৪৮ ঘন্টাৰ ভিতৰত মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ৷ তালিকাত কোন কোন ?

বহু চৰ্চা , জল্পনা – কল্পনাৰ পাছত অৱশেষত আহি পাইছে সেই গুৰুত্বপূৰ্ণ মুহূৰ্তটো ৷ অহা ৪৮ ঘন্টাৰ ভিতৰত নৰেন্দ্ৰ মোদী কেবিনেটৰ সম্প্ৰসাৰণ কৰা হ’ব ৷ ৰাজধানী দিল্লীত এই মুহূৰ্তত আটাইতকৈ সৰৱ চৰ্চা চলিছে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ ৷ কোন নতুন মুখে স্থান পাব মন্ত্ৰীসভাত ? কোনে ল’ব লাগিব বাহিৰৰ পথ – তাক লৈয়ে ব্যাপক আলোচনা চলিছে ৰাজধানীৰ অলিয়ে গলিয়ে ৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মোদী মন্ত্ৰীসভাত নতুনকৈ স্থান পাবলগীয়া তালিকাত প্ৰথম পাচজনৰ ভিতৰতে আছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম ৷ এই তালিকাত প্ৰথমতে আছে মধ্যপ্ৰদেশৰ সাংসদ জ্যোতিৰাদিত্য সিন্ধিয়াৰ নাম ৷ এইগৰাকী প্ৰাক্তন কংগ্ৰেছী নেতাই মধ্যপ্ৰদেশত কংগ্ৰেছ চৰকাৰৰ পতন আৰু বিজেপিক শাসনলৈ অনাত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল ৷ সেইবাবেই কেন্দ্ৰীয় মন্ত্ৰীসভাত গুৰুত্বপূৰ্ণ দপ্তৰেৰে তেওক পুৰষ্কৃত কৰাটো নিশ্চিত হৈ পৰিছে ৷ ইয়াৰ পাছতে চৰ্চালৈ আহিছে বিহাৰৰ দুগৰাকী সাংসদৰ নাম ৷ তেওলোক হ’ল লোক জনশক্তি পাৰ্টীৰ পশুপতি কুমাৰ পাৰস আৰু জনতা দল ইউনাইটেডৰ আৰ পি সিঙ ৷ এল জে পিৰ মন্ত্ৰী ৰামবিলাস পাছোৱানৰ মৃত্যুৰ পাছৰে পৰা তেওৰ স্থানত আন কোনো নতুন মন্ত্ৰীক দায়িত্ব দিয়া হোৱা নাই ৷ ইপিনে দলটোত পাছোৱানৰ পুত্ৰৰ বিৰুদ্ধে মুকলি অনাস্থা ঘোষণা কৰি সম্পূৰ্ণ কৰ্তৃত্ব নিজৰ দখললৈ আনিছে পশুপতি কুমাৰ পাৰসে ৷ গতিকে তেও মোদী কেবিনেটত স্থান পোৱাটো একপ্ৰকাৰ নিশ্চিত ৷ মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰি জে ডি (ইউ)ৰ সাংসদ আৰ কে সিঙকো মন্ত্ৰীসভাত স্থান দিয়া হ’ব ৷ ইয়াৰ পাছতে নাম আছে অপনা দলৰ সাংসদ অনুপ্ৰিয়া পেটেলৰ ৷ উত্তৰ প্ৰদেশৰ আহিবলগীয়া বিধানসভাৰ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখিয়েই অপনা দলৰ নেত্ৰীগৰাকীক মোদী কেবিনেটত অন্তৰ্ভুক্ত কৰা হ’ব ৷ সাম্ভাব্য তালিকাৰ চতুৰ্থ স্থানত আছে বিজেপি সাংসদ বৰুণ গান্ধীৰ নাম ৷ ইয়াৰ পছতে অসমৰ প্ৰাক্তণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই মুঠেও বিচৰা নাই যে দ্বিতীয়বাৰৰ কাৰণে শাসনলৈ অহা অসমত ক্ষমতাৰ অভিকেন্দ্ৰ দুটা হওক ৷ সেইবাবেই সোণোৱালক সংস্থাপিত কৰা হ’ব নতুন দিল্লীত ৷ শেহতীয়াকৈ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পদৰ পৰা ইস্তাফা দিয়া তীৰথ সিঙ ৰাৱট আৰু মহাৰাষ্ট্ৰৰ প্ৰাক্তণ মুখ্যমন্ত্ৰী নাৰায়ণ ৰাণেও দিল্লীত নতুন ঠিকনা লাভ কৰাৰ পূৰ্ণ সম্ভাৱণা আছে ৷ একেদৰে বিহাৰৰ প্ৰাক্তণ উপ- মুখ্যমন্ত্ৰী সুশীল মোদী , সাংসদ জাময়াংগ নামগয়াল , উত্তৰাখণ্ডৰ পৰা অনিল বালুনী , কৰ্ণাটকৰ প্ৰতাপ সিনহা , পশ্চিমবংগৰ জগন্নাথ চৰকাৰ , শান্তনু ঠাকুৰ বা নিশিথ প্ৰামানিক , হাৰিয়ানাৰ ব্ৰীজেন্দ্ৰ সিংহ , ৰাজস্থানৰ ৰাহুল কাছৱান , ওড়িশাৰ অশ্বিনী বৈষ্ণৱ , দিল্লীৰ পৰৱেশ বাৰ্মা বা মিণাক্ষী লেখীৰ নামো নতুন তালিকাত সন্নিৱিষ্ট হৈছে ৷ইয়াৰ বাহিৰেও বিজেপি সাংসদ হিনা গাবিত , ভূপেন্দ্ৰ যাদৱ , পুণম মহাজন , প্ৰীতম মুন্দে , ৰামশংকৰ কোঠাৰিয়া , ৰীতা বহুগুণা যোশী জাফৰ ইছলামৰ অন্তৰ্ভুক্তিৰ সম্ভাৱণাও প্ৰবল ৷ ধাৰণা কৰা হৈছে যে ১৭ ৰ পৰা ২২ গৰাকী সাংসদে মন্ত্ৰীসভাত স্থান লাভ কৰাৰ বিপৰীতে বাদ পৰিব পাৰে থাৱৰ সিঙ গেহলোট ৷ কিন্তু সৰ্বানন্দ সোণোৱালে মোদী কেবিনেটত স্থান পালেও অসমৰ ৰামেশ্বৰ তেলীৰ স্থান সুৰক্ষিত হৈ থকাৰ সম্ভাৱণা অধিক ৷ অসমৰ চাহ বাগিচাৰ ভোট বেংক অক্ষত ৰাখিবৰ বাবেই ৰামেশ্বৰ তেলীক কেন্দ্ৰীয় নেতৃত্বই মন্ত্ৰীসভাৰ পৰা আতৰাব বিচৰা নাই ৷
এনেদৰেই মোদী মন্ত্ৰীসভাৰ সম্প্ৰসাৰণক লৈ এতিয়া ৰাজনৈতিক মহলত ব্যাপক উৎকণ্ঠা বিৰাজ কৰিছে ৷ বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰীসভাত ২৮ মন্ত্ৰীৰ পদ খালী হৈ আছে ৷ এই পদসমূহ পূৰণৰ বাবে যোৱা দুদিন ধৰি নৰেন্দ্ৰ মোদী , অমিত শ্বাহ আৰু বি এল সন্তোষৰ মাজত কেবালানি বৈঠক অনুষ্ঠিত হৈছে ৷ তাৰ পাছত নতুন মন্ত্ৰীৰ তালিকাও চূড়ান্ত কৰা হৈছে ৷ হয়তো ৪৮ ঘন্টাৰ ভিতৰত এই তালিকা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হ’ব ৷ ইয়াৰ লগে লগে আৰম্ভ হ’ব সৰ্বানন্দ সোণোৱালৰ ৰাজনৈতি জীৱনৰ এক নতুন ইনিংছ ৷

modicabinetNARENDRAMODIsarbanandasonowal
Comments (0)
Add Comment