দুৰ্গা পূজাক কেন্দ্ৰ কৰি উত্তপ্ত বাংলাদেশঃ ইস্কন মন্দিৰ লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তই

দুৰ্গা পূজাক কেন্দ্ৰ কৰি এতিয়া উত্তপ্ত হৈ পৰিছে বাংলাদেশ। আমাৰ হাতত আহি পৰা খবৰ অনুসৰি বাংলাদেশত বুধবাৰে দুৰ্গা পূজাৰ মণ্ডপত আক্ৰমণ কৰিছিল দুৰ্বৃত্তই। কিন্তু ইয়াৰ মাজতে খবৰ আহিছে যে বাংলাদেশৰ নোৱাখালিৰ ইস্কন মন্দিৰ লণ্ডভণ্ড কৰিছে দুৰ্বৃত্তই। বাতৰি অনুসৰি এটা বিশেষ দলে নোৱাখালিৰ ইস্কন মন্দিৰত আক্ৰমণ কৰিছিল আৰু লণ্ডভণ্ড কৰিছিল৷ আক্ৰমণকাৰীসকলে আনকি চৌহদটোত জুই জ্বলাই দিছিল৷ বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই এই ঘটনাসমূহক কেন্দ্ৰ কৰি ইতিমধ্যেই সতৰ্কবাণী জাৰি কৰিছে যে হিন্দু মন্দিৰ আৰু দুৰ্গা মণ্ডপৰ সৈতে জড়িত আক্ৰমণকাৰীসকলক কোনোপধ্যেই এৰি দিয়া নহ’ব।

Bangladeshdurgapujathecrosscurrent
Comments (0)
Add Comment