এটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনে শাসনভাৰ দখল কৰাৰ পিছত এছিয়াৰ হৃতপিণ্ড খ্যাত আফগনিস্তান এতিয়া অশান্ত। তালিবানৰ অধীনত এতিয়া আফগানিস্তানৰ জনতাৰ জীৱন দুৰ্বিসহ হৈ পৰিছে বুলি বিশ্বৰ সৰ্বত্ৰ চৰ্চা চলিছে। কিন্তু তালিবান নেতৃত্বই দাবী কৰিছে যে আফগানী জনতাক সকলো ধৰণৰ সা সুবিধা আৰু স্বাধীনতা প্ৰদান কৰিছে তালিবানে। তালিবানৰ অধীনত শান্তি পূৰ্ণ জীৱন কটাইছে আফগানী জনতাই। কিন্তু সঁচাকৈয়ে তালিবানৰ শাসনত সুখী নে আফগানী জনতা? সঁচাকৈয়ে তালিবানে আফগানী জনতাক দিছে নে মুৰ ডাঙি জীয়াই থকাৰ স্বাধীনতা? এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি বিশ্ববাসীৰ আগত আফগানী জনতাক সম্পূৰ্ণ স্বাধীনতা দিয়াৰ প্ৰতিশ্ৰুতি দি এতিয়া ওলোটা খৰ মাৰিছে তালিবানে। আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত আফগানী মহিলাক সকলো কাম কৰাৰ অনুমতি দিয়া হব বুলি উদাপ্ত কণ্ঠেৰে ভাষণ প্ৰদান কৰিছিল তালিবান নেতৃত্বই। কিন্তু এতিয়া খবৰ আহিছে যে তলিবানে আফগানী মহিলা সকলক টেলিভিছনৰ পৰ্দাত অভিনয় কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। আনকি BBCৰ বাতৰি অনুসৰি আফগানিস্তানৰ মহিলা সাংবাদিক সকলকো হেডস্কাৰ্ফ পিন্ধাৰ নিৰ্দেশ দিয়া হৈছে। কিন্তু কিয় তালিবানে জাৰী কৰিছে এনে কঠোৰ নিৰ্দেশনা? সৱিশেষ-
তালিবান নেতৃত্বই আফগানী মহিলাক টেলিভিছনৰ পৰ্দাত অভিনয় নকৰিবলৈ নিৰ্দেশনা জাৰী কৰাৰ পিছতে এতিয়া সমগ্ৰ বিশ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তদুপৰি এক বিংশ শতিকাৰ বিজ্ঞান প্ৰযুক্তিৰ দিনটো সাংবাদিকক হেডস্কাৰ্ফ পিন্ধিবলৈ বাধ্য কৰোৱা ঘটনাই এতিয়া আচৰিত কৰিছে সকলোকে। এই নতুন নিৰ্দেশনা সমূহ তালিবান চৰকাৰে ৰাজহুৱা কৰাৰ পিছতে দেশখনলৈ পুনৰ নব্বৈৰ দশকৰ কলা দিন ঘূৰি অহাৰ আশংকা কৰা হৈছে। কিন্তু কোনে জাৰী কৰিছে এই নিৰ্দেশনা? আফগনিস্তানৰ Virtue and Prevention of Vice মন্ত্ৰালয়ে এই ধৰ্মীয় নিৰ্দেশাৱলী জাৰী কৰিছে। তদুপৰি আফগনিস্তানৰ টেলিভিছন চেনেল বোৰক মহিলাই অভিনয় কৰা নাটক আৰু অপেৰা প্ৰদৰ্শন নকৰিবলৈ কঠোৰ নিৰ্দেশনা জাৰী কৰা হৈছে। ইয়াৰ লগতে শ্বাৰীয়া আইন বিৰোধী গণ্য কৰা সকলো চিনেমা আৰু বিদেশৰ সাংস্কৃতিক মূল্যবোধ প্ৰচাৰ কৰা বিদেশী চিনেমা সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰিছে তালিবানে।
তদুপৰি আগানিস্তানৰ চৰকাৰে ধৰ্মক অপমান কৰা বা আফগানী সকলৰ বাবে আক্ৰমণাত্মক বুলি গণ্য কৰা কৌতুক আৰু মনোৰঞ্জন ধৰ্মী অনুষ্ঠানো নিষিদ্ধ কৰাৰ ইংগিত প্ৰদান কৰিছে। নিৰ্দেশনা জাৰী কৰা মন্ত্ৰালয়টোৰ মুখপাত্ৰ হাকিফ মোহাজিৰে সংবাদ মাধ্যমৰ আগত কয় যে এইবোৰ কোনো নিয়ম নহয় এইয়া ধৰ্মীয় নিৰ্দেশনাহে। উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীয়ে আফগনিস্তান এৰাৰ পিছতে তালিবানে আফগানিস্তানৰ শাসনভাৰ দখল কৰিছিল আৰু বিশ্বৰ সচেতন মহলৰ হেঁচাত তালিবানে এইবাৰ পুৰণি আজৱ কায়দা এৰি আধুনিক পদ্ধতিৰে শাসন কৰাৰ প্ৰতিশ্ৰুতি দিবলৈ বাধ্য হৈছিল। কিন্তু সময় যোৱাৰ লগে লগে নিজৰ প্ৰকৃত চৰিত্ৰ দেখুৱাই দিলে তালিবানে। সাধাৰণ জনতাৰ বাক স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰ কাঢ়ি এতিয়া তালিবানে প্ৰমাণ কৰিছে নিজৰ বীৰত্ব। পূৰ্বে তালিবানে মহিলা সকলক কাম কৰি থাকিবলৈ অনুমতি দিয়াৰ আৰু সংবাদ মাধ্যমক স্বাধীনতা প্ৰদান কৰাৰ কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও এতিয়া পুনৰ তালিবানে মহিলা সাংবাদিকক উৎপীড়ন আৰু ভাবুকি দিয়াৰ একাধিক তথ্য পোহৰলৈ আহিছে। ৰিপৰ্টাৰ্ছ উইদাউট বৰ্ডাৰচৰ এক জৰীপ অনুসৰি তালিবান অধিগ্ৰহণৰ পিছত সংবাদ মাধ্যমৰ বেছিভাগ মহিলা কৰ্মচাৰীয়ে কাম কৰা বন্ধ কৰি দিছিল। পৌৰ নিগমৰ মহিলা কৰ্মচাৰী সকলক ৰাজধানী কাবুলৰ মেয়ৰে ঘৰতে থাকিবলৈ নিৰ্দেশ দিছিল। এনেবোৰ কাৰণতে দেশখনৰ কনিষ্ঠ ৰাষ্ট্ৰীয় ফুটবল দলটোৱে শেহতীয়াকৈ পাকিস্তানত আশ্ৰয় বিচৰাৰ আগতে ইউকেত উপস্থিত হৈছিল। তালিবানে দাবী কৰিছে যে কাম কৰা মহিলা আৰু অধ্যয়ন কৰা মহিলাৰ ওপৰত তালিবানৰ নিষেধাজ্ঞা অস্থায়ী আৰু এই পদক্ষেপ কেৱল সকলো কৰ্মস্থানত আৰু শিক্ষানুষ্ঠনৰ পৰিবেশ সুৰক্ষিত কৰাৰ বাবে।কিন্তু বহুতে আশংকা কৰিছে যে তালিবানে ২০ বছৰ পূৰ্বলৈ উভতাই নিয়াৰ পৰিকল্পনা কৰিছে। উল্লেখ্য যে তেতিয়া দূৰদৰ্শন-চলচ্চিত্ৰ আৰু আন সকলো ধৰণৰ মনোৰঞ্জনক অনৈতিক বুলি গণ্য কৰা হৈছিল আৰু নিষিদ্ধ কৰা হৈছিল। এনেদৰেই এতিয়া পুনৰ নব্বৈৰ দশকৰ কলা ইতিহাসৰ কৰাল গ্ৰাসত সোমাই পৰিছে আফগনিস্তান। দূৰ্বিসহ জীৱন কটাইছে আফগানী জনতাই। আফগনিস্তানলৈ পুনৰ ঘুৰি আহক শান্তিৰ পৰিবেশ – এতিয়া তাকেই কামনা কৰিছে বিশ্বৰ সচেতন মহলে৷