কিয় চকুলো টুকি বাৰ্ছিলোনা এৰিলে মেছিয়ে ?

বিশ্ববিশ্ৰুত ফুটবলাৰ মেছিৰ চকুৰ চকুলোৱে দেওবাৰে তেওৰ অগণিত অনুৰাগীকো কন্দুৱাই গ’ল ৷আৰ্জেন্টিনাৰ ফুটবলাৰ গৰাকীয়ে স্পেনিছ ফুটবল ক্লাব বাৰ্ছিলোনাৰ পৰা বিদায় লোৱাৰ মুহূৰ্তত উচুপি উঠে ৷ দেওবাৰৰ দিনটোত এই দৃশ্য আছিল ফুটবলপ্ৰেমীসকলৰ বাবে হৃদয় বিদাৰক ৷ কিয়নো ,১৩ বছৰ বয়সৰ পৰাই মেছি বাৰ্ছিলোনাৰ সৈতে জড়িত হৈ পৰিছিল আৰু ২১ বছৰ বয়সৰ পৰা ক্লাবটোৰ হৈ খেলিবলৈ লৈছিল ৷ কিন্তু শেহতীয়াকৈ বাৰ্ছিলোনা ভয়াৱহ বিত্তীয় সংকটৰ সন্মুখীন হৈছে ৷ক্লাবটো প্ৰায় ৮০০০ কৌটিৰ ধাৰৰ বোজাৰ মাজত সোমাই পৰিছে ৷ ইফালে , ২০১৭ চনত বাৰ্ছিলোনাৰ লগত মেছিৰ চুক্তি হৈছিল ৪৯০০ কৌটিত ৷ সেয়ে নতুন চিজ’নত তেওলোকে মেছিক চুক্তিবদ্ধ কৰাৰ পৰা বিৰত থাকে ৷ এনে পৰিস্থিতিত মেছিয়ে তেওৰ দৰমহা আধালৈ হ্ৰাস কৰাৰ কথাও কৈছিল ৷ কিন্তু বাৰ্ছিলোনা তাৰ বাবেও সন্মত নহ’ল ৷ অৱশেষত দেওবাৰে চকুলো টুকি মেছিয়ে বাৰ্ছিলোনাৰ পৰা বিদায় ল’লে ৷ তেও পৰৱৰ্তী সময়ত পিএছজি ক্লাবৰ লগত  চুক্তিবদ্ধ হোৱাৰ সম্ভাৱনা আছে ৷

barcelonamessithecroscurrent
Comments (0)
Add Comment