ভাৰতে আফগানিস্তানক দিয়া হেলিকপ্তাৰ তালিবানৰ দখলত

আফগানিস্তানক ভাৰতে প্ৰদান কৰা চাৰিখন যুঁজাৰু হেলিকপ্তাৰৰ এখন তালিবানে দখল কৰিছে ৷ এই এম আই -২৪ হেলিকপ্তাৰখনৰ লগত ফটো উঠি তালিবানী বিদ্ৰোহীয়ে সেয়া ছোচিয়েল মেডিয়াতো শ্বেয়াৰ কৰিছে ৷২০১৯ চনত কাবুল আৰু বেলাৰুছৰ মাজত হোৱা এক চুক্তি অনুসৰি ভাৰতে চাৰিখন যুঁজাৰু হেলিকপ্তাৰ আফগানিস্তানক প্ৰদান কৰিছিল ৷ লগতে দেশখনৰ বায়ুসেনাৰ বিমানচালককো প্ৰশিক্ষণ প্ৰদান কৰিছিল ৷ বৃহস্পতিবাৰে ইয়াৰে এখন হেলিকপ্তাৰ তালিবানে দখল কৰে ৷ অৱশ্যে এই হেলিকপ্তাৰখন তালিবানে ব্যৱহাৰ কৰিব নোৱাৰিব ৷ কাৰণ , পৰাজয়ৰ সম্ভাৱণা দেখি আফগান সেনাই পূৰ্বেই হেলিকপ্তাৰখনৰ ইঞ্জিন বিকল কৰি পেলাইছে ৷ তালিবানে দখল কৰা হেলিকপ্তাৰখনৰ এটা ভিডিও ৰিলিজ কৰিছে যদিও সেনাই এতিয়ালৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷

afganistanindiatalibanthecrosscurrent
Comments (0)
Add Comment