বিশ্বজুৰি এটা চৰ্চাৰ বিষয় হৈ পৰিছে নোবেল বিজয়ী মালালাৰ বিয়া ৷ যোৱা ৯ নৱেম্বৰত ২৪ বছৰীয়া মালালাৰ নিকাহ সম্পন্ন হয় অছৰ মালিকৰ সৈতে ৷ কিন্তু কিয় ইমান কম বয়সতে মালালা বিয়াত বহিব লগীয়া হ’ল ? এই বিষয়টো লৈ চৰ্চা অব্যাহত থকাৰ মাজতে মুখ খুলিছে মালালাই নিজেই ৷এখন ব্ৰিটিছ মেগাজিনত তেও লিখে এইদৰে –
‘৩৫ বছৰ বয়সৰ আগতে মই বিয়াত বহিব বিচৰা নাছিলো ৷ কোনোবাই মোৰ ৰিলেশ্বনছিপৰ বিষয়ে সুধিলে মই এই উত্তৰেই দি আহিছিলো ৷ মই বিয়াৰ বিৰোধী নহয় , কিন্তু বিয়াক লৈ অতি সতৰ্ক ৷ বিয়াৰ লগত জড়িত হৈ থকা পিতৃতান্ত্ৰিক মানসিকতাক মই প্ৰশ্ন কৰি আহিছিলো ৷ কাৰণ বিশ্বৰ বহু দেশত বিয়াক লৈ প্ৰচলিত আইনত এনে মহিলা বিৰোধী চিন্তাৰ প্ৰতিফলন ঘটা দেখা যায় ৷ মই নিজৰ মানৱতা , স্বাধীনতা আৰু নাৰীত্ব হেৰুৱাম বুলি ভয় খাই আছিলো ৷ সেয়ে সদায় বিয়াক আওকান কৰিব বিচাৰিছিলো ৷ বিশ্বৰ ১.২ কৌটি ছোৱালীৰ বিয়া ১৮ বছৰৰ আগতেই সম্পন্ন হয় ৷ তেওলোকৰ বহুতৰ বাবে বিয়া এক আনন্দৰ বন্ধন নহৈ গোলামীতহে পৰিণত হয় ৷’
মালালাই বিয়াৰ ওপৰত সৰুতেই বিশ্বাস হেৰুৱাই পেলাইছিল ৷ স্কুলৰ সহপাঠী যেতিয়া ১৪ বছৰ বয়সত মাতৃ হৈছিল , অনেকেই আধাতে স্কুল এৰি বিয়াত বহিছিল , তেতিয়া মালালাৰ কি অনুভৱ হৈছিল ? সেই অভিজ্ঞতাৰ কথা বৰ্ণনা কৰি মালালাই লিখিছে –
‘মই উত্তৰ পাকিস্তানত ডাঙৰ হৈছো ৷ য’ত শিকোৱা হয় যে বিয়া হৈছে এটা স্বাধীন জীৱন যাপনৰ বিকল্প পথ ৷ যদি তুমি পঢ়া শুনা কৰি থকা নাই , চাকৰি কৰা নাই , পৰীক্ষাৰ ফেইল কৰিছা , তেনেহ’লে সোণকালে বিয়া হৈ যোৱা উচিত ৷ বহু ছোৱালীক এইদৰে নিজৰ কেৰিয়াৰ নিৰ্বাচনৰ অধিকাৰ দিয়া নহ’ল ৷ তেওলোকক সোণকালে বিয়াত বহিবলৈ বাধ্য কৰোৱা হ’ল ৷ মোৰ নিজৰ এগৰাকী বান্ধৱী ১৪ বছৰ বয়সত মাতৃ হ’ল ৷ বহু সহপাঠীয়ে ইচ্ছা থকা স্বত্বেও পৰিয়ালৰ অনীহাত স্কুল এৰিবলগীয়া হ’ল ৷ তেওলোকৰ বাবে বিয়াৰ অৰ্থ হ’ল ব্যৰ্থতা ৷ স্কুললৈ যোৱাৰ বয়স এতিয়াও আছে ৷ কিন্তু তেওলোকে জানে যে এই সপোন কেতিয়াও পূৰণ নহ’ব ৷এইবোৰ দেখাৰ পাছত বিয়াত বহাৰ সিদ্ধান্ত লোৱাটো মোৰ বাবে কঠিন হৈ পৰিছিল ৷’
বিয়াত বহিবলৈ ভয় খোৱা মালালা ২৪ বছৰত তেনেহ’লে কিয় বিয়াত বহিল? কোনোবাই বাধ্য কৰালে নেকি ? ইয়াৰ উত্তৰত মালালাই কৈছে যে সংস্কৃতি মানুহেই বনা্য , মানুহেই ইয়াক সলনি কৰিব পাৰে ৷ স্বামী অছৰ মালিকৰ বিষয়ে তেও কৈছে যে ২০১৮ চনৰ গ্ৰীষ্মৰ দিনত অক্সফোৰ্ড বিশ্ববিদয়ালয়ত অছৰ মালিকৰ সৈতে তেওৰ প্ৰথম সাক্ষাৎ হৈছিল ৷ মালিক ক্ৰিকেট জগতৰ লগত জড়িত ৷ সেইবাবেই তেওলোকৰ ওচৰত কথা পাতিবলৈ বহুত বিষয় আছিল ৷অছৰ মালিকৰ ধেমেলীয়া স্বাভৱে মালালাক আকৃষ্ট কৰে আৰু কম সময়ৰ ভিতৰতে তেওলোকৰ বন্ধুত্ব গঢ় লৈ উঠিল ৷ লাহে লাহে আৰম্ভ হ’ল সুখ – দুখৰ বিনিময় ৷ সেয়াই আৰম্ভণি ৷ এদিন অছৰ মালিকে এটা লিংক প্ৰেৰণ কৰিলে মালালালৈ ৷ তাত দেখুওৱা হৈছিল যে ৰাশি অনুসৰি তেওলোক দুয়ো দুয়োৰে বাবে অনুকূল ৷ আচলতে সেয়া আছিল প্ৰেমৰ প্ৰস্তাৱ ৷ সেই প্ৰেমেই যোৱা ৯ নৱেম্বৰত বিয়াৰ ৰূপ ল’লে ৷ মালালাৰ মতে –
‘অছৰৰ মাজত মই এজন ভাল বন্ধু , ভাল সংগীক বিচাৰি পাইছো ৷ মহিলাসকলে কিমান প্ৰত্যা্হ্বানৰ সন্মুখীন হৈ আহিছে , তাৰ কোনো উত্তৰ মোৰ ওচৰত এতিয়াও নাই ৷ কিন্তু এটা বিশ্বাস আছে যে মোৰ এই নতুন সম্পৰ্কৰ মাজত প্ৰেম , বন্ধুত্ব আৰু সমানতা বিচাৰি পাম ৷’
এইদৰেই মালালাই নিজৰ বিয়াৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰিছে ৷