ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত স্থায়ী সদস্য হিচাপে ভাৰতৰ অন্তৰ্ভুক্তিৰ দাবীক সমৰ্থন জনালে আমেৰিকাই

দেশৰ প্ৰধানমন্ত্ৰী মোডীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত উপস্থিত হোৱাৰ পাছত ৰাষ্ট্ৰপতি জ’ বাইডেনৰ সৈতে কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতক স্থায়ী সদস্য হিচাপে আৰু পাৰমাণৱিক যোগানকাৰী গোট (এনএছজি)ত অন্তর্ভুক্তিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্রই ভাৰতক পূর্ণ সমর্থন জনাব বুলি ৰাষ্ট্রপতি জ’ বাইডেনে ইতিমধ্যেই প্রতিশ্রুতি প্ৰদান কৰিছে ৰাষ্ট্রপতি জ’ বাইডেনে ৷ ভাৰতৰ এই দাবীক আমেৰিকা যুক্তৰাষ্ট্রৰ প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পেও পূর্ণ সমর্থন জনাইছিল৷ প্রাক্তন ৰাষ্ট্রপতি ট্রাম্পৰ সেই প্রতিশ্রুতি আগবঢ়াই নি কালি ৰাষ্ট্রপতি বাইডেনে প্রধানমন্ত্রী মোদীক উল্লিখিত ক্ষেত্রত আমেৰিকাই পূর্ণ সমর্থন আগবঢ়াই যাব বুলি বৈঠকত প্রতিশ্রুতি প্ৰদান কৰে৷

americaindiathecrosscurrent
Comments (0)
Add Comment