাবাৰো জেৰা চলাইছে। ২০১৯ চনৰ বিধানসভাৰ নিৰ্বাচনৰ আগত ইডিয়ে মহাৰাষ্ট্ৰৰ দুই নেতা ক্ৰমে উদ্ধৱ থাকৰে আৰু শাৰদ পাৱাৰো তদন্তকাৰী সংস্থাৰ ৰোষত পৰিছিল। ইডিয়ে ২০১৯ চনত এনচিপিৰ শাৰদ পাৱাৰলৈ জাননী পঠিয়াইছিল আৰু তাৰ উত্তৰত পাৱাৰে নিজেই কাৰ্যালয়লৈ যাব বুলি জনোৱাত ইডি স্তম্ভিত হৈ পৰিছিল।
২০২০ চনত মহাৰাষ্ট্ৰত মহা বিকাশ অগধী চৰকাৰ গঠন হোৱাৰ পিছত উদ্ধৱ থাকৰে,সঞ্জয় ৰাৱত,পাৱাৰ তেওঁৰ কন্যা তথা সাংসদ সুপ্ৰিয়া চুলে,থাকৰেৰ পুত্ৰ আদিত্য থাকৰেক আয়কৰ বিভাগে জেৰাৰ বাবে মাতিছিল। ২০২০ চনত ইডিয়ে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ ভাতৃ সাৰৰ গোচৰত জড়িত থকাৰ অভিযোগ তুলি তেওঁৰ বাসগৃহ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত তালাচী চলৰইছিল। সাংবাদিক আৰু নন গোডী সংবাদ প্ৰতিষ্ঠানবোৰ বিজেপিৰ অন্যতম আক্ৰমণৰ লক্ষ্য। ৱায়াৰ নামৰ সংবাদ প্ৰতিষ্ঠানটো বাৰে বাৰে লক্ষ্য হৈ পৰিছে চৰকাৰৰ তদন্তকাৰী সংস্থাৰ৷ইতিমধ্যে উত্তৰ প্ৰদেশত ৱায়াৰৰ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈছে৷দিল্লী আৰক্ষীয়ে কেইবাটাও ইলেক্ট্ৰনিক ডিভাইছ ৱায়াৰৰ কাৰ্যালয়ৰ পৰা জব্দ কৰিছে৷Alt news ৰ সম্পাদক মহম্মদ জুবেইৰক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।দক্ষিণ ভাৰতৰ সাংবাদিক কপ্পান তিনি বছৰ ধৰি কাৰাগাৰত আছে৷হথৰছৰ দলবদ্ধ ধৰ্ষণৰ সংবাদ পৰিৱেশন কৰাই তেওঁৰ দোষ আছিল। তদুপৰি বহু সামাজিক তথা ৰাজনৈতিক ব্যক্তি বৰ্তমান কাৰাগাৰত বন্দী হৈ আছে৷জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ ওমৰ খালিদ,খালিদ ছাফী,চাৰ্জিল ইমাম,জামিয়া আৰু বহু সংখ্যক সক্ৰিয় ছাত্ৰ এতিয়াও কাৰাগাৰত বন্দী হৈ আছে। ওমৰ খালিদৰ জামিনৰ আৱেদন বাৰি বাৰে ন্যায়ালয়ে নাকচ কৰি আছে।

Comments (0)
Add Comment