প্ৰধানমন্ত্ৰী মোডীয়ে গৃহমন্ত্ৰী অমিত শ্বাহক কিয় দিলে সমবায় মন্ত্ৰীৰ দায়িত্ব?

সমবায় আন্দোলনক উৎসাহিত কৰাৰ পৰিকল্পনা নে দেশৰ সমবায় প্ৰতিষ্ঠান সমূহ নিজৰ নিয়ন্ত্ৰণলৈ অনাৰ গোপন অভিসন্ধি?

নিয়ৰ ডেকাৰ কলমত-

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আটাইতকৈ বিশ্বস্ত সহযোগী বুলি গণ্য কৰা গৃহমন্ত্ৰী অমিত শ্বাহৰ হাতত অৰ্পণ কৰা হ’ল আন এটা নতুন মন্ত্ৰালয়ৰ দায়িত্ব। যোৱা ৭ জুলাইত হোৱা কেবিনেট সম্প্ৰসাৰণত দেশৰ প্ৰশাসনিক ব্যৱস্থাত সমবায় মন্ত্ৰালয় নামে এক নৱতম সংযোজন কৰে মোডী চৰকাৰে আৰু প্ৰত্যাশিত ভাৱেই গৃহমন্ত্ৰী অমিত শ্বাহকেই দিয়া হয় এই নতুন মন্ত্ৰালয়ৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব। উল্লেখ্য যে অমিত শ্বাহ দীৰ্ঘদিন ধৰি আহমেদাবাদ জিলা কেন্দ্ৰীয় সমবায় বেংকৰ মুৰব্বী আছিল ৷ কোৱা হৈছে যে এতিয়া তেওঁৰ বাবেই এই খণ্ডটো এটা পৃথক মন্ত্ৰালয় হিচাপে গঢ় দিয়া হ’ল।
এক বিশেষ আৰ. টি. আই ৰিপোৰ্টৰ তথ্য অনুসৰি বিমুদ্ৰাকৰণৰ সময়ত অমিত শ্বাহ মুৰব্বী হৈ থকা আহমেদাবাদ জিলা কেন্দ্ৰীয় সমবায় বেংকৰ পৰা আটাইতকৈ বেছি পুৰণি নোট জমা কৰা হৈছিল।
পূৰ্বতে সমবায় সমূহ কৃষি মন্ত্ৰালয়ৰ অধীনস্থ আছিল কিন্তু এতিয়া ইয়াক পৃথক মন্ত্ৰালয়লৈ ৰূপান্তৰিত কৰা হ’ল। ভাৰত চৰকাৰৰ প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৱে প্ৰকাশ কৰা প্ৰেছ বিজ্ঞপ্তি অনুসৰি, “এখন পৃথক সমবায় মন্ত্ৰালয় গঠনে দূৰৱৰ্তী অঞ্চলসমূহত উপস্থিত হোৱাত সহায় কৰিব। আমাৰ দেশত সমবায় আধাৰিত অৰ্থনৈতিক বিকাশ অতি প্ৰাসংগিক। এই আৰ্হিত প্ৰতিজন ব্যক্তিয়ে দায়িত্ব আৰু উৎসাহেৰে কাম কৰিব । এই মন্ত্ৰালয়ে ব্যৱসায়িক ব্যৱস্থাপনা সুলভ কৰি তুলিবলৈ কাম কৰিব।”
বাজেট ভাষণতো বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সমবায়সমূহ শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ইতিমধ্যে অমিত শ্বাহে শনিবাৰে কিছু সংখ্যক সমবায় প্ৰতিষ্ঠানৰ মুৰব্বীৰ সৈতে এখন বৈঠকতো মিলিত হৈছে।
বৈঠকৰ পিছত অমিত শ্বাহে ছ’চিয়েল মিডিয়াত এখন ফটো আপলোড কৰি লিখিছে যে, “আজি আমি এনচিইউআই (ভাৰতীয় ৰাষ্ট্ৰীয় সমবায় সংঘ)ৰ অধ্যক্ষ দিলীপ সংঘানী, ইফকোৰ অধ্যক্ষ বি এছ নাকাই, পৰিচালনা সঞ্চালক ইউ এছ অৱস্বী আৰু NAFEDৰ অধ্যক্ষ ড০ বিজেন্দ্ৰ সিংজীক সাক্ষাৎ কৰিছো৷ মোডীজীৰ নেতৃত্বত আমি সমবায় প্ৰতিষ্ঠান আৰু সকলো সমবায় সমিতিক অধিক শক্তিশালী কৰিবলৈ সংকল্পবদ্ধ।”

সমবায় প্ৰতিষ্ঠানসমূহ সামূহিক প্ৰচেষ্টাৰ জৰিয়তে তৃণমূল পৰ্যায়ত নিৰ্মাণ কৰা হৈছে যাৰ এক কল্যাণমূলক লক্ষ্য আছে। উদাহৰণ স্বৰূপে, কৃষি খণ্ডত সমবায় দুগ্ধজাত, চেনী কল আৰু টেক্সটাইল মিল কৃষকসকলে তেওঁলোকৰ অংশীদাৰী সামগ্ৰীৰ ভাল মূল্য প্ৰাপ্ত কৰাৰ লক্ষ্যৰে নিৰ্মাণ কৰিছিল।
বৰ্তমান ভাৰতত প্ৰায় দুই লাখ সমবায় দুগ্ধ সমিতি আৰু ৩৩০ টা সমবায় চেনী কল আছে। ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ডৰ ২০১৯-২০ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন অনুসৰি, সমবায় দুগ্ধপামে ১.৭ নিযুত সদস্যৰ পৰা প্ৰতিদিনে ৪.৮০ কোটি লিটাৰ গাখীৰ ক্ৰয় কৰে আৰু প্ৰতিদিনে ৩.৭ নিযুত লিটাৰ তৰল গাখীৰ বিক্ৰী কৰে। একেদৰে, দেশৰ চেনী উৎপাদনত সমবায় চেনী কলৰ অংশ হৈছে ৩৫ শতাংশ। বেংকিং আৰু বিত্তীয় খণ্ডত সমগ্ৰ দেশৰ গ্ৰাম্য আৰু নগৰঅঞ্চলত সমবায় সংস্থান বিয়পি আছে। গাওঁ পৰ্যায়ত প্ৰাথমিক কৃষি ঋণ সমিতি আছে। এই সমিতিসমূহে জিলা সমবায় বেংকসমূহলৈ গাওঁৰ ব্যয়ৰ হিচাপ প্ৰেৰণ কৰে। এই সমবায় প্ৰতিষ্ঠানবোৰে গাওঁবাসীক ঋণ প্ৰদান কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । এই সমবায় বেংকবোৰত সামূহিক অংশগ্ৰহণৰ বাবে, কৃষকসকলৰ ঋণ লোৱাৰ অধিকাৰ আছে, যিটো আন বাণিজ্যিক বেংকত নহয়। গ্ৰাম্য অঞ্চলত সমবায় বিপণন সমিতি আৰু নগৰঅঞ্চলত সমবায় গৃহ সমিতিও আছে।
নগৰাঞ্চলৰ সমবায় বেংক আৰু সমবায় ঋণ সমিতিয়ে তেওঁলোকৰ সেৱাৰ পৰিসৰ সম্প্ৰসাৰিত কৰিছে। এইটোৱে বহুতো খণ্ডৰ লোকসকলক লাভান্বিত কৰিছে। ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ তথ্য অনুসৰি, ২০১৯-২০ বৰ্ষত ১৪,৯৩৩.৫৪ টকাৰ মূলধনৰ সৈতে দেশত মুঠ ১,৫৩৯টা নগৰসমবায় বেংক আছে।
লগতে কোৱা হৈছে যে এখন নতুন মন্ত্ৰালয় গঠনে মহাৰাষ্ট্ৰ, গুজৰাট আৰু কৰ্ণাটকৰ দৰে দেশৰ বাকী ৰাজ্যসমূহত সমবায় আন্দোলনক উৎসাহিত কৰিব। সমবায় প্ৰতিষ্ঠানসমূহে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ গেৰাণ্টিৰ পৰা ধন লাভ কৰে। কিন্তু এই প্ৰণালীটোৱে কেৱল কিছুমান ৰাজ্যত সঠিকভাৱে কাম কৰি আছে। সমবায় খণ্ডটোৱে যোৱা কেইবাবছৰ ধৰি পুঁজিৰ অভাৱৰ সন্মুখীন হৈ আহিছে। এইটোও কোৱা হৈছে যে অনাগত বছৰবোৰত পৃথক মন্ত্ৰালয়ৰ বাবে সমবায় প্ৰতিষ্ঠানসমূহে নতুন শক্তি লাভ কৰিব পাৰে।
মহাৰাষ্ট্ৰৰ ৰাজনীতিত সমবায় প্ৰতিষ্ঠানসমূহৰ ভূমিকা অতি কাৰ্যকৰী। মহাৰাষ্ট্ৰত ১০০ তকৈও অধিক বিধায়ক কোনো এখন সমবায় প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ আছে। আনকি এনচিপিৰ মুৰব্বী শৰদ পাৱাৰ আৰু বৰ্তমানৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰেও মহাৰাষ্ট্ৰত সমবায় প্ৰতিষ্ঠানসমূহত নিৰ্বাচনৰ সৈতে তেওঁলোকৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিল। মহাৰাষ্ট্ৰৰ অৰ্থনীতিত সমবায় সংস্থানৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ।
বিৰোধী দলসমূহে এখন নতুন মন্ত্ৰালয় গঠনক সমালোচনা কৰি অভিযোগ কৰিছে যে বিজেপিয়ে মহাৰাষ্ট্ৰ আৰু গুজৰাটত সমবায় প্ৰতিষ্ঠানসমূহ নিয়ন্ত্ৰণ কৰিব বিচাৰে। সংসদৰ বৰ্ষাকালীন অধিৱেশন ১৯ জুলাইৰ পৰা আৰম্ভ হ’ব আৰু এই বিষয়টোয়ে সদন উতপ্ত কৰিব পাৰে।
বিৰোধীয়ে দাবী কৰিছে যে মোডী চৰকাৰে সমবায় আন্দোলন নিয়ন্ত্ৰণ কৰিবলৈহে এখন নতুন মন্ত্ৰালয় সৃষ্টি কৰিবলৈ পদক্ষেপ লৈছে।
জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰমেশ চেনিথালাই “ দ্য হিন্দু”ৰ আগত প্ৰকাশ কৰা ব্যক্তব্য অনুসৰি – “বিজেপিয়ে সমবায় আন্দোলনৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ বিচাৰে, সেয়েহে তেওঁলোকে অমিত শ্বাহক পৃথক মন্ত্ৰালয় সৃষ্টি কৰি মন্ত্ৰীৰ দায়িত্ব দিছে।” সমবায় এটা ৰাজ্যিক বিষয় আৰু সংবিধানৰ সপ্তম অনুসূচীৰ অংশ। সংসদত এখন বিধেয়ক অনা অবিহনে এই মন্ত্ৰালয়সমূহ কেনেকৈ গঠন কৰিব পাৰি?
উল্লেখযোগ্য যে , মহাৰাষ্ট্ৰ, কেৰালা, গুজৰাট, কৰ্ণাটক, তামিলনাডু আৰু মধ্য প্ৰদেশত, সমবায় প্ৰতিষ্ঠানবোৰে ক্ষমতা হস্তান্তৰত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে। ইয়াৰে বহুতো প্ৰতিপত্তিশালী সমবায় বিৰোধী নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি, চিপিআইএম আৰু কংগ্ৰেছৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়।
চিপিআইৰ সাধাৰণ সম্পাদক ডি ৰাজাই অভিযোগ কৰিছে যে চৰকাৰে পৃথক মন্ত্ৰালয় স্থাপনৰ কোনো কাৰণ উল্লেখ কৰা নাই আৰু অমিত শ্বাহৰ নিযুক্তিয়ে বহুতো প্ৰশ্ন উদ্বেগ কৰিছে। ডি ৰাজাই লগতে কয় যে এইটো ৰাজ্যৰ ওপৰত এক প্ৰকাৰৰ অবৈধ বেদখল আৰু তেওঁ বৰ্ষাকালীন অধিৱেশনত বিষয়টো উত্থাপন কৰিব। চিপিআইএমৰ সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়েও সমবায় বেংকসমূহৰ নগদ ধনৰ ওপৰত চৰকাৰৰ চকু পৰিছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে!

ministryofcooperationthecrosscurrent
Comments (0)
Add Comment