গোৱাৰ ‘হাত’ত হাত নাই অসমৰ মুখ্যমন্ত্ৰীৰ

গোৱাৰ ‘হাত’ত হাত নাই অসমৰ মুখ্যমন্ত্ৰীৰ

যত দোষ নন্দঘোষ নহয় এইবাৰ

গোৱা কংগ্ৰেছ ভঙাত জড়িত নাই অসমৰ মুখ্যমন্ত্ৰী

কংগ্ৰেছৰ অভিযোগ নস্যাৎ কৰিছে মুখ্যমন্ত্ৰী হিমন্তই

বুধবাৰে গোৱাৰ ৮ জন বিধায়কে বিজেপিত যোগদান কৰিছিল

১১জন বিধায়কৰ ৮ জনেই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ বাবে কংগ্ৰেছে জগৰীয়া কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক

এটা ৰাষ্ট্ৰীয় টেলিভিছনত দিয়া সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় “ মোক কিয় কংগ্ৰেছে দোষাৰোপ কৰিছে নাজানো৷মই ৰাজনৈতিক উদ্দেশ্যত কেতিয়াও গোৱালৈ যোৱা নাই৷”

কংগ্ৰেছৰ বিধায়কক বিজেপিত যোগদানৰ বাবে ৩০ কোটিকৈ টকা দিয়া হৈছিল নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় “মই আচৰিত হওঁ আগদিনালৈকে কংগ্ৰেছত থকা মানুহৰ ওপৰত কেনেকৈ কংগ্ৰেছে ধন লোৱাৰ অভিযোগ দিব পাৰে?মানুহ এক ৰাতিত দুৰ্নীতিগ্ৰস্ত নহয়৷যদি তেওঁলোকে ভাৱে যে এজন বিধায়কৰ বাবে ৩০ কোটি টকা ব্যয় কৰিব পৰা মানুহ তেওঁলোকৰ দলত আছে,তেন্তে কিয় পোহপাল দি ৰাখিছিল কংগ্ৰেছে ?”

Comments (0)
Add Comment