চীয়েৰ লীডাৰ্ছৰ নৃত্যৰ বাবেই আফগানিস্তানত নিষিদ্ধ কৰা হৈছে নেকি IPL?

BCCIৰ ঐশ্বর্যশালী টি-২০ প্ৰতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ দ্বিতীয় লেগৰ মেচ দেওবাৰৰ পৰা সংযুক্ত আৰব আমীৰ শ্বাহীত আৰম্ভ হৈছে৷ সমগ্র বিশ্বৰ ক্ৰিকেট অনুৰাগীয়ে জনপ্রিয় টি-২০ প্রতিযোগিতাখনৰ আমেজ লৈছে যদিও আফগানিস্তানৰ ক্ৰিকেট অনুৰাগী সকলক মেচ উপভোগৰ পৰা বঞ্চিত হৈছে৷ কিয়নো তালিবানে আফগানিস্তানত নিষিদ্ধ কৰিছে IPL। তদানীন্তন চৰকাৰক উফৰাই আফগানিস্তানৰ শাসনভাৰ দখল কৰা তালিবানে দেশখনত BCCIৰ ঐশ্বর্যশালী টি-২০ প্রতিযোগিতাখনৰ সম্প্রচাৰ নিষিদ্ধ কৰিছে৷
দেশখনৰ জনপ্রিয় ক্রিকেটাৰ ৰশ্বিদ খান, মহম্মদ নবী আৰু মুজিব-উৰ ৰহমানে প্রতিযোগিতাখনত অংশগ্রহণ কৰিছে যদিও তালিবানে IPLৰ বিষয়বস্তু ইছলামবিৰোধী বুলি মন্তব্য কৰিছে৷ সেয়েহে আফগানিস্তানত প্রতিযোগিতাখনৰ সম্প্রচাৰ বন্ধ কৰা হৈছে৷ মেচৰ সময়ছোৱাত আউলি-বাউলি চুলিৰে চীয়েৰ লীডার্ছে কৰা নৃত্য ইছলামিক সংস্কৃতিৰ পৰিপন্থী বুলি মন্তব্য কৰিছে দুৰ্ধৰ্ষ কট্টৰপন্থী সংগঠন তালিবানে৷

IPL_2021talibanthecrosscurrent
Comments (0)
Add Comment