তালিবানৰ দেশত নৱৰাত্ৰিত হৰে ৰাম হৰে কৃষ্ণ কীৰ্তন গালে ভক্তইঃ ভাইৰেল ভিডিঅ

তালিবানৰ দেশত নৱৰাত্ৰিত হৰে ৰাম হৰে কৃষ্ণ কীৰ্তন গালে ভক্তই। ছছিয়েল মিডিয়াত ইতিমধ্যেই ভাইৰেল হৈ পৰিছে এই ভিডিঅ। খবৰ অনুসৰি আফগানিস্তানৰ আশামাই মন্দিৰত কীৰ্তন আৰু জাগৰণ অনুষ্ঠান পালন কৰা হয়।
তালিবানী ইতিহাসত প্ৰথমবাৰৰ বাবে নৱৰাত্ৰি উৎসৱৰ সাক্ষী হল আফগানিস্তানৰ ৰাজধানী কাবুল। কাবুলৰ এই অঞ্চলটোৰ গোটেই পৰিৱেশ বৰ্তমান কীৰ্ত্তনৰ ভক্তিমূলক ৰসেৰে উজ্জীৱিত হৈ পৰিছে। তেনে এক দৃশ্যই দেখা গৈছে তালিবান অধ্যুষিত দেশখনৰ ৰাজধানী চহৰত। তালিবানে আফগানিস্তান দখল কৰাৰ পিছতো হিন্দু আৰু শিখসকলে তাত নৱৰাত্ৰি এনেদৰে উদযাপন কৰিছে। এই সম্পৰ্কীয় এটা ভিডিঅই এই সত্য পোহৰলৈ আনিছে। ৰবিন্দৰ সিং ৰবিন নামৰ এগৰাকী টুইটাৰ ইউজাৰে এই ভিডিঅটো শ্বেয়াৰ কৰিছে ছচিয়েল মিডিয়াত। উল্লেখনীয় যে এই মন্দিৰ কাবুলস্থিত কৰতে পৰৱান গুৰুদ্বাৰৰ পৰা ৪-৫ কিলোমিটাৰ আঁতৰত অৱস্থিত। এখন কট্টৰ ধৰ্মকেন্দ্ৰিক দেশত আন ধৰ্মৰ অনুষ্ঠান উদযাপনে স্বাভাৱিকতে আচৰিত কৰিছে সকলোকে।

#afghanistantalibanthecrosscurrent
Comments (0)
Add Comment