আজি ঘোষণা হব ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ

আজি বিয়লি ৩ বজাত  উত্তৰপ্ৰদেশ, পঞ্জাৱ, গোৱা, মণিপুৰ আৰু উত্তৰাখণ্ডত হব লগা আগন্তক বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব নিৰ্বাচনী আয়োগে। দেশত কোৰোনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে এই ৰাজ্য কেইখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। শুকুৰবাৰে আবেলি দিল্লীৰ বিজ্ঞান ভৱনত ভাৰতৰ নিৰ্বাচন আয়োগে এখন সংবাদমেল অনুষ্ঠিত কৰে। নিৰ্বাচন আয়োগে কয় যে, উত্তৰ প্ৰদেশৰ বৰ্তমানৰ বিধানসভাৰ কাৰ্যকাল মে’ মাহত সমাপ্ত হ’ব, আনহাতে আন চাৰিখন ৰাজ্যৰ বিধানসভাৰ কাৰ্যকাল মাৰ্চ মাহত সমাপ্ত হ’ব।  উল্লেখ্য যে, কোৰোনাৰ সময়ত নিৰ্বাচন অনুষ্ঠিত কৰিলে সংক্ৰমণ বৃদ্ধি পোৱা-নোপোৱাক লৈ নিৰ্বাচন আয়োগ আৰু স্বাস্থ্য মন্ত্ৰণালয়ৰ শীৰ্ষ বিষয়াই এক বৈঠকত বহে। বৈঠকত এই কথাও চৰ্চা কৰে যে, নিৰ্বাচনী কৰ্মীসকলে আৰু ভোটাৰ সকলে যাতে দুয়োপালি ভেকচিন গ্ৰহণ কৰিহে আহে।

#5state#date#election2022#release#thecrosscurret
Comments (0)
Add Comment