কেনে আছিল তাৰক মেহতা কা উলটা চচমাৰ নট্টু কাকা খ্যাত অভিনেতা ঘনশ্যাম নায়ক?

জনপ্ৰিয় ধাৰাবাহিক তাৰক মেহতা কা উলটা চচমাৰ নট্টু কাকা খ্যাত প্ৰবীণ অভিনেতা ঘনশ্যাম নায়ক আৰু নাই। প্ৰতিভাশালী জ্যেষ্ঠ শিল্পীজনৰ দেওবাৰে (৩ অক্টোবৰ) মুম্বাইত মৃত্যু হয়। মৃত্যুৰ সময়ত নায়কৰ বয়স আছিল ৭৭ বছৰ। ঘনশ্যামে দেওবাৰে সন্ধিয়া প্ৰায় ৫:৩০ বজাত মুম্বাইৰ সুচাক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে। বিগত বৰ্ষত অভিনেতাজনৰ ডিঙিত আঠটা গাঁঠি পোৱাৰ পিছত অস্ত্ৰোপচাৰ কৰা হৈছিল। নায়ক কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ লগে লগে কেমোথেৰাপী দিবলগীয়া হৈছিল। নট্টু কাকা সম্পৰ্কে মন্তব্য কৰি অসিত মোডীয়ে কয় যে তাৰক মেহতা কা উলটা চচমা পৰিয়ালে নায়কৰ অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিব। মোডীয়ো ঘনশ্যাম নায়কৰ সৈতে দুই দশকৰ দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা স্মৰণ কৰি কয় যে-নায়ক ২০০১ চনৰ পৰা মোৰ সৈতে জড়িত আছিল। নায়ক আমাৰ পৰিয়ালৰ সদস্যৰ দৰে আছিল আৰু মোৰ তেওঁৰ সৈতে এক ঘনিষ্ঠ সম্পৰ্ক আছিল। নায়কে TMKOCৰ গোটেই দলটোক আশীৰ্বাদ দিছিল। আমি একেলগে সুখেৰে কাম কৰিছিলো। নায়ক এজন ৰসিক আৰু দয়ালু ব্যক্তি আছিল। তেওঁলৈ মনত পৰিব।অসিত মোডীয়ে এইটোও প্ৰকাশ কৰিছিল যে নায়কে যোৱা কেইমাহ মান দুৰ্বল স্বাস্থ্যৰ বাবে দৃশ্যগ্ৰহণ কৰা নাছিল। নায়কে শেষবাৰৰ বাবে ৩-৪ মাহ আগতে ছেটত আমাৰ সৈতে কাম কৰিছিল। তেওঁৰ স্বাস্থ্যৰ অৱনতি হোৱা বাবে দৃশ্যগ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাছিল।

nattukakatarakmehtakaultasasmathecrosscurrent
Comments (0)
Add Comment