WHO ৰ সকীয়ণি – আকৌ প্ৰাণঘাতক ৰূপত আহিছে ক’ৰোনা

মহামাৰী ক’ৰোনাৰ বিদায় সমাগত বুলি ভবাৰ সময়তে বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে আন কৰিছে আন এক ভয়কৰ তথ্য ৷ বিশ্ব স্বাস্থ্য সংস্থা চমুকৈ হুৰ ধাৰণা – ক’ৰোনা মহামাৰী এতিয়াও শেষ হোৱা নাই ৷ বৰং নতুনকৈ আঘাত হানিব পাৰে বিশ্বৰ বিভিন্ন স্থানত ৷হুৰ মতে – ইউৰোপ আৰু মধ্য এছিয়াৰ অন্তত: ৫৩ খন দেশৰ পৰিস্থিতি এতিয়াও স্পৰ্শকাতৰ হৈ আছে ৷ এই দেশকেইখনৰ সংক্ৰমণৰ হাৰ উদ্বেগজনক ৷ আশংকা কৰা হৈছে যে এই দেশ কেইখনত অহা ফেব্ৰুৱাৰী মাহৰ ভিতৰত ৫ লাখ লোকৰ মৃত্যু হ’ব পাৰে ৷’হুয়ে লগতে সকীয়াই দিয়ে যে ক’ৰোনাৰ যি নতুন ষ্ট্ৰেইনৰ সংক্ৰমণ আৰম্ভ হৈছে , সেয়া অতি ভয়াৱহ ৷সংক্ৰমণৰ এই গতি অব্যাহত থাকিলে অহা কেইটামান মাহৰ ভিতৰত পৰিস্থিতি আকৌ ভয়াৱহ হৈ উঠিব পাৰে ৷
হুৰ আশংকা যে মুঠেও অমূলক নহয় , সেয়া প্ৰতিফলিত হৈছে ৰাছিয়া আৰু আন কেইখনমান দেশৰ পৰিসংখ্যাত ৷ ৰাছিয়াত প্ৰতিদিনৰ মৃত্যুৰ হাৰে সকলো অভিলেখ ভংগ কৰিছে ৷ বৃহস্পতিবাৰৰ দিনটোত ৰাছিয়াত ১,১১৯ জন লোকৰ কোভিডত মৃত্যু হৈছে ৷ আক্ৰান্ত হৈছে ৪০ হাজাৰৰো বেছি লোক ৷

thecrosscurrentwho
Comments (0)
Add Comment