মহাত্মা গান্ধীয়ে যদি এতিয়া নিৰ্বাচন খেলিলেহেঁতেন, ফলাফল কি হ’লহেঁতেন! মহাত্মা গান্ধীয়ে আজিৰ পৰিস্থিতিত ভাৰতত নিৰ্বাচনত অৱতীৰ্ণ হ’লে নিশ্চিত পৰাজয়ৰ সন্মুখীন হোৱাই নহয়, আমানতৰ ধনো জব্দ হ’লহেঁতেন ৷ শেহতীয়া কেইবাটাও সাক্ষাৎকাৰত প্ৰত্যয়ৰে এই ঘোষণা কৰিছে দেশৰ আগশাৰীৰ সাংবাদিক ৰাজদ্বীপ সৰদেশায়ে ৷ যদিও প্ৰশ্নটো তেনেই কাল্পনিক, নাই কোনো বাস্তৱ আধাৰ, তাৰ পাছতো উত্তৰটো আজিৰ প্ৰেক্ষাপটত এক ধ্ৰুৱসত্য৷ মহাত্মা গান্ধীয়ে হিন্দু-মুছলমানক বিভাজিত কৰি ভোট বিচাৰিব নোৱাৰিলেহেঁতেন, মহাত্মা গান্ধীয়ে সাম্প্ৰদায়িকতাক উচটনি দিব নোৱাৰিলেহেঁতেন, মহাত্মা গান্ধীয়ে কোটি কোটি টকা ব্যয় কৰি, হেলিকপ্তাৰ-বিমানত উঠি প্ৰচাৰ নচলালেহেঁতেন, সৰ্বোপৰি মহাত্মা গান্ধীয়ে টকা দি ভোট কিনা ঘটনাক পাপ বুলি গণ্য কৰিলেহেঁতেন ৷ গান্ধীৰ জীৱন আৰু নৈতিকতাই এই আটাইকেইটা কথা স্পষ্ট কৰি গৈছে ৷ গান্ধীয়ে যি সাতটা কামক পাপ বুলি গণ্য কৰিছিল, তাৰ ভিতৰত অন্যতম আছিল-নীতিহীন ৰাজনীতি আৰু বিনা কামত ধন ৷ স্বাভাৱিকতে গান্ধীয়ে জধে মধে হিতাধিকাৰী সৃষ্টি কৰি নগদ ধন বিতৰণৰ দুৰ্ঘোৰ বিৰোধিতা কৰিলেহেঁতেন , চৰকাৰ ভঙা-দল বাগৰা কামকো প্ৰশ্ৰয় নিদিলেহেঁতেন ৷ স্বাভাৱিকতে আজিৰ যুগৰ ৰাজনীতিৰ বাবে মহাত্মা গান্ধী চৰম অযোগ্য এজন মানুহ ৷ তাৰ পাছতো যদি তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ দুঃসাহস কৰিলেহেঁতেন, আমানতৰ ধন জব্দ হোৱাটো নিশ্চিত ৷ এই কথাত নিশ্চয় কাৰো তিলমানো সন্দেহ থকা উচিত নহয় ৷
নিৰ্বাচন আয়োগে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি, ২০২৩-২৪ বৰ্ষত নিৰ্বাচন আৰু অন্যান্য প্ৰচাৰত শাসকীয় দল বিজেপিয়ে ব্যয় কৰিছে ১,৭৫৪ কোটি টকা ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ দলে ব্যয় কৰিছে ১,১২৯ কোটি টকা ৷ এই সময়ছোৱাত এটা বছৰৰ ভিতৰত বিজেপিৰ উপাৰ্জন ২,৩৬০ কোটি টকাৰ পৰা ৪,৩৪০ কোটি টকালৈ বৃদ্ধি পাইছে ৷ একেদৰে কংগ্ৰেছৰ উপাৰ্জন ৪৫২ কোটি টকাৰ পৰা ১,২২৫ কোটি টকালৈ বৃদ্ধি পাইছে ৷ যিখন দেশত এতিয়াও ৮০ কোটি নাগৰিক চৰকাৰৰ বিনামূলীয়া ৰেচনৰ ওপৰত নিৰ্ভৰশীল , সেইখন দেশত একোটা ৰাজনৈতিক দলে কেনেকৈ নিৰ্বাচনৰ নামত হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰিছে, তাৰ এক চৰকাৰী পৰিসংখ্যা মাত্ৰ এয়া ৷ মহাত্মা গান্ধীয়ে এই ৰাজনীতিক সমৰ্থন কৰিলেহেঁতেননে?
আমি সকলোৱে জানো যে নিৰ্বাচনৰ সময়ত প্ৰতিটো ৰাজনৈতিক দলেই কিদৰে পানীৰ দৰে টকাৰ নৈ বোৱাই দিয়ে ৷ যাৰ আচল পৰিসংখ্যা কাৰো ওচৰতেই নাথাকে ৷ তাৰ মাজতে চেণ্টাৰ ফৰ মেডিয়া ষ্টাডিজে প্ৰকাশ কৰা সমীক্ষা অনুসৰি , বিগত লোকসভা নিৰ্বাচনত ভাৰতত ব্যয় কৰা হৈছে প্ৰায় ১ লাখ ৩৫ হাজাৰ কোটি টকা ৷ অৰ্থাৎ একোটা ভোটৰ বিনিময়ত ব্যয় হৈছে ১,৪০০ টকাকৈ ৷একোটা লোকসভা সমষ্টিত ব্যয় হৈছে ২৪৯ কোটি টকাকৈ ৷ সংস্থাটোৱে ২০২৪ ৰ সাধাৰণ নিৰ্বাচন সন্দৰ্ভত এতিয়ালৈকে বিতং তথ্য প্ৰকাশ কৰা নাই যদিও ২০২৯ চনৰ নিৰ্বাচন সন্দৰ্ভত ৩২ পৃষ্ঠাৰ এক প্ৰতিবেদন প্ৰকাশ কৰিছিল ৷
এই প্ৰতিবেদনত ২০১৯ ৰ সাধাৰণ নিৰ্বাচনত ৫৫ ৰ পৰা ৬০ হাজাৰ কোটি টকা ব্যয় হোৱা বুলি কোৱা হৈছে ৷ ইয়াৰ ভিতৰত ভোটাৰক পোনপটীয়াকৈ দিয়া হৈছে ১২ ৰ পৰা ১৫ হাজাৰ কোটি টকা ৷ প্ৰচাৰত ব্যয় কৰা হৈছে ২০ ৰ পৰা ২৫ হাজাৰ কোটি টকা ৷ লজিষ্টিকত ব্যয় কৰা হৈছে ৫ ৰ পৰা ৬ হাজাৰ কোটি টকা ৷ নিৰ্বাচন আয়োগৰ নিয়ম অনুসৰি ব্যয় কৰা হৈছে ১০ ৰ পৰা ১২ হাজাৰ কোটি টকা আৰু অন্যান্য শিতানত ব্যয় হৈছে ৩ ৰ পৰা ৬ হাজাৰ কোটি টকা ৷ এইদৰে একোটা সমষ্টিত প্ৰায় ১০০ কোটি টকা আৰু একোটা ভোটৰ বিপৰীতে ব্যয় কৰা হৈছে ৭০০ টকাকৈ ৷ ২০১৯ ৰ তুলনাত এই ব্যয় ২০২৪ ত দুগুনলৈ বৃদ্ধি পাইছে ৷ নীতিহীন আৰু ধন সৰ্বস্ব এই ৰাজনীতিত মহাত্মা গান্ধী তিস্তি থকাটো সম্ভৱ হ’লহেঁতেননে?
১৯৫২ চনত দেশত যেতিয়া প্ৰথম সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল একোগৰাকী প্ৰাৰ্থীৰ সৰ্বোচ্চ ব্যয়ৰ পৰিমাণ নিৰ্ধাৰণ কৰা হৈছিল ২৫ হাজাৰ টকা ৷ ১৯৭১ ত সেয়া ৩৫ হাজাৰ টকা আৰু ১৯৮৪ ত ১.৫ লাখ টকা সৰ্ব্বোচ্চ ব্যয় নিৰ্ধাৰণ কৰা হয় ৷ ২০০৯ চন পৰ্যন্ত এজন প্ৰাৰ্থীয়ে সৰ্ব্বোচ্চ ব্যয় কৰিব পাৰিছিল ২৫ লাখ টকাকৈ ৷ বৰ্তমান একোগৰাকী প্ৰাৰ্থীক ৯৫ লাখ টকা পৰ্যন্ত ব্যয় কৰিবলৈ দিয়া হৈছে ৷ কিন্তু ৰাজনৈতিক দলৰ বাবে ধন ব্যয়ৰ কোনো সীমাৰেখা নাই ৷ যাৰ সুৰুঙা লৈ একোটা সমষ্টিত ৩০০-৪০০ কোটি টকা ব্যয় কৰাৰ তথ্যও চি এম এছৰ সমীক্ষাই প্ৰকাশ কৰিছে ৷ বিগত সাধাৰণ নিৰ্বাচনত নিৰ্বাচন আয়োগৰ হাততেই জব্দ হৈছ ১০ হাজাৰ কোটিৰো অধিক টকা ৷
সন্দেহ নাই যে ধনৰ এই অবাধ আৰু অনিয়ন্ত্ৰিত প্ৰয়োগে সমগ্ৰ নিৰ্বাচন ব্যৱস্থাটোক এক চৰম প্ৰহসনত পৰিণত কৰিছে ৷ টকা আৰু টকাই হৈ পৰিছে সাম্প্ৰতিক ৰাজনীতিৰ মূল চালিকা শক্তি ৷ নিৰ্বাচন হৈ পৰিছে মুকলি বজাৰ ৷ ভোটাৰ পণ্য আৰু ৰাজনৈতিক দলবোৰ মহাজন ৷ এই নিৰ্বাচনী ব্যৱস্থাই ক্ৰমাৎ মহাত্মা গান্ধীৰ সপোনক ধূলিৰ লগত মিহলি কৰি দিছে ৷