কাবুলত প্ৰৱেশ কৰি কি ক’লে তালিবানে ?

অৱশেষত দেওবাৰে আফগানিস্তানৰ ৰাজধানী কাবুলত প্ৰৱেশ কৰিলে তালিবান বাহিনীয়ে ৷ তাৰ পাছতে তালিবানে ঘোষণা কৰিছে যে তেওলোকে ক্ষমতাৰ শান্তিপূৰ্ণ হস্তান্তৰ বিচাৰিছে ৷এক বিবৃতিত তালিবানে উল্লেখ কৰিছে যে তেওলোকে বন্দুকৰ বলত কাবুল দখল কৰিব বিচৰা নাই ৷ বৰং শান্তিপূৰ্ণভাৱে ক্ষমতালৈ আহিব বিচাৰিছে ৷ কাবুলৰ কালাকান , কাৰাবাঘ আৰু পাঘমান জিলাত তালিবান বাহিনী প্ৰৱেশ কৰাৰ বাতৰি পোৱা গৈছে ৷ তাৰ পূৰ্বে দেওবাৰে পুৱাই কাবুলৰ পশ্চিম সীমান্তৰ গাতে লাগি থকা মাইদান বাৰদাক প্ৰদেশৰ ৰাজধানীও তালিবানে নিজৰ দখললৈ নিয়ে ৷

 

afganistantalibanthecrosscurrent
Comments (0)
Add Comment