‘’দেউতাই মোক ৫ হাজাৰ টকাত অৰুণাচলৰ মানুহ এঘৰত বিক্ৰী কৰি থৈ আহিছিল৷তাতে মই ঘৰুৱা কাম কৰিছিলো৷ কাপোৰ কানি ধুইছিলো,ৰন্ধা বঢ়া কৰিছিলো৷ৰাতি ৰাতি মোক মদ কিনিবলৈ পঠিয়াইছিল৷কোনোদিনেই ভালকৈ মোক শুবলৈ দিয়া হোৱা নাছিল৷ তেঁওলোকে মোক সদায় মাৰিছিল৷ ঘৰৰ সকলোয়ে মোক বিনা কাৰণত সদায় শাৰীৰিক নির্যাতন কৰিছিল৷ এদিন মই তাৰ পৰা পলাই আহিছিলো৷ বন্দী হৈ পৰিছিলো আন এটা পৰিয়ালৰ ঘৰত৷ তাতো মই সন্মুখীন হৈছিলো একেই নির্যাতনৰ৷ এদিন মোক গোটেই ৰাতি তেওলোকে বান্ধি থৈছিল৷’’
৫ হাজাৰ টকাত পিতৃয়ে বিক্ৰী কৰে কন্যাক!
এগৰাকী কিশোৰীৰ মূল্য মাত্ৰ ৫ হাজাৰ টকা! আপুনি কোনোদিন নাভাবিলেও এইখন অসমতে ঘটিছে এনে ঘটনা৷ যিগৰাকী কিশোৰীক পিতৃয়ে ৫ হাজাৰ টকাত বিক্ৰী কৰিছিল,তাই হাঁহি এটা মাৰি আমাক কৈছিল, ‘ তেতিয়া ৫ হাজাৰ টকা বহুত বেছি আছিল’৷
এয়া অৰুণাচলত প্ৰায় ১০ বছৰৰ বাবে বন্দী হৈ পৰা অসমৰ এগৰাকী কিশোৰীৰ ভাষ্য৷ ৰ’জী( নাম সলনি কৰা হৈছে)৷ বর্তমান প্ৰায় ২২ বছৰ বয়সীয়া ৰ’জীৰ তেতিয়া ৭ নে ৮ বছৰ৷ কিশোৰী ৰ’জীক দেউতাকে লৈ গৈছিল অৰুণাচললৈ৷ কোৱা নাছিল তাইক কিয় লৈ যোৱা হৈছিল অৰুণাচললৈ৷ অৰুণাচলৰ এটা পৰিয়ালৰ ঘৰত দেউতাকে ৫ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰি থৈ আহিছিল ৰ’জীক৷ বনকৰা কামত নিয়োজিত হৈ পৰা কিশোৰী ৰ’জী অৰুণাচলত বন্দী হৈ পৰিছিল প্ৰায় ১০ বছৰৰ বাবে৷ কি হৈছিল ৰ’জীৰ লগত,কেনেকৈ পিতৃয়ে ৫ হাজাৰ টকাত বিক্ৰী কৰি থৈ আহিছিল ৰ’জীক,কেনেকৈ অৰুণাচলত অমানুষিক নির্যাতনৰ বলি হৈছিল কিশোৰী ৰ’জী? ‘দ্য ক্ৰছকাৰেণ্ট’ৰ চৰজমিন অনুসন্ধানত আন এক চাঞ্চল্যকৰ কাহিনী৷
কিদৰে অৰুণাচলত বন্দী হয় অসমৰ কিশোৰী-ছোৱালী?
‘দ্য ক্ৰছকাৰেণ্ট’ৰ এক চৰজমিন অনুসন্ধানত পোহৰলৈ আহিছিল অসমৰ দৰিদ্ৰ পৰিয়ালৰ কিশোৰী অৰুণাচললৈ গৈ বনকৰা কামত নিয়োজিত হোৱাৰ এনেক চাঞ্চল্যকৰ কাহিনী৷ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল কিদৰে অসংখ্য কিশোৰী ঘৰুৱা কামত নিয়োজিত কৰিবলৈ লৈ যোৱা হৈছিল অৰুণাচললৈ৷ ইয়াৰে অনেক কিশোৰী কোনোদিন ঘূৰি নাহে অসমলৈ৷দৰিদ্ৰ পৰিয়ালৰ পিতৃ -মাতৃক দুই তিনি হাজাৰ টকা প্ৰদান কৰি প্ৰলোভন দিয়া হয়,অৰুণাচলত তেওঁ লোকৰ সন্তানক দিয়া হ’ব স্কুলীয়া শিক্ষা৷ অতি দৰিদ্ৰ পৰিয়ালৰ এইসকল লোক নিজৰ সন্তানক শিক্ষা প্ৰদানৰ বাবেও সাধাৰণতে স্বচ্ছল নহয়৷ একপ্ৰকাৰ অসহায় হৈ তেওঁলোকে নিজৰ কন্যা সন্তানক গতাই দিয়ে দালালৰ হাতত ৷ তাৰ পাছত তেওঁলোকক লৈ যোৱা হয় অৰুণাচললৈ৷ অৰুণাচলত এইসকলক কিশোৰী হৈ পৰে বনকৰা ছোৱালী৷ হয়তো আন আইনবিৰুদ্ধ কামতো নিয়োগ কৰা হয় ৷ যাৰ বাবে বহুক্ষেত্ৰত তেওঁলোক চিৰ জীৱনৰ বাবে হৈ পৰে বন্দী৷ ঘৰলৈ ঘূৰি অহাৰ আৰু কোনো সুযোগ নাপায় ৷ যদিও প্ৰথম অৱস্থাত পিতৃ- মাতৃৰে বুজাবুজিৰ জৰিয়তে শিশুক অৰুণাচললৈ লৈ যোৱা হয় , পাছলৈ কিন্তু তেওঁলোক হৈ পৰে একো একোটা ভুক্তভোগী পৰিয়াল৷ অথচ এই সমূহ কথা সাধাৰণতে মুকলিকৈ ক’ব নোখোজে ভুক্তভোগী পৰিয়ালে৷ আইনী মেৰপেচত বন্দী হৈ পৰাৰ শংকা অথবা বন্দী হৈ থকা নিজ কন্যাৰ সুৰক্ষাৰ স্বার্থতেই তেওঁলোকে গোপনে ৰাখে এনে ঘটনা৷ কিন্তু ‘দ্য ক্ৰছকাৰেণ্ট’ৰ পৰৱর্তী অনুসন্ধানত পোহৰলৈ আহিছে ইয়াতকৈ অধিক চাঞ্চল্যকৰ কাহিনী৷এই অনুসন্ধানত পোহৰলৈ আহিছে পিতৃয়ে নিজৰ কন্যাক অৰুণাচলত ৫ হাজাৰ টকাত বিক্ৰী কৰি অহাৰ কাহিনী৷ পোহৰলৈ আহিছে অৰুণাচলত চৰম নির্যাতনৰ বলি হোৱা এগৰাকী কিশোৰীৰ হৃদয় বিদাৰক কাহিনী৷
৭ বছৰ বয়সত ৰ’জীক ৫ হাজাৰ টকাত বিক্ৰী কৰিছিল পিতৃয়ে-
বর্তমান প্ৰায় ২২ বছৰ বয়সীয়া ৰ’জীৰ সৈতে আমাৰ হৈছিল প্ৰত্যক্ষ সাক্ষাৎ৷ আমি সুধিছিলো ৰ’জীক,কেনেকৈ তাই বনকৰা কামত নিয়োজিত হৈছিল অৰুণাচলত৷ ৰ’জীয়ে কৈছিল,প্ৰায় ৭ বছৰ বয়সতে পিতৃয়ে তাইক লৈ গৈছিল অৰুণাচললৈ৷ তাইক দেউতাকে কোৱা নাছিল,কিয় তাইক লৈ যোৱা হৈছিল অৰুণাচললৈ৷ অৰুণাচলৰ কোনোবা এটা পৰিয়ালৰ ঘৰত দেউতাকৰ সৈতে উপস্থিত হৈছিলগৈ ৰ’জী৷ ৰ’জীৰ মনত আছে, দেউতাকে তাইক তাত খেলিবলৈ কৈছিল৷ কনমানি ৰ’জীয়ে সমবয়সীয়া সংগী পাই খেলা ধূলা কৰি আছিল৷ তাই খেলত ব্যস্ত হৈ থকাৰ মাজত,এটা সময়ত দেউতাক নোহোৱা হৈছিল৷ দেউতাকে তাইক নোকোৱাকৈ হঠাৎ সেই স্থানৰ পৰা নোহোৱা হৈ গৈছিল৷ ৰ’জীয়ে আমাক কৈছিল, ‘মই দেখিছিলো,দেউতা লাহে লাহে তাৰ পৰা আঁতৰি গৈছিল৷মই ভাবিছিলো দেউতা ঘূৰি আহিব,কিন্তু দেউতা ঘূৰি নাহিল৷ তেনেকৈয়ে মই সেই পৰিয়ালটোৰ ঘৰত থাকি গ’লো৷ মোক ঘূৰাই নিবলৈ দেউতা কোনোদিন ঘূৰি অহা নাছিল৷ মই যিটো পৰিয়ালৰ ঘৰত আছিলো,তেওলোকেই মোক কৈছিল,দেউতাই মোক ৫ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰি থৈ গৈছে৷
অৰুণাচলত শাৰীৰিক নির্যাতনৰ বলি হৈছিল ৰ’জী
বনকৰা কামত নিয়োজিত ৰ’জী দৈনিক বলি হৈছিল শাৰীৰিক নির্যাতনৰ৷ সামান্য খুঁট উলিয়াই প্ৰতিটো দিনেই ৰ’জীৰ ওপৰত চলোৱা হৈছিল অত্যাচাৰ৷ সাধাৰণতে ঘৰৰ বাচন -বর্তন,কাপোৰ কানি ধুৱা,ৰন্ধা-বঢ়া কৰাৰ উপৰি ৰ’জীক ৰাতি ৰাতি সুৰা কিনিবলৈ পঠাইছিল গৃহস্থই৷ কিন্তু ৰন্ধা-বঢ়া কিছু বেয়া হোৱা বা অন্য তেনে কোনো সামান্য খুঁট উলিয়াই ৰ’জীক শাৰিৰীক নির্যাতন চলাইছিল গৃহস্থই৷ ৰ’জীয়ে আমাক কয়- ‘’কেৱল মালিকেই নহয়,তেওঁলোকৰ সন্তানেও দৈনিক মাৰপিট কৰিছিল মোক৷ মই আপত্তি কৰিলে কয়,মোক দেউতাই ৫ হাজাৰ টকাত বিক্ৰী কৰি গৈছে৷ তাত তেনেকৈয়ে মই প্ৰায় ৫ বছৰ থাকিলো৷ আৰু এদিন তাৰ পৰা পলাই অহাৰ চেষ্টা কৰিলো৷’’
পলাই অহা ৰ’জী আকৌ বন্দী হ’ল অৰুণাচলতেই-
অমানুষিক অত্যাচাৰৰ বলি হৈ এদিন অৰুণাচলৰ পৰা পলাই অহাৰ চিন্তা কৰিলে ৰ’জীয়ে৷ এদিন সন্ধিয়া সংগোপনে ঘৰৰ পৰা ওলাই আহি এখন অ’টো ধৰিলে ৰ’জীয়ে৷ ৰ’জীৰ প্ৰাথমিক লক্ষ্য আছিল বান্দৰদেৱা৷ কিন্তু সেই স্থানৰ পৰা বান্দৰদেৱাৰ দূৰত্ব বিশাল৷ অ’টো চালকে অস্বীকাৰ কৰিলে৷ এইবাৰ লক্ষ্যহীনভাবে আন এখন অটোত বহিলহি ৰ’জী৷ আৰু সেই অ’টোতে ৰজীয়ে লগ পালে আন এগৰাকী অৰুণাচলী মহিলা৷ সেই মহিলা গৰাকীৰ লগত কথা বতৰা হোৱাৰ পাছতেই তেখেতেই প্ৰস্তাৱ দিলে,নিজৰ ছোৱালীৰ দৰে তেওলোকে ঘৰত ৰাখিব ৰ’জীক৷ এইবাৰ ৰ’জী সেইগৰাকী মহিলাৰ লগত গুচি গ’ল আন এখন ঘৰলৈ৷ কিন্তু তাত দীর্ঘস্থায়ী নহল ৰ’জীৰ ঠিকনা৷ ৰ’জীয়ে আমাক কয়- ‘’বাইদেউজনীৰ মানুহজনৰ মোৰ ওপৰত আছিল বেয়া নজৰ৷ বাইদেউয়ে নিজেই কথাটো বুজি তেখেতৰ ভায়েকৰ সৈতে মোক পঠাই দিলে ছাগালীলৈ৷ তাতেই আছিল বাইদেউৰ ভনীয়েক এগৰাকী৷মই তেওঁলোকৰ ঘৰতেই এইবাৰ থাকিবলৈ আৰম্ভ কৰিলো’৷’
অৰুণাচলৰ পৰা কেনেকৈ অসম পালেহি ৰ’জী?
‘’বাইদেউৰ ভনীয়েকৰ ঘৰতো মই সন্মুখীন হৈছিলো শাৰীৰিক নির্যাতনৰ৷ কামত খুঁট ধৰি মোক মাৰিছিল,কথাই প্ৰতি মাৰিছিল৷ খেতিত মোক বহুত কাম কৰিবলৈ দিছিল৷ এইবাৰ তাৰ পৰা পলাই অহাৰ চিন্তা আৰম্ভ কৰিলো মই৷’’ এই ভাষ্য ৰ’জীৰ৷ ৭ বছৰ বয়সতে গুচি যোৱা ৰ’জীয়ে তেতিয়ালৈ প্ৰায় ১০ বছৰ কটাইছিল অৰুণাচলত৷ ৰ’জীয়ে পাহৰি পেলাইছিল অসমৰ নিজৰ ঘৰৰ ঠিকনা,পাহৰি পেলাইছিল পিতৃ-মাতৃৰ নাম৷ অৰুণাচলৰ ছাগালীতেই লগ পোৱা অসমৰ এজন আদিবাসী সম্প্ৰদায়ৰ যুৱকৰ সৈতে অসমলৈ পলাই অহাৰ পৰিকল্পনা কৰিলে ৰ’জীয়ে৷ যুৱকজনে ৰ’জীক কিছু টকা- পইচা আৰু নিজৰ ঘৰৰ ঠিকনা দি সহায় কৰিলে৷ অৰুণাচলৰ পৰা লখিমপুৰৰ লালুকৰ সেই যুৱকজনৰ ঘৰলৈ পলাই অহাৰ পৰিকল্পনা কৰি থাকোঁতেই এইবাৰ গৃহস্থৰ আন এটা ৰোষত পৰিল ৰ’জী৷ ‘’মই ঘৰলৈ আহিবলৈ কিছু টকা গোটাইছিলো৷যোচেফে (নাম সলনি কৰা হৈছে) মোক সহায় কৰিছিল৷ কিন্তু ঘৰৰ মালিকে মোৰ হাতত টকা দেখি মোক চোৰ সজালে৷ সিদিনা মোক বহুত মাৰিছিল৷মোৰ ওপৰত চলিছিল অমানুষিক অত্যাচাৰ৷ নিশাটো মোক বান্ধি থৈছিল তেওঁলোকে৷’’
তাৰ ঠিক কেইবাদিনৰ পাছত ৰ’জী তাৰপৰা পলাই আহিল৷ পলাই আহি অসম পালেহি ৰ’জী ৷
অসমৰ ক’ত আছিল ৰ’জীৰ ঘৰ?
ৰ’জীয়ে আমাক জনোৱা মতে তাই এজনী অসমীয়া ছোৱালী৷ কিন্তু সৰুতেই দেউতাকে অৰুণাচলত বিক্ৰী কৰি থৈ অহা ৰ’জীয়ে এতিয়া ভালদৰে ক’ব-বুজিব নোৱাৰে অসমীয়া ভাষা৷ অৰুণাচলত বহুবছৰ থাকি অহা ৰ’জীৰ যোগাযোগৰ মাধ্যম এতিয়া হিন্দী৷ ৰ’জীৰ মনত নাই অসমৰ ক’ত ঘৰ আছিল তাইৰ৷ মনত নাই কি আছিল তাইৰ পিতৃৰ নাম,কি আছিল মাতৃৰ নাম৷ অৰুণাচলৰ পৰা পলাই আহি যুৱকজনে দিয়া ঠিকনা মতেই যুৱকজনৰ ঘৰত উপস্থিত হৈছিলহি ৰ’জী৷ তেওঁলোকৰ ঘৰতেই কেইবাবছৰ ধৰি বাহৰ পাতিছিল ৰ’জীয়ে৷
ক’ত আছে এতিয়া ৰ’জী?
অৰুণাচলত বন্দী অসমৰ কিশোৰীক লৈ ‘দ্য ক্ৰছকাৰেণ্টে’ এলানি চৰজমনি তদন্ত চলাইছিল লখিমপুৰ জিলাৰ তিনিখনকৈ ভিতৰুৱা গাঁৱত৷ সেই সন্দর্ভত ইতিমধ্যে সৱিস্তাৰে প্ৰতিবেদন প্ৰকাশ পাইছে ‘দ্য ক্ৰছকাৰেণ্টত’৷ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ পৰৱর্তী অনুসন্ধানত আমি ৰ’জীক লগ পাইছিলো লখিমপুৰ জিলাৰ উত্তৰ লালুকৰ সোণাপুৰ গড়মূৰ গাঁৱত৷ সেই গাঁৱৰে চিলেষ্টিন হেৰেৰ ঘৰত এতিয়া বাহৰ পাতি আছে ৰ’জীয়ে৷
‘’ ৰ’জী বহুমাহ ধৰি আমাৰ গাঁৱতে আছিল৷ অৰুণাচলত থকা যোচেফে তাইক অসমলৈ পলুৱাই পঠাইছিল৷ সি দি পঠোৱা ঠিকনা মতেই তাই আহি সিহঁতৰ ঘৰত উপস্থিত হৈছিল৷ ইয়াৰ পাছত তাই আমাৰ গাঁৱৰে ইঘৰ সিঘৰকৈ কেইবাঘৰতো বহুদিনলৈ আশ্ৰয় লৈ আছিল৷ এদিন তাই গাওৰে এগৰাকী মহিলাৰ সৈতে আমাৰ ঘৰলৈ আহিল৷ তেতিয়া তাইক মই চমজি লৈ মাজবাটৰ এটা আশ্ৰয় শিবিৰত ৰাখিছিলোগৈ৷ ‘আছা’ৰ চিনাকি বন্ধু এজনে মোক সহায় কৰি দিছিল৷ কিন্তু এদিন তাই তাৰ পৰাও গুঢি আহিল৷ এতিয়া তাই আমাৰ ঘৰতে আছে৷ আমাৰ নিজৰ সন্তানৰ দৰে৷গাঁৱৰ মানুহ মাতি আলোচনামর্মে অনুমতি লৈ তাইক মই নিজৰ সন্তানৰ দৰে ৰাখিছো৷’’ আমাক এই ভাষ্য দিছে ৰ’জীৰ বর্তমানৰ অভিভাৱক স্বৰূপ চিলেষ্টিন হেৰেই৷
কেৱল ৰ’জীয়েই নহয়
অৰুণাচলত বন্দী অসমৰ কিশোৰীৰ উদাহৰণ কেবল ৰ’জী নহয়৷ আমাৰ পূর্বৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল অসমৰ পৰা অৰুণাচললৈ গৈ বন্দী হৈ পৰা মনৰিটা,নিবেদিতা,প্ৰণীতা,ছোনীয়া আৰু আমিনাৰ(নাম সলনি কৰা হৈছে) চাঞ্চল্যকৰ ঘটনাৰ কাহিনী৷ লখিমপুৰ উত্তৰ লালুকৰ সোণাপুৰ গড়মূৰ গাঁৱৰ ফুলমণি এক্কাৰ দুই কন্যা সন্তানক অৰুণাচললৈ নি বনকৰা কামত লগাইছিল দালালে৷ অৰুণাচলৰ পৰা ঘূৰি অহা মনৰিটাৰ কিছুদিন পাছতেই বেমাৰ পৰি মৃত্যু হৈছিল৷
অৱশ্যে সুকলমে অৰুণাচলৰ পৰা ঘূৰি আহিছিল মনৰিটাৰ ভগ্নী নিবেদিতা৷ অৰুণাচলৰ এহাল দম্পত্তীৰ ঘৰত প্ৰায় ৬ মাহৰ বাবে বনকৰা কামত নিয়োজিত হৈ পৰা নিবেদিতাক আমি সুধিছিলো,কি কাম কৰিব লাগিব অৰুণাচলত? তাই কৈছিল, ‘কাপোৰ ধোৱা,বাচন-বর্তন ধোৱা আৰু কেঁচুৱা চোৱাচিতা কৰা কাম কৰিব লাগে তেওলোকৰ ঘৰত৷’ মনৰিটা আৰু নিবেদিতাৰ দৰে অৰুণাচললৈ গৈ পলাই ঘূৰি আহিছিল কুহিয়াৰবাৰীৰ প্ৰণীতা৷ একেদৰে বাহবাৰী গাওৰ ৰঞ্জিত খাৰিয়াই আমাক কৈছিল,এজন মানুহ আহি মোৰ জীয়ৰীকো কাম কৰিবলৈ লৈ গৈছিল অৰুণাচললৈ৷ ৭ বছৰ বয়সতেই ৫ হাজাৰ টকাৰ প্ৰলোভন দি জীয়ৰীক লৈ যোৱা হৈছিল অৰুণাচললৈ৷ বিগত ১৫ বছৰে পিতৃ-মাতৃয়ে পোৱা নাই জীয়ৰীৰ খবৰ৷ নাজানে, তাই জীৱিত নে মৃত৷ ‘দ্য ক্ৰছকাৰেণ্ট’ৰ পূর্বৰ প্ৰতিবেদনতে প্ৰকাশ পাইছিল সোণাপুৰ গড়মূৰ গাঁৱৰ আন এগৰাকী কিশোৰী আমিনাৰ কথা৷যি আমিনাক অৰুণাচলৰ পাক্কে কেচাং নামৰ দুর্গম অঞ্চলত বন্দী হিচাপে দেখি অহা বুলি আমাক অৱগত কৰিছিল সেই গাঁৱৰে এজন যুৱকে৷ আমি ৰ’জীক সুধিছিলো,তুমি অৰুণাচলত অসমৰ আন কোনো কিশোৰী ছোৱালীক লগ পাইছিলা নেকি? তাই কৈছিল, ‘’আমি সাধাৰণতে বেছি দূৰলৈ ওলাব নোৱাৰো৷ কিন্তু তাৰ মাজতে তাত কাম কৰি থকা এগৰাকী আদিবাসী ছোৱালীক আমি দেখিছিলো৷ আমি জানিব পাৰিছিলো,এদিন তাইক ৫ জন ল’ৰাই দলবদ্ধ ধর্ষণ কৰিছিল৷ তাই তেতিয়াৰে পৰা মানুহৰ লগত কথা বতৰাই পাতিবলৈ এৰিছিল৷ তাইৰ বিষয়ে মই সিমানেই জানো৷’’
অৰুণাচলত কাৰ হাতত দাসত্বৰ জীৱন কটাইছিল ৰ’জীয়ে?
ৰ’জীক সুধিছিলো, তাইক অৰুণাচলৰ কাৰ ঘৰত বিক্ৰী কৰি আহিছিল পিতৃয়ে?তাইক নিত্য শাৰীৰিক অত্যাচাৰ চলোৱা সেই মানুহকেইজন কোন আছিল? তেওঁলোকৰ ঘৰ সমূহ তাই এতিয়া চিনি পাবনে? তাই কৈছিল, ‘মোৰ সিমানখিনি মনত নাই৷ কংকানালা নামৰ ঠাইখিনি মনত আছে৷ সৰু দলং এখনেৰে পাৰ হৈ সৰু টিলা এটাত আছিল মালিকৰ ঘৰ৷ মালিকৰ নাম নাজানো৷ মানুহে নাগুম বুলি মাতিছিল৷মই তেতিয়া সৰু আছিলো৷ নিজৰ ঘৰৰ ঠিকনাই পাহৰিছো৷ কিন্তু এটা দৃশ্য মোৰ আজিও মনত আছে৷ মোৰ মনত আছে,মোক খেলিবলৈ এৰি দি দেউতা কেনেকৈ লাহে লাহে মোৰ পৰা আতৰি আহিছিল৷ সেই দৃশ্য মোৰ মনত আজিও সজীৱ হৈ আছে..৷’