আত্মবিশ্বাসী লাভলীনা : ৰূপ নহয়, স্বৰ্ণ জয় কৰিব বিচাৰো

অলিম্পিকত পদক নিশ্চিত ৷ কিন্তু ক্ষান্ত হোৱা নাই লাভলীনা ৷ আজি কোৱাৰ্টাৰ ফাইনেলত টাইপেইৰ প্ৰতিদ্বন্দী চেন নিয়েনক ৪-১ ৰ ব্যৱধানত ধৰাশায়ী কৰাৰ পাছতে ব্ৰঞ্জৰ পদক নিশ্চিত হ’ল অসম কন্যাৰ ৷ কিন্তু ইয়াতেই থমকি ৰ’ব বিচৰা নাই লাভলীনা ৷ ছেমিফাইনেলত স্থান নিশ্চিত কৰাৰ পাছত লাভলীনাই ক’লে , “কোৱাৰ্টাৰ ফাইনেলত জিকি অত্যন্ত ভাল লাগিছে ৷ এইবাৰ ছেমিফাইনেলত বিজয়ী হোৱাটোৱে লক্ষ্য ৷ আৰু ভাল খেলাৰ চেষ্টা কৰিব ৷ দেশৰ হৈ স্বৰ্ণপদক জয় কৰাটোৱে হ’ব মূল লক্ষ্য ৷”

উল্লেখ্য যে ২০০৮ চনত বিজেন্দ্ৰ সিঙৰ হাতত ধৰি ভাৰতলৈ আহিছিল বক্সিঙৰ প্ৰথমটো পদক ৷ ২০১২ চনত ইতিহাসৰ পুণৰাবৃত্তি কৰিছিল মেৰী কমে ৷ এইবাৰ ২৩ বছৰীয়া লাভলীনাই ভাৰতলৈ কঢ়িয়াই আনিছে এই অক্ষয় কীৰ্তি ৷ সকলো ভাৰতীয়ৰ দৃষ্টি এতিয়া লাভলীনাৰ ওপৰত নিবদ্ধ ৷ স্বৰ্ণজয় কৰিবলৈ নিজেও আত্মবিশ্বাসী হৈ আছে লাভলীনা বৰগোহাঁই ৷

lovlinaborgohainthecrosscurrenttokyoolimpicsলোভলিনাবোৰগৌআিন
Comments (0)
Add Comment