মেছিয়ে চকুপানী মচা টিছুৰ দাম ৭ কৌটি

ফুটবল তাৰকা মেছিয়ে চকুপানী মচা টিছুৰ দাম ৭ কৌটি টকা ৷ অবিশ্বাস্য হ’লেও এয়া সত্য ৷ বিগত ৮ আগষ্টত মেছিয়ে বাৰ্ছিলোনা ত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল ৷ কাতালুনিয়ান ক্লাবত আয়োজিত এক সংবাদমেলত এই কথা ঘোষণা কৰি কান্দোনত ভাঙি পৰিছিল ফুটবল তাৰকাগৰাকী ৷এখন টিছু পেপাৰেৰে মছিছিল চকুপানী ৷ সেই টিছুখন সংগ্ৰহ কৰি  নিছিল সংবাদমেলত উপস্থিত থকা এজন ব্যক্তিয়ে ৷

এটা ৱেবচাইটৰ জড়িয়তে মেছিয়ে চকুপানী মচা টিছুখনৰ নিলাম আৰম্ভ হৈছে ৷এতিয়ালৈকে দাম উঠিছে ১ মিলিয়ন ডলাৰ অৰ্থাৎ ভাৰতীয় মূল্যৰ হিচাপত ৭ কৌটি ৪৪ লাখ টকা ৷

অবিশ্বাস্য হ’লেও এয়া সঁচা ৷

 

messithecrosscurrent
Comments (0)
Add Comment