আফগানিস্তানত উত্তেজনা অব্যাহত থকাৰ মাজতে দেশখনৰ পাঞ্জশিৰৰ পৰা আহিছে এটা ৰহস্যজনক খবৰ। বহু ৰাষ্ট্ৰীয় সংবাদে মাধ্যমে পাঞ্জশিৰ অঞ্চলত মাছুদ বাহিনীৰ হাতত ১০০ গৰাকী তালিবান সদস্য নিহত হোৱাৰ বাতৰি পৰিৱেশন কৰিছে। আহমেদ শ্বাহ মাছুদৰ পুত্ৰ তথা লণ্ডন কিংছ কলেজৰ প্ৰাক্তন ছাত্ৰ আহমেদ মাছুদৰ নেতৃত্বত আফগানিস্তানৰ নেচনেল ৰেজিষ্টেন্স ফ্ৰণ্টে তালিবানৰ বিৰুদ্ধে শক্তিশালী প্ৰতিৰোধ ব্যৱস্থাপনা গঢ়ি তুলিছে। আফগান সেনাৰ এটা গোটে মাছুদ বাহিনীৰ সৈতে তালিবান বিৰোধী যুদ্ধত অংশগ্ৰহণ কৰিছে। মাছুদে দাবী কৰিছে যে দিন যোৱাৰ লগে লগে আফগানিস্তানত তালিবান বিৰোধী প্ৰতিৰোধ অধিক শক্তিশালী হৈ উঠিছে।
তেওঁ লগতে কয় যে যদি আফগানিস্তানত তালিবান-ৰাজ অন্ত পেলোৱা নহয় তেন্তে ৯/১১ৰ পুনৰাবৃত্তি হ’ব পাৰে। এইবাৰ তালিবানৰ আক্ৰমণৰ লক্ষ্য হ’ব পাৰে ইংলেণ্ড। গতিকে মাছুদে দীঘলীয়া সময় অতিবাহিত কৰা ইংলেণ্ডৰ স্বাৰ্থত তালিবানৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছে মাছুদ বাহিনী।
পাঞ্জশিৰ কাবুলৰ পৰা ১০০ কিলোমিটাৰ দূৰত হিন্দুকুশ পাহাৰৰ পাদদেশত থকা এটা উপত্যকা। ছোভিয়েট আক্ৰমণৰ পৰা তালিবানলৈকে কোনো শক্তিয়েই পাঞ্জশিৰক পৰাজিত কৰিব নোৱাৰিলে। মাছুদে এই পাঞ্জশিৰতেই ৰচিছে তালিবান-ৰাজ উৎখাতৰ গোপন ব্লুপ্ৰিন্ট। তেওঁৰ সৈতে আছে বহিষ্কৃত আফগান উপ ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহ।
ব্ৰিটিছ সংবাদ মাধ্যমে দাবী কৰিছে যে মাছুদ আৰু আফগানিস্তানৰ নেচনেল ৰেজিষ্টেন্স ফ্ৰণ্টৰ সৈতে হোৱা যুদ্ধত ইতিমধ্যেই শ শ তালিবানৰ মৃত্যু হৈছে। মাছুদে প্ৰকাশ কৰা মন্তব্য অনুসৰি তেওঁ দেহত শেষ টোপাল তেজ থকালৈকে তালিবানৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিব। ইংলেণ্ডত উচ্চ শিক্ষা গ্ৰহণ কৰা মাছুদে অনুভৱ কৰিছে যে তালিবান কেৱল আফগানিস্তানৰ বাবেই নহয় বিশ্ব শান্তিৰ বাবেও বিপদজনক। এইবাৰ মোল্লা বাৰাদাৰ বাহিনীয়ে আফগানিস্তান পুনৰ দখল কৰাৰ অৰ্থ হৈছে যে বিশ্বত ৯/১১ৰ আক্ৰমণৰ পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা যথেষ্ট বেছি। ইংলেণ্ড হব পাৰে তালিবানৰ পৰৱৰ্তী লক্ষ্য।
মাছুদে(পাঞ্জশিৰৰ নয়া সিং আহমেদ মাছুদ) যিহেতু ইংলেণ্ডত জীৱনৰ বহুখিনি সময়ত অতিবাহিত কৰিছিল সেয়েহে বৰ্তমান সময়ত নিজৰ জীৱনৰ সৈতে জুৱা খেলি হ’লেও তালিবানক বাধা দিবলৈ যুদ্ধত নামি পৰিছে মাছুদ।