আমেৰিকাই কিয়, কেনেদৰে জন্ম দিছিল তালিবানৰ ?

দুটা দশক , মানে ২০ বছৰ। সম্পূৰ্ণ ২০ বছৰ আমেৰিকাই নিয়ন্ত্ৰণ কৰিছিল আফগানিস্তান। এই ২০ বছৰত আফগানিস্তানত আধিপত্য বজাই ৰাখিবলৈ আমেৰিকাই ব্যয় কৰিছিল কমেও ৬১ লাখ কৌটি টকা। কিন্তু আমেৰিকাই সেনা প্ৰত্যাহাৰ কৰাৰ দহ দিনৰ ভিতৰতে সলনি হৈ গ’ল বিগত ২০ বছৰৰ প্ৰতিচ্ছৱি ৷ ৭০ হাজাৰ তালিবানী সৈন্যই উচ্চ প্ৰশিক্ষিত ৩ লাখ আফগান সৈনিকক পৰাজিত কৰি ক্ষমতা দখল কৰিলে ৷ কিন্তু আপুনি জানি আচৰিত হ’ব যে  ২০ বছৰ ধৰি আমেৰিকাৰ মূৰৰ কামোৰণি হৈ থকা তালিবানক জন্ম দিছিল খোদ আমেৰিকাই ৷ এই কাহিনী আৰম্ভ কৰিব লাগিব ১০১ বছৰ আগৰ পৰা  ৷

১৯১৯ চন৷ সেই বছৰ আফগানিস্তান ব্রিটিছৰ অধীনৰ পৰা স্বাধীন হ’ল ৷  তাৰ পাছৰ পৰা আফগানিস্তানত আৰম্ভ হ’ল ৰাজতন্ত্ৰ ৷পৰৱৰ্তী ৫৪ নছৰ পৰ্যন্ত দেশখনত এটা পৰিয়ালে ৰাজত্ব কৰিলে ৷আফগানিস্তানৰ অন্তিমজন ৰজা মহম্মদ জহীৰ শ্বাহ ১৯৭৩ চনত বেমাৰত পৰিল ৷ চিকিৎসাৰ বাবে তেও যাবলগীয়া হ’ল ইটালীলৈ ৷ তেনেসময়তে সেনাপতি ডাউদ খানে ক্ষমতাৰ বাঘজৰী নিজৰ হাতলৈ আনিলে আৰু নিজকে আফগানিস্তানৰ প্ৰধানমন্ত্ৰী ঘোষণা কৰিলে ৷

ডাউদ খানে আফগানিস্তানবাসীক প্ৰতিশ্ৰুতি দিছিল যে তেও দেশখনত নতুন সংবিধান প্ৰণয়ন কৰিব ৷ কিন্তু ১৯৭৭ চনত সংবিধানৰ নামত ডাউদ খানে দেশখনত একদলীয় শাসন ব্যৱস্থা প্ৰণয়ন কৰিলে ৷সাধাৰণ জনতাই ইয়াৰ তীব্ৰ বিৰোধিতা কৰি ‘ক্ৰান্তি’ নামেৰে এটা আন্দোলন আৰম্ভ কৰিলে ৷ এই আন্দোলনৰ নেতৃত্ব ল’লে নুৰ মহম্মদ তাৰিকীয়ে ৷জনতাৰ ব্যাপক সমৰ্থন লাভ কৰিলে তেও ৷ অৱশেষত ১৯৭৮ চনত ডাউদ খানে প্ৰধানমন্ত্ৰীৰ চকী এৰিবলগীয়া হ’ল ৷

এইবাৰ আফগানিস্তানৰ ক্ষমতা আহিল নুৰ মহম্মদ তাৰিকীৰ হাতলৈ ৷ তেও দেশখনৰ প্ৰথম ৰাষ্ট্ৰপতিৰ দায়িত্ব ল’লে ৷ এইজন নুৰ মহম্মদ তাৰিকীক ছোভিয়েট ইউনিয়নৰ অতি ঘণিষ্ঠ বুলি জনা গৈছিল ৷তেতিয়া ছোভিয়েট ইউনিয়ন পৰিচালিত হৈছিল কমিউনিষ্ট আদৰ্শেৰে ৷ যিয়ে ধৰ্ম বিশ্বাস কৰা নাছিল ৷ সেইমতেই নুৰ মহম্মদ তাৰিকীয়ে আফগানিস্তানৰ আধুনিকীকৰণৰ কাম আৰম্ভ কৰিলে আৰু মহিলাসকলক দিলে স্বাধীনতা ৷এই কথাটো ভাল পোৱা নাছিল বহু নাগৰিকে ৷ তেওলোকে এয়া ধৰ্ম বিৰুদ্ধ কথা হিচাপে লৈ মহম্মদ তাৰিকীৰ সিদ্ধান্তৰ বিৰোধিতা  কৰিলে ৷

ইফালে ,সেই সময়ছোৱাত আমেৰিকা আৰু ছোভিয়েট ইউনিয়নৰ মাজত চলি আছিল শীতল যুদ্ধ ৷ আফগানিস্তানত ছোভিয়েট ইউনিয়নৰ বৰ্ধিত প্ৰভাৱ হ্ৰাস কৰিবলৈ আমেৰিকাই এক নতুন কৌশল হাতত ল’লে ৷ ধৰ্মৰ নামত নুৰ মহম্মদ তাৰিকীৰ বিৰোধিতা কৰা লোকসকলক আমেৰিকাই উচটনি দিবলৈ আৰম্ভ কৰিলে ৷চি আই এৰ সহায়ত নুৰ মহম্মদ তাৰিকীৰ বিদেশমন্ত্ৰী হাফিজুদ্দিন আমিনকো আমেৰিকাই নিজৰ পক্ষলৈ আনিলে ৷এইবাৰ আমিনৰ জড়িয়তে নুৰ মহম্মদ তাৰিকীক মুছলমান বিদ্বেষী সজোৱাৰ গোপন প্ৰক্ৰিয়া আৰম্ভ হ’ল ৷লগতে আফগান নাগৰিকক মুজাহিদীনৰ প্ৰশিক্ষণ দিবলৈও আৰম্ভ কৰিলে ৷মুজাহিদীনক পাকিস্তানত প্ৰশিক্ষণ দিয়াৰ লগতে আমেৰিকাই অস্ত্ৰ আৰু অৰ্থৰে সহায় কৰি গ’ল ৷ একেসময়তে ধৰ্মৰ দোহাই দি তাৰিকী চৰকাৰৰ পতন ঘটাবলৈ চৌদি আৰৱকো আমেৰিকাই নিজৰ লগত ল’লে ৷ চৌদি আৰৱৰ বহুত মানুহ ছোভিয়েট ইউনিয়ন আৰু নুৰ মহম্মদ তাৰিকীৰ বিৰুদ্ধে যুঁজিবলৈ আফগানিস্তানত প্ৰৱেশ কৰিলে ৷ তাৰ মাজৰে এজন আছিল ওচামা বিন লাডেন ৷

ইফালে , আফগানিস্তানত আমেৰিকাই ছাত্ৰ- ছাত্ৰীসকলক তাৰিকীৰ বিৰুদ্ধে উচটনি দিবলৈ আৰম্ভ কৰিলে ৷ছাত্ৰ –ছাত্ৰীসকল আন্দোলনত নামি পৰিল ৷ এনে এক পৰিস্থিতি আহি পৰিল যে নুৰ মহম্মদ তাৰিকী পৰামৰ্শ বিচাৰি পৰিয়ালৰ সৈতে ছোভিয়েট ইউনিয়নলৈ গ’ল ৷ছোভিয়েট ইউনিয়নে তাৰিকীক কিছুদিনৰ বাবে আধুনিকীকৰণৰ কাম বন্ধ ৰাখিবলৈ পৰামৰ্শ দিলে ৷ লগতে জানিবলৈ দিলে যে তেওৰ বিদেশ মন্ত্ৰী হাফিজুদ্দিন আমিনে চি আই এৰ হৈ কাম কৰি আছে ৷ তেওক তৎকালে আঁতৰ কৰিব লাগে ৷

অমিনক অপসাৰণৰ খবৰ আগতীয়াকৈ দি দিলে চি আই এৰ এজেন্টে ৷ পৰিয়ালসহ নুৰ মহম্মদ তাৰিকী আফগানিস্তানলৈ  উভতি অহাৰ পাছতে আমিনে তেওলোকক হত্যা কৰি ক্ষমতা দখল কৰিলে ৷এই ঘটনাত ছোভিয়েট ইউনিয়ন খঙাল হৈ পৰিল ৷ ১৯৮৯ ৰ ২৫ ডিচেম্বৰত ছোভিয়েট ইউনিয়নে আফগানিস্তান আক্ৰমণ কৰিলে আৰু কাবুলত প্ৰৱেশ কৰি হাফিজুদ্দিন আমিনক হত্যা কৰিলে ৷

আফগানিস্তানত ৰুছ আক্ৰমণৰ পাছত আমেৰিকাৰ হাতলৈও সুযোগ আহিল ৷আমেৰিকাই পুণৰ মুজাহিদীনক ৰুছ সেনাৰ বিৰুদ্ধে  উচটাবলৈ ল’লে ৷এই কামৰ বাবে আমেৰিকাই মুজাহিদীনক সীমাহীন ধন আৰু অস্ত্ৰ- শস্ত্ৰ যোগান ধৰিলে ৷ইপিনে , ৰুছ সেনাই আফগানিস্তান আক্ৰমণ কৰিছিল যদিও দেশখনৰ জটিল ভূগোলৰ বাবে চিন্তিতও হৈ পৰিছিল ৷ দীঘলীয়া যুদ্ধৰ পাছত  এসময়ত ৰুছ সেনা নিজ দেশলৈ উভটি গ’ল ৷

ৰুছ সেনা উভতি যোৱাৰ লগে লগে মুজাহিদীনৰ নিজৰ মাজতে কন্দল আৰম্ভ হ’ল ৷ নিজৰ নিজৰ অঞ্চলত সকলোৱে পৃথক পৃথক গোট বনাই লোৱাৰ ফলত একপ্ৰকাৰ গৃহযুদ্ধৰ সূচনা হ’ল ৷ এই যুদ্ধত পৰাজিত হোৱা সৰু সৰু গোটবোৰ নোহোৱা হৈ গ’ল ৷ বিজয়ী হ’ল ছাত্ৰৰ গোটটো ৷ ছাত্ৰক আৰৱীত কোৱা হয় তালিব বুলি ৷ তালিবৰ ভিতৰত আটাইতকৈ চৰ্চালৈ অহা নামটো আছিল ওমৰ ৷ যিয়ে ৰুছ সেনাৰ লগত মুখামুখিকৈ যুঁজি এটা চকু হেৰুৱাইছিল ৷ ৰুছ সেনা উভতি যোৱাৰ পাছত তেও নিয়মীয়াকৈ মছজিদলৈ গৈ নামাজ পঢ়িবলৈ লৈছিল ৷ মানুহে তেওক চিনি পোৱা হ’ল মোল্লা ওমৰ হিচাপে ৷

মহম্মদ ওমৰ

এইজন মোল্লা ওমৰেই জন্ম দিলে তালিবানৰ ৷ যিয়ে ১৯৯৮ চনত আফগানিস্তানৰ ক্ষমতা তালিবানৰ হাতলৈ কাঢ়ি আনিছিল ৷এইজন মোল্লা ওমৰেই আছিল ওছামা বিন লাডেনৰ আতাইতকৈ ঘণিষ্ঠ বন্ধু ৷এইজন মোল্লা ওমৰৰ নামতেই আমেৰিকাই এক কৌটি টকাৰ পুৰষ্কাৰ ঘোষনা কৰিছিল ৷ তালিবানৰ জনক মোল্লা ওমৰৰ ২০১৩ চনত মৃত্যু হ’ল যদিও তালিবান জীয়াই থাকিল ৷ আজি তালিবান আকৌ এবাৰ আফগানিস্তানৰ শাসনত ৷

এয়াই হ’ল তালিবানৰ জন্মৰ কাহিনী ৷ আমেৰিকাই নিজৰ সাম্ৰাজ্য বিস্তাৰৰ বাবে ৰুছ সেনাৰ বিৰুদ্ধে যুঁজিবলৈ জন্ম দিছিল তালিবানৰ ৷ ধনে জনে তালিবানক সহায় কৰিছিল ৷পাছত সেই তালিবানক ধ্বংস কৰিবৰ বাবে খৰচ কৰিবলগীয়া ৬১ লাখ কৌটি টকা ৷ তাৰ পাছতো আমেৰিকা ব্যৰ্থ হ’ল ৷ এতিয়া তালিবানৰ হাততে  ক্ষমতা এৰি আমেৰিকা ঘৰমুৱা হ’ল ৷ এইদৰেই সাম্ৰাজ্যবাদী শক্তিসমূহে নিজৰ সাম্ৰাজ্য বিস্তাৰৰ বাবে যুগে যুগে ধৰ্মক আহিলা হিচাপে ব্যৱহাৰ কৰি আহিছে ৷ যুগ যুগ ধৰি ইয়াৰ ভুক্তভোগী হৈছে কেৱল নীৰিহ জনগণ ৷

afganistanamericamullahomarsovietuniontalibanthecrosscurrent
Comments (0)
Add Comment