তীব্ৰ খাদ্য সংকটত আফগানিস্তানঃ আফগানী জনতাৰ বাবে হৃদয় গলিবনে আমেৰিকাৰ?

তদানীন্তন চৰকাৰক আঁতৰাই এটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনে ক্ষমতা দখল কৰাৰ পিছত এছিয়াৰ হৃদপিণ্ড খ্যাত আফগানিস্তান এতিয়া অশান্ত। বিগত ২০ বছৰত তালিবানৰ পতন আৰু আফগানিস্তানৰ পুনৰ নির্মাণৰ নামত আমেৰিকাকে ধৰি কেইবাখনো দেশে লাখ লাখ কোটি ডলাৰ ধন বিনিয়োগ কৰিছিল৷ কিন্তু তালিবানৰ পতন দূৰৰ কথা আমেৰিকা তথা পাশ্চাত্যৰ সামৰিক শক্তিৰ সন্মুখতে কট্টৰ ইছলামিষ্ট গোটটোৱে পুনৰ মূৰ দাঙি উঠিলে৷ আফগানিস্তানৰ পুনৰ নির্মাণৰ নামতো যিমান ধন ব্যয় হ’ল তাৰ সৰহ সংখ্যক পুঁজিয়েই আমেৰিকাৰ পুতলা হিচাপে ক্ষমতাত বহা চৰকাৰৰ নেতাসকলে হজম কৰাৰ অভিযোগ উঠিছে৷ কল্যাণকামী আঁচনিসমূহৰ সোৱাদ পাবলৈ সক্ষম নহল আফগানী জনতা৷ আফগানী জনতাৰ সমস্যা আমেৰিকান সেনাৰ উপস্থিতি সত্ত্বেও নাজল–নাথল হৈয়েই থাকিল৷ দেশখনত তীব্ৰ গতিত বৃদ্ধি পাইছে দৰিদ্রতাৰ হাৰ ৷ আমেৰিকা তথা বিভিন্ন আন্তর্জাতিক সংগঠনৰ উপস্থিতিত কল্যাণকামী আঁচনিসমূহ ব্যর্থ বুলি প্রতিপন্ন কৰিলে আফগানিস্তানত অভাৱনীয় হাৰত বৃদ্ধি পোৱা নিবনুৱাৰ পৰিসংখ্যাই। শেহতীয়াকৈ আফগান চৰকাৰ বা আমেৰিকা আৰু নাটো বাহিনীৰ হাতত তালিবানক পৰাভূত কৰাৰ কোনো বাস্তৱসন্মত নীতি নাছিল৷ যাৰ বাবে কট্টৰপন্থী ইছলামিক সংগঠনটোৱে অতি কম সময়ৰ ভিতৰতে পুনৰ আফগানিস্তানৰ ক্ষমতা দখল কৰিবলৈ সক্ষম হল৷ তালিবানে আফগানিস্তানৰ ক্ষমতা দখল কৰাৰ লগে লগে আমেৰিকা তথা পাশ্চাত্যৰ সেনাই দেশখনৰ পৰা প্রত্যাৱর্তন কৰিছে৷ আনকি তালিবান শাসিত আফগানিস্তানৰ সৈতে কূটনৈতিক সম্পর্ক ছেদ কৰাৰ হুংকাৰো দিছে কেইবাখনো দেশে৷ আফগানিস্তানৰ জনসাধাৰণক এক ভয়াৱহ পৰিস্থিতিৰ মাজত এৰি থৈ আমেৰিকা আৰু বিভিন্ন দেশৰ সেনাই প্রত্যাৱর্তন কৰাৰ লগে লগে উদ্বিগ্ণ হৈ পৰিছে ৰাষ্ট্রসংঘকে ধৰি আন্তর্জাতিক সংস্থাসমূহ৷ বিভিন্ন মানৱ অধিকাৰ সংস্থাই আশংকা কৰা অনুসৰি তালিবানৰ আফগানিস্তানত মহিলাসকল ভয়াৱহ সংকটৰ সন্মুখীন হ’ব৷ আনকি পুনৰ মধ্যযুগীয় অন্ধকাৰৰ পোতাশালত মহিলাসকল বন্দী হ’ব লাগিব বুলি আশংকা প্রকাশ কৰিছে বহু সংগঠনে৷ ইতিমধ্যে তালিবানে নাৰীৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰিছে৷ কর্মক্ষেত্রলৈ তালিবানৰ অনুমতি নহ’লে কোনো নাৰী আহিব নোৱাৰে৷ বিশ্ববিদ্যালয় পর্যায়লৈ নাৰী শিক্ষাত তালিবানে অনুমতি প্রদান কৰিছে যদিও পূর্বৰ স্বাধীন আফগান নাৰী এতিয়া শিক্ষানুষ্ঠানতে বোর্খা আৰু হিজাবৰ তলত বন্দী হ’বলগীয়া হৈছে৷
তালিবান পুনৰ ক্ষমতালৈ অহাৰ পাছত চীনকে ধৰি দুই–চাৰিখন দেশে দেশখনৰ আর্থিক পৰিস্থিতিৰ উন্নতিৰ বাবে সাহায্য আগবঢ়োৱাৰ প্রতিশ্রুতি দিছে৷ কিন্তু ভয়ংকৰ দুর্ভিক্ষৰ কবলত পৰা লাখ লাখ আফগান শিশু এতিয়া অপুষ্টিৰ চিকাৰ হ’বলৈ গৈ আছে৷ ৰাষ্ট্রসংঘকে ধৰি কেইবাটাও সংস্থাই সদৰী কৰা অনুসৰি আফগানিস্তানৰ ভয়াৱহ দুর্ভিক্ষৰ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ হ’লে অতি কমৰ সময়ৰ ভিতৰতে দেশখনলৈ মানৱীয় সাহায্য প্রেৰণ কৰিব লাগিব সমৃদ্ধিশালী বিশ্বই৷ কিন্তু আজিৰ মুহূর্তত আফগানিস্তানলৈ ইউৰোপ আৰু আমেৰিকাই এই ভয়াৱহ বিপর্যয়ৰ মাজত কোনো ধৰণৰ সাহায্য প্রেৰণ কৰিবলৈ ইচ্ছা প্রকাশ কৰা নাই৷ পৰিণতিত এতিয়া আফগানিস্তান দুর্ভিক্ষৰ কবলত প্রাণ হেৰুওৱা নিৰীহ জনতাৰ বধ্যভূমিত পৰিণত হোৱাৰ দিশলৈ আগবাঢ়িছে৷ এফালে যুদ্ধই দেশখনৰ জনসাধাৰণৰ স্বাভাৱিক জীৱনযাত্রা স্তব্ধ কৰি দিছিল৷ দুই দশক ধৰি চলা বোমা–ক্ষেপণাস্ত্রৰ আঘাতত আফগানিস্তান থানবান হ’ল৷ বসতি অঞ্চলসমূহ এতিয়া আৰু বসবাসৰ উপযোগী হৈ থকা নাই৷ তালিবানৰ শাসনত হিংস্রতাৰ সন্মুখীন হোৱা অভিজ্ঞতা থকা কেইবালাখো আফগান লোকে ইতিমধ্যে দেশখনৰ পৰা পলায়ন কৰিছে৷ বিভিন্ন দেশত বছৰৰ পাছত বছৰ ধৰি লাখ লাখ আফগান শৰণার্থীয়ে আশ্রয় গ্রহণ কৰি আছে৷ শৰণার্থী হিচাপে অতি সমস্যাৰ সন্মুখীন হোৱা সত্ত্বেও এই নাগৰিকসকলে আফগানিস্তানলৈ কোনোকালে উভতি নোযোৱাৰ সংকল্প লৈছে৷ ইয়াৰ মূল কাৰণেই হৈছে দেশখনৰ যুদ্ধৰ হিংস্রতা আৰু তালিবানৰ পাশৱিকতা৷ এতিয়া দৰিদ্রতা হৈ পৰিছে এই কাৰকবোৰৰ সৈতে অন্য এক ভয়াৱহ কাৰক৷ যুদ্ধৰ বিভীষিকা–তালিবানী বর্বৰতা আৰু দুর্ভিক্ষ এতিয়া আফগানিস্তানৰ জনসাধাৰণৰ সংগী হৈ পৰিছে৷ ইয়াৰ পৰা পৰিত্রাণ দিবলৈ হ’লে ৰাষ্ট্রসংঘকে ধৰি সকলো আন্তর্জাতিক সংস্থাই মানৱীয় দৃষ্টিভংগীক অগ্রাধিকাৰ দি আফগান জনতালৈ প্রেৰণ কৰিব লাগিব সাহায্য৷ কিন্তু পৰৱৰ্তী সময়ত দুৰ্ভগীয়া আফগানী জনতাৰ বাবে বিশ্বৰ মহাশক্তিধৰ দেশ আৰু সংস্থা সমূহে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে হ’ব লক্ষণীয়।

#afghanistantalibanthecrosscurrent
Comments (0)
Add Comment