ম্যানমাৰৰ ঘন জংঘলত নিৰাপদ স্থান বুলি ভবা আলফা (স্বাধীন)ৰ শিবিৰত চলিল ভয়ংকৰ আক্ৰমণ। দেওবাৰৰ পুৱতি নিশা ড্ৰোন আক্ৰমণত তচনচ হৈ পৰিল বিদ্ৰোহী সংগঠনটোৰ চাৰিটাকৈ শিবিৰ। ডেৰশৰো অধিক ড্ৰোন আক্ৰমণত ৭৭৯ আৰাকান কেম্প,ৱাকাথান কেম্প,হয়াত কেম্প আৰু হাকি কেম্প ধ্বংস হয়। অতৰ্কিতে হোৱা এই আক্ৰমণত প্ৰত্যুত্তৰ দিবলৈও যেন সুযোগ উলিয়াব নোৱাৰিলে বিদ্ৰোহী সংগঠনটোৱে। ধাৰাসাৰ ড্ৰোন আক্ৰমণত নিহত হয় আলফা (স্বাধীন)ৰ নিম্ন পৰিষদৰ সভাপতি লেফটেনেণ্ট জেনেৰেল নয়ন অসম। সংগঠনটোৰ শীৰ্ষ নেতা নয়ন অসম ওৰফে নয়ন মেধিৰ ঘৰ পাঠশালাৰ ডুমুৰীয়াত। বিদ্ৰোহী নেতা গৰাকীৰ ঘৰত অকলে থাকে বায়েক। আনহাতে এই আক্ৰমণৰ কথা স্বীকাৰ কৰি এক বিবৃতিযোগে সংগনটোৱে নয়ন অসম নিহত হোৱাৰ কথা প্ৰকাশ কৰে। লগতে ১৯/২০ গৰাকী সদস্য আহত হোৱা বুলি উল্লেখ কৰে। বিবৃতিটোত ফ্ৰান্স আৰু ইজৰাইলত নিৰ্মিত ড্ৰোনেৰে পুৱতি নিশা দুই বজাৰ পৰা চাৰি বজালৈ আক্ৰমণ কৰা হৈছে বুলি সংগঠনটোৱে উল্লেখ কৰে। এই আক্ৰমণ দখলদাৰী বাহিনী অৰ্থাৎ ভাৰতীয় সেনাই কৰা বুলি অভিযোগ কৰি বিবৃতিটোত ইয়াক কাপুৰুষালি আখ্যা দিয়া হৈছে। বিবৃতিটোত নাগালেণ্ড-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত লংৱাৰৰ পৰা অৰুণাচল প্ৰদেশ-ম্যানমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাংচ’পাচলৈকে থকা শিবিৰত আক্ৰমণ কৰা বুলি উল্লেখ কৰা হৈছে। আনহাতে নয়ন অসমৰ অন্ত্যেষ্টিক্ৰিয়াৰ সময়তে আলফা(স্বাধীন)ৰ ওপৰত পুনৰ চলে আক্ৰমণ। এইবাৰ যুদ্ধ বিমানেৰে ক্ষেপণাস্ত্ৰ আক্ৰমণ কৰা হয়। এই আক্ৰমণত নিহত হয় ব্ৰিগেডিয়াৰ গণেশ লাহন ওৰফে গণেশ অসম আৰু কৰ্ণেল প্ৰদীপ গগৈ ওৰফে প্ৰদীপ অসম। দুয়োগৰাকীৰ ঘৰ চৰাইদেউত। দখলদাৰী বাহিনীয়ে এই আক্ৰমণ কৰা বুলি পুনৰ বিবৃতিযোগে সদৰী কৰে আলফা (স্বাধীনে)। বিবৃতিটোত ব্ৰিগেডিয়াৰ গণেশ লাহন আৰু কৰ্ণেল প্ৰদীপ অসম নিহত হোৱাৰ কথা স্বীকাৰ কৰে সংগঠনটোৱে। মানৱীয়তাৰ সকলো সীমা অতিক্ৰমি ভাৰতীয় দখলদাৰী বাহিনীয়ে আক্ৰমণ কৰা বুলি বিবৃতিটোত অভিযোগ কৰা হৈছে। এই বৰ্বৰোচিত আক্ৰমণৰ প্ৰতিশোধ ল’বলৈ আলফা (স্বাধীন) সংকল্পবদ্ধ বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে। ইফালে এই আক্ৰমণৰ সন্দৰ্ভত ভাৰতীয় সেনা বাহিনীয়েও কোনো তথ্য প্ৰকাশ কৰা নাই। যি লৈ উত্থাপন হৈছে প্ৰশ্ন। কিন্তু কোনে আক্ৰমণ কৰিলে আলফা(স্বাধীন)ৰ শিবিৰত? মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই আক্ৰমণত অসম আৰক্ষী জড়িত নাই আৰু অসমৰ মাটিৰ পৰা আক্ৰমণ হোৱা নাই বুলি দাবী কৰিছে।
এতিয়া প্ৰশ্ন উত্থাপন হৈছে কোনে আক্ৰমণ কৰিলে ম্যানমাৰৰ আলফা (স্বাধীন)ৰ শিবিৰত। যোৱা কেইবামাহো আলফা(স্বাধীন) নিষ্ক্ৰিয় হৈ আছিল। তেনে সময়তে স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত আলফা(স্বাধীন)ৰ শিবিৰত ফ্ৰান্স আৰু ইজৰাইলত নিৰ্মিত ড্ৰোন আৰু যুদ্ধ বিমানেৰে ক্ষেপণাস্ত্ৰ আক্ৰমণৰ ঘটনা হৈ পৰিছে অতিকৈ তাৎপৰ্যপূৰ্ণ।