আজি উচ্চতম ন্যায়ালয়ে হৰিদ্বাৰ আৰু দিল্লীত ১৭ আৰু ২১ ডিচেম্বৰত অনুষ্ঠিত হৈ যোৱা দুটা অনুষ্ঠানত আপত্তিজনক ভাষণ প্ৰদান কৰা অভিযুক্তৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশনা জাৰি কৰিছে ।
দিল্লীৰ বাসিন্দা কোৰবান আলি আৰু জ্যেষ্ঠ অধিবক্তা অঞ্জনা প্ৰকাসে দাখিল কৰা এই গোচৰ আগবঢ়োৱা জ্যেষ্ঠ অধিবক্তা কপিল শিবালক দেশৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনাই বিষয়টোত গুৰুত্ত্ব দিবলৈ আহ্বান জনায় ।
জ্যেষ্ঠ অধিবক্তা কপিল শিবালে অভিযোগ দাখিল হোৱাৰ পিছতো কোনো পদক্ষেপ লোৱা হোৱা নাই বুলি জানিব দিয়ে। তেখেতে জনাই যে এতিয়ালৈ এজনো অভিযুক্ত আটক হোৱা নাই ।