ভাৰতৰ লগতে অসমতো প্ৰত্যেক দিনাই কভিড` ৰোগী ধৰা পৰিছে। এইবাৰ গুৱাহাটী আই আই টিৰ শিক্ষাৰ্থী, বিষয়া, কৰ্মচাৰী, অধ্যাপকৰ দেহত ধৰা পৰিছে কভিড`-১৯। অৰ্ধশতাধিক শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে কভিড`। আক্রান্তসকলৰ অধিকাংশই বহিঃ ৰাজ্যৰ পৰা অহা শিক্ষাৰ্থী। ইতিমধ্যে ছাত্ৰ-ছাত্ৰীসকলক বাহিৰলৈ অহা-যোৱা কৰা বন্ধ কৰি দিয়া হৈছে শিক্ষা প্রতিষ্ঠানখনত। নিৰ্মাণ কৰা হৈছে কোৱাৰেণ্টাইন চেণ্টাৰ প্ৰতিষ্ঠানখনত।