ভাৰতৰ হকী দলক বছৰি ২০ কৌটিকৈ টকা দিয়া মুখ্যমন্ত্ৰীগৰাকী

টকিঅ’ অলিম্পিকত ভাৰতৰ পুৰুষ আৰু মহিলা দুয়োটা হকী দলেই ইতিহাস ৰচনা কৰিছে ৷ ৪১ বছৰৰ বিৰতিত ভাৰতৰ মহিলা হকী দলে আজি প্ৰৱেশ কৰিছে অলিম্পিকৰ ছেমি ফাইনেলত ৷ তিনিবাৰৰ স্বৰ্ণজয়ী অষ্ট্ৰেলিয়াক পৰাজিত কৰি মহিলা হকী দলটো ছেমি ফাইনেললৈ ধাৱমান হয় ৷ আনহাতে , ইয়াৰ পূৰ্বেই ছেমিফাইনেলত প্ৰৱেশ কৰিছে পুৰুষৰ হকী দলটোৱে৷ দীৰ্ঘদিনৰ পাছত ভাৰতীয় হকী দলৰ এই সফলতাৰ লগে লগে চৰ্চালৈ আহিছে দেশৰ এগৰাকী মুখ্যমন্ত্ৰী ৷ তেও নবীন পাটনায়ক ৷ উৰিষ্যাৰ মুখ্যমন্ত্ৰী৷ এইগৰাকী মুখ্যমন্ত্ৰীয়ে ২০১৮ চনৰ পৰাই ভাৰতৰ দুয়োটা হকী দলক স্পনছৰশ্বিপ আগবঢ়াই আহিছে ৷ সেই বছৰটোত উৰিষ্যাই আয়োজন কৰিছিল হকী বিশ্বকাপ ৷ তেতিয়াৰ পৰাই উৰিষ্যাৰ মাইনিঙ কৰ্পোৰেশ্যনৰ জড়িয়তে নবীন পাটনায়কে ভাৰতৰ পুৰুষ আৰু মহিলা হকী দলৰ পৃষ্ঠপোষকতা কৰি আহিছে ৷ পাটনায়কে দুয়োটা দলক বছৰি ২০ কৌটিকৈ টকা প্ৰদান কৰে ৷ ডোন স্কুলত পঢ়ি থকা সময়ত নবীন পাটনায়ক আছিল স্কুলৰ হকী দলৰ গ’লকীপাৰ৷ হকীৰ প্ৰতি থকা বিশেষ আগ্ৰহৰ বাবেই তেও ভাৰতৰ হকী দলক নীৰৱে সহায় আগবঢ়াই আহিছে ৷ আজি ভাৰতীয় হকী দলে সফলতা লাভ  কৰা সময়ত বিশেষভাৱে চৰ্চিত হৈছে নবীন পাটনায়কৰ অৱদানৰ কথা ৷ যিসময়ত ভাৰতৰ বেছিভাগ ৰাজনীতিকে ক্ৰীড়া সংস্থাত প্ৰভূত্ব বিস্তাৰৰ বাবে কূটনীতি – ৰাজনীতিৰ আশ্ৰয় লৈ আহিছে , তেনেসময়ত নবীন পাটনায়ক ব্যতিক্ৰম ৰূপত বিশ্ববাসীৰ সন্মুখত উজলি উঠিছে ৷

indianhockeynabinpatnaikodishacmthecrosscurrent
Comments (0)
Add Comment